নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রহ্মপুত্রৰ পাৰত প্লাহউডৰ উপযোগী উদ্ভিদৰ খেতি কৰাৰ নির্দেশ ড০ শর্মাৰ

নিয়মীয়া বাৰ্তা ৭ জুনঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দেওবাৰে জনতা ভৱনস্থিত নিজ কার্যালয়ৰ সভাকক্ষত আয়োজিত এখন বৈঠকত উদ্যোগ আৰু বাণিজ্য বিভাগৰ কাম–কাজৰ পর্যালোচনা কৰে৷ ৰাজ্যখনৰ ঔদ্যোগিক দৃশ্যপটক অধিক উজ্জীৱিত কৰি তোলাৰ বাবে অনতিপলমে কেতবোৰ সক্রিয় পদক্ষেপ গ্রহণৰ বাবে তেওঁ বিভাগটোৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীক পৰামর্শ আগবঢ়ায়৷

বিভাগটোৰ দ্বাৰা ৰূপায়িত বিভিন্ন আঁচনিৰ পর্যালোচনা কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদনৰ ৩৯ শতাংশ অৰিহণা আগবঢ়োৱা উদ্যোগ খণ্ডক এক নতুন গতি প্রদান কৰাৰ বাবে ষ্টার্টআপ, ইজ অৱ ডুইং বিজনেছ আদিৰ দৰে বিশেষ ক্ষেত্রসমূহত অধিক গুৰুত্ব আৰোপ কৰিব লাগিব৷

ৰাজ্যৰ উদ্যোগীসকলৰ আস্থা আৰু মনোবল শক্তিশালী কৰি তোলাৰ বাবে বিভাগটোৱে উপযুক্ত পদক্ষেপ গ্রহণ কৰিব লাগিব৷ উত্তৰ–পূব ঔদ্যোগিক উন্নয়ন আঁচনিৰ অধীনত বিভিন্ন প্রকল্প গ্রহণৰ বাবে আগ্রহীসকলে দাখিল কৰা প্রস্তাৱসমূহ অতিশীঘ্রে নিষ্পত্তিৰ ব্যৱস্থা কৰিবলৈ উদ্যোগ আৰু বাণিজ্য বিভাগৰ প্রধান সচিব কে কে দ্বিবেদীক মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে৷

আনহাতে, ৰাজ্যখনত সাঁচি, চন্দন আদিৰ দৰে মূল্যৱান গছৰ বাণিজ্যিক বৃক্ষৰোপণ অভিযান আকাৰে আৰম্ভ কৰাৰ বাবে এক বিস্তৃত পৰিকল্পনা গ্রহণৰো পোষকতা কৰি কার্বি আংলং আৰু ডিমা হাছাও জিলাত ডপলব্ধ বিশাল ভূমিখণ্ডক এহ গছসমূহৰ বাণিজ্যিক খেতিৰ বাবে উপযুক্ত স্থান হিচাপে ব্যৱহাৰ কৰিবলৈও তেওঁ উদ্যোগ আৰু বাণিজ্য বিভাগক পৰামর্শ আগবঢ়ায়৷

আনহাতে, প্লাহউড তৈয়াৰ কৰাৰ বাবে ব্রহ্মপুত্রৰ দুয়োপাৰে প্রয়োজনীয় গছৰ খেতি কৰাৰ পদক্ষেপ ল’বলৈও তেওঁ বিভাগটোক নির্দেশ দিয়ে৷

You might also like