নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পঞ্চায়ত– গ্রামোন্নয়নৰ ৰূপায়িত আঁচনিৰ পর্যালোচনা মুখ্যমন্ত্রী ড০ শর্মাৰ

নিয়মীয়া বাৰ্তা ৭ জুনঃ  মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাহ দেওবাৰে জনতা ভৱনস্থিত কার্যালয়ৰ সভাকক্ষত পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ দ্বাৰা ৰূপায়িত বিভিন্ন আঁচনিৰ বিতং পর্যালোচনা কৰে৷ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ মন্ত্রী ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত মুখ্যমন্ত্রী ড০ শর্মাই এমজি এনৰেগা, প্রধানমন্ত্রী আৱাস যোজনা, বিভাগৰ দ্বাৰা ৰূপায়িত বিভিন্ন সামাজিক সাহায্য আঁচনি, অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানকে ধৰি আন কেইবাখনো আঁচনিৰ পর্যালোচনা কৰে৷

মুখ্যমন্ত্রী ড০ শর্মাই পর্যালোচনা কালত এমজি এনৰেগা আঁচনিৰ জৰিয়তে সামাজিক সম্পদ সৃষ্টিৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে৷ এই উদ্দেশ্যে মুখ্যমন্ত্রী ড০ শর্মাই বিভাগক এমজি এনৰেগাৰ অধীনত ৰূপায়ণ কৰাৰ বাবে বার্ষিক কর্ম আঁচনি প্রস্তুত কৰিবলৈ নির্দেশ দিয়ে৷ লগতে চাহ বাগানৰ শ্রমিকসকলকো এই আঁচনিৰ অন্তর্ভুক্ত কৰাৰ পোষকতা কৰি মুখ্যমন্ত্রীয়ে বিভাগক উপযুক্ত নীতি–নির্দেশনা প্রস্তুত কৰিবলৈ নির্দেশ দিয়ে৷ এমজি এনৰেগা আঁচনিৰ ধনৰ ফলপ্রসূ ব্যৱহাৰৰ জৰিয়তে মধ্যভোগীৰাজৰ সমাপ্তি ঘটোৱাৰ দিশত প্রয়োজনীয় পদক্ষেপ ল’বলৈও মুখ্যমন্ত্রীয়ে বিভাগক কয়৷ খণ্ড উন্নয়ন বিষয়া কার্যালয়ৰ গুণগত পৰিৱর্তন সাধনৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্রী ড০ শর্মাই এই কার্যালয়ৰ অধীনত ৰূপায়িত আঁচনিসমূহ যাতে মানসম্পন্ন হয়, তাৰ বাবে অসামৰিক সেৱাৰ বিষয়াক গুৰুত্বপূর্ণ দায়িত্বত ন্যস্ত কৰিবলৈ নির্দেশ দিয়ে৷

তদুপৰি, বহু বিষয়াই দীর্ঘদিন ধৰি একে স্থানতে কার্যনির্বাহ কৰি থকাৰ প্রসংগ উত্থাপন কৰি মুখ্যমন্ত্রী ড০ শর্মাই খণ্ড উন্নয়ন বিষয়া, গাঁও পঞ্চায়তৰ সচিবকে ধৰি যিসকলে তিনি বছৰতকৈ অধিককাল একে স্থানতে কার্যনির্বাহ কৰি আছে, তেওঁলোকক শীঘ্রে আন জিলালৈ বদলি কৰিবলৈ নির্দেশ দিয়ে৷ প্রধানমন্ত্রী আৱাস যোজনা আঁচনিৰ অধীনত নির্মীয়মাণ গৃহসমূহ শীঘ্রে সমাপ্ত কৰিবলৈ মুখ্যমন্ত্রী ড০ শর্মাই বিভাগক নির্দেশ দিয়ে৷

কেন্দ্রীয় চৰকাৰৰ পৰা নতুনকৈ আবণ্টন লাভ কৰিবলগীয়া গৃহসমূহৰ জৰীপৰ ক্ষেত্রত কোনোধৰণৰ যাতে আসোঁৱাহ নাথাকে, সেয়া নিশ্চিত কৰিবলৈও মুখ্যমন্ত্রী শর্মাই নির্দেশ দিয়ে যাতে কেৱল যোগ্য পৰিয়ালেহে এই গৃহ লাভ কৰিব পাৰে৷ মুখ্যমন্ত্রীয়ে বিভাগৰ বিষয়াসকলক নির্মীয়মাণ গৃহসমূহৰ চৰজমিন নিৰীক্ষণৰ লগতে উপায়ুক্তসকলৰ সৈতে বার্তালাপৰ মাধ্যমেৰে নির্মাণকার্য খৰতকীয়া কৰিবলৈ নির্দেশ দিয়ে৷

You might also like