নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্ৰীৰ সকীয়নিত শিলচৰৰ পথত থকা গাঁতত লাগিল বেৰিকেড-ৰঙা পতাকা

নিয়মীয়া বাৰ্তা, ১৪ জুন : ২৪ ঘন্টাৰ ভিতৰতে শিলচৰৰ গাঁতসমূহ পোতাৰ লগতে বেৰিকেড আৰু ৰঙা পতকা উৰিল। “দুদিনৰ ভিতৰত সকলো গাঁত পোতক আৰু য’ত কাম চলি আছে তাত বাঁহৰ বেৰিকেড দি ৰঙা ফ্লেগ লগাওক। ৰাজ্যত যাতে পুনৰ তৃতীয় এটা ঘটনা নহয়। সকলো বিষয়াকে কৈছো গাঁত যদি থাকে মই এছপিক যি একচন ল’ব লাগে কৈ দিম। কাৰণ এইটো কেতিয়াও গ্ৰহণযোগ্য নহয়”। তিনিদিন আগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনৰ পৰা ভিডিও কনফাৰেন্সৰ যোগেদি ৰাজ্যৰ উপায়ুক্ত সকলৰ উদ্দেশ্যে এনে সকীয়নী দিছিল। মুখ্যমন্ত্ৰীৰ এনে সকীয়নী পোৱাৰ  পিছদিনাই কাছাৰ জিলাৰ উপায়ুক্ত ৰোহন কুমাৰ ঝাঁ তৎপৰ হয়। ৰাতিৰ ভিতৰতে চহৰখনৰ পথঘাটৰ গাত পোতাৰ লগতে নলাৰ কাষত বেৰিকেড আৰু ৰঙা পতকা লগোৱা হয়।  শিলচৰ চহৰৰ খোৱা পানীৰ যোগান বৃদ্ধিৰ বাবে ২০০ কোটি টকাৰ অম্রুত আঁচনি, শিলচৰ পুৰসভাৰ ফুটপাত নিৰ্মাণ সহ ব্যক্তিগত খণ্ডৰ  পাইপৰ বাবে নলা খনন কৰা হৈছিল। যোৱা ‌দেৰ বছৰৰ পূৰ্বে ৰাজ্যৰ নগৰোন্নয়ন‌ মন্ত্ৰী অশোক সিংঘলে  শিলচৰত অম্ৰুত আঁচনিৰ নিমাৰ্ণ কাম-কাজৰ উদ্বোধন কৰিছিল। ইয়াৰ পিছতেই  শিলচৰ চহৰত অম্রুত আঁচনিৰ পাইপ বহুৱাৰ বাবে নলা খননৰ লগতে পুৰসভাৰ ফুটপাত নিৰ্মাণৰ বাবে গাত খন্দা হয়।  ইয়াৰ ফলতে চহৰখনৰ পথঘাটৰ অৱস্থা শোচনীয় হৈ পৰিছে।  চহৰখনৰ য’তে ত’তে পথঘাট খননৰ ফলত সাধাৰণ নাগৰিকৰ যাতায়তৰ চৰম অসুবিধাৰ সৃষ্টি হয়। তদুপৰি পাইপৰ নলা খননৰ ফলত চহৰখনত তীব্ৰ যানজটৰ সৃষ্টি হৈছে। নলা খননৰ বাবে বহুতো সৰু ডাঙৰ দুৰ্ঘটনা সংঘটিত হয়। সাধাৰণ নাগৰিকে এই সন্দৰ্ভত জিলা প্ৰশাসনক ব্যৱস্থা লোৱাৰ বাবে কেইবাবাৰো আবেদন জনাইছিল যদিও প্ৰশাসনে বিশেষ গুৰুত্ব দিয়া নাছিল। বিশেষকৈ চহৰখনৰ সদৰঘাট,চেন্ট্ৰাল ৰ’ড,প্ৰেমতলা আৰু অম্বিকাপট্টি এলেকাৰ পথৰ নলা বিপদজ্জনক হৈ পৰিছিল। অৱশ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভিডিও কনফাৰেন্সৰ যোগেদি বিষয়টো আঙুলিয়াই দিয়াৰ পিছত উপায়ুক্তই তৎপৰ হোৱা পৰিলক্ষিত হৈছে। বৰ্তমান চহৰখনৰ খনন কৰা গাত আৰু নলাত বেৰিকেড দিয়া হৈছে আৰু ৰঙা পতকা লগোৱা হৈছে। ইপিনে, গাত সমূহ পোতাৰ লগতে বেৰিকেড  আৰু ৰঙা পতকা লগোৱাৰ পিছত নাগৰিকে তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় । তেওঁলোকৰ মতে, ‘চোৰ গ’লে বুদ্ধি ওলাল’ অৱস্থা কাছাৰ জিলা প্ৰশাসনৰ।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like