এয়া অসমীয়া জাতিৰ এক অপূৰণীয় ক্ষতিঃ ড০ শর্মা
ড০ লক্ষ্মীনন্দন বৰাৰ বিয়োগত ৰাজ্যপাল–মুখ্যমন্ত্ৰীৰ শোক
বিশিষ্ট সাহিত্যিক, সৰস্বতী বঁটাপ্রাপক ড০ লক্ষ্মীনন্দন বৰাৰ বিয়োগত ৰাজ্যজুৰি গভীৰ শোকৰ ছাঁ পৰিছে৷ ৰাজ্যপাল জগদীশ মুখী, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া, উপ–সভাপতি মৃণালিনী দেৱীকে ধৰি ৰাজ্যৰ দল–সংগঠনে ড০ বৰাৰ বিয়োগত গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷ এক শোকপার্তাত ৰাজ্যপাল জগদীশ মুখীয়ে কয় যে ড০ লক্ষ্মীনন্দন বৰাৰ সৃষ্টিৰাজি অসমৰ নৱপ্রজন্মৰ বাবে অনুপ্রেৰণাৰ উৎস হৈ থাকিব৷
ড০ বৰাৰ বিয়োগৰ লগে লগে অসমৰ সাহিত্য জগতৰ এক সোণালী অধ্যায়ৰ সামৰণি পৰিল বুলি উল্লেখ কৰি ৰাজ্যপালে কয়– ‘বিশিষ্ট সাহিত্যিক ড০ বৰাৰ বিয়োগত মই মর্মাহত হৈছোঁ৷ অসমৰ চহকী সমাজ আৰু সাংস্কৃতিক ক্ষেত্রখন তেওঁৰ দৃষ্টিত প্রতিফলিত হৈছিল৷’ ইফালে ড০ লক্ষ্মীনন্দন বৰাৰ বিয়োগত শোক প্রকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ এক শোকবার্তাত ড০ বৰাৰ বিয়োগ অসমৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলি প্রকাশ কৰি মুখ্যমন্ত্রীগৰাকয়ে কয়– ‘অপূর্ব কথনশৈলীৰে জনজীৱনক গভীৰভাৱে চুই যোৱা বিৰল প্রতিভাধৰ সাহিত্যিক লক্ষ্মীনন্দন বৰাৰ পৰলোকপ্রাপ্তিত ৰাজ্যৰ সাহিত্য জগতৰ এক বর্ণিল অধ্যায়ৰ পৰিসমাপ্তি জটিল৷’
ইফালে বিশিষ্ট সাহিত্যিকগৰাকীৰ বিয়োগত গভীৰ শোক প্রকাশ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি তথা কেবিনেট মন্ত্রী ৰঞ্জিত কুমাৰ দাসে৷ এক শোকবার্তাত দাসে কয়– ‘সাহিত্য অকাডেমি বঁটা, সৰস্বতী আদি সন্মানেৰে বিভূষিত বিশিষ্ট গল্পকাৰ বৰাই পাতাল ভৈৰৱী, গঙা চিলনীৰ পাখি আদিকে ধৰি অন্যান্য সৃষ্টিৰাজিৰে অসমীয়া সাহিত্যলৈ আগবঢ়োৱা বৰঙণিৰ বাবে অসমবাসীয়ে সদায় মনত ৰাখিব৷’ আনহাতে ড০ বৰাৰ বিয়োগত শোক প্রকাশ কৰিছে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই৷ এক শোকবার্তাত সভাপতি শইকীয়াই কয় যে অসমৰ সমাজ জীৱনৰ পৰা সাহিত্যৰ জগতলৈ আগবঢ়োৱা ড০ বৰাৰ অৱদান চিৰনমস্য হৈ থাকিব৷
ইপিনে অসম সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱীয়ে ড০ বৰাৰ বিয়োগত শোক প্রকাশ কৰি কয়– ‘অসম সাহিত্য সভাৰ বোকাখাত অধিৱেশনৰ সভাপতি, বিশিষ্ট সাহিত্যিক, পদ্মশ্রী বঁটাৰে বিভূষিত ড০ লক্ষ্মীনন্দন বৰাৰ বিয়োগত মর্মাহত হৈছোঁ৷ প্রথিতযশা সাহিত্যিক ড০ লক্ষ্মীনন্দন বৰাৰ পৰলোকপ্রাপ্তিত ৰাজ্যৰ সাহিত্য জগতত এক সোণালী অধ্যায়ৰ সামৰণি পৰিল৷’
বিশিষ্ট সাহিত্যিকগৰাকীৰ বিয়োগত শোক প্রকাশ কৰিছে নামনি অসম বাতৰিকাকত পৰিৱেশক সন্থাই৷ সদৌ অসম কর্মচাৰী পৰিষদ, আৰ জি বৰুৱা স্মৃতি ৰক্ষা সমিতি, অসম প্রদেশ কংগ্রেছ কমিটীৰ সভাপতি ৰিপুণ বৰা, মন্ত্রী অজন্তা নেওগ, বিৰোধী দলপতি দেৱব্রত শইকীয়ায়ো গভীৰ শোক প্রকাশ কৰিছে৷ ড০ বৰাৰ বিয়োগত শোক প্রকাশ কৰিছে বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৱে৷ এক শোকবার্তাত বড়ো সাহিত্য সভাই কয় যে ড০ বৰাৰ বিয়োগত অসমে এগৰাকী বিদগ্ধ পণ্ডিতক হেৰুৱালে৷ তেওঁৰ বিয়োগত শোক প্রকাশ কৰিছে নগঞা মেলে৷ এক শোকবার্তাত নগঞা মেলৰ কার্যকৰী সভাপতি সূর্য কুমাৰ বৰুৱা, সাধাৰণ সম্পাদক হীৰেন শর্মাই কয় যে ড০ বৰাৰ বিয়োগ এক অপূৰণীয় ক্ষতি৷
ড০ লক্ষ্মীনন্দন বৰাৰ মৃত্যুত আছুৰ শোকঃ অসমৰ এগৰাকী যশস্বী সাহিত্যিক, ঔপন্যাসিক, শিক্ষাবিদ পদ্মশ্রী ড০ লক্ষ্মীনন্দন বৰাৰ মৃত্যুত সদৌ অসম ছাত্র সন্থাই গভীৰ শোক প্রকাশ কৰিছে৷ এক বিবৃতিত ছাত্র সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই শোকসন্তপ্ত পৰিয়ালবর্গলৈ গভীৰ সমবেদনা প্রকাশ কৰি কয়– ‘ড০ লক্ষ্মীনন্দন বৰাৰ মৃত্যু অসমৰ জাতীয় জীৱন আৰু সাহিত্য জগতলৈ এক অপূৰণীয় ক্ষতি৷ কলমেৰে কায়কল্পৰ জৰিয়তে অমৰত্ব গঢ়াৰ সঞ্জীৱনী সুধা আমাক পান কৰোৱাই তেওঁ নিজেই গতি কৰিলে অনন্ত ধামলৈ৷ তেওঁৰ অনুপম সৃষ্টিয়ে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰাৰ লগতে উত্তৰ পুৰুষক মৌলিক সাহিত্যৰ সৃষ্টিৰ বাবে অনুপ্রাণিত কৰিব৷ জাতিয়ে তেওঁৰ অমূল্য অৱদান শ্রদ্ধাৰে সুঁৱৰিব৷’
জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ শোক ঃ ড০ লক্ষ্মীনন্দন বৰাৰ মৃত্যুত অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে গভীৰ শোক প্রকাশ কৰে৷ অসমীয়া ভাষা–সাহিত্যৰ জগতখনলৈ তেওঁ আগবঢ়োৱা অনবদ্য অৱদানৰ কাৰণে এইগৰাকী বৰেণ্য ব্যক্তি চিৰজ্যোতিষ্মান হৈ ৰ’ব৷
অসম প্রকাশন পৰিষদৰ শোক ঃ অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি, পুৰোধা সাহিত্যিক ড০ লক্ষ্মীনন্দন বৰাৰ বিয়োগত অসম প্রকাশন পৰিষদে গভীৰ শোক প্রকাশ কৰিছে৷ আজি প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই এক বিজ্ঞপ্তিৰ জৰিয়তে ড০ লক্ষ্মীনন্দন বৰাক স্মৰণ কৰি কয় যে অসম প্রকাশন পৰিষদৰ জীৱনজোৰা সাধনা বঁটাকে ধৰি বিভিন্ন আদৰ–সন্মান লাভ কৰা ড০ লক্ষ্মীনন্দন বৰাৰ দৰে এগৰাকী প্রথিতযশা সাহিত্যিক তথা পৰিষদৰ শুভাকাংক্ষীৰ বিয়োগত অসম প্রকাশন পৰিষদ আজি অতিশয় মর্মাহত৷
কৃষক মুক্তি সংগ্রাম সমিতিৰ গভীৰ শোক প্রকাশ ঃ পদ্মশ্রী ড০ লক্ষ্মীনন্দন বৰাদেৱৰ বিয়োগত শোক প্রকাশ কৰে কৃষক মুক্তি সংগ্রাম সমিতিয়ে৷ এক প্রেছ বিবৃতিৰ জৰিয়তে কৃষক মুক্তি সংগ্রাম সমিতিৰ সভাপতি ৰাজু বৰা, সাধাৰণ সম্পাদক ধৈর্য কোঁৱৰ আৰু মুকুট ডেকাই কয়– শ্রদ্ধাৰ ড০ লক্ষ্মীনন্দন বৰা অসমৰ জাতীয় জীৱনৰ এগৰাকী মহীৰূহ আছিল৷ অসমীয়া সাহিত্য জগতৰ বাবে তেওঁৰ মৃত্যু এক অপূৰণীয় ক্ষতি৷
কটন এলামনাই এছ’চিয়েচনৰ শোক ঃ কটন এলামনাই এছ’চিয়েচনৰ সভাপতি ড০ সত্যেন্দ্র কুমাৰ চৌধুৰী, সাধাৰণ সম্পাদক জগদীশ দত্ত আৰু এপোকাছৰ সভাপতি গংগাপদ চৌধুৰীয়ে এক প্রেছ বিজ্ঞপ্তিযোগে কয়– অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ যোৱা, অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি, বিশিষ্ট কথা সাহিত্যিক, ঔপন্যাসিক, সাহিত্য অকাডেমি বঁটা বিজয়ী, বৌদ্ধিক জগতৰ অন্যতম কাণ্ডাৰী, অধ্যাপক, পদ্মশ্রী, শেষ মুহূর্তলৈ গৰীয়সীৰ সম্পাদক হিচাপে কর্মৰত, প্রাক্তন কটনিয়ানগৰাকীও ক’ভিডৰ চিকাৰ হ’বলগীয়া হ’ল৷
প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা–তত্ত্বাৱধায়ক জিতেন্দ্র সিঙৰ শোক প্রকাশ ঃ বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ড০ লক্ষ্মীনন্দন বৰাৰ মৃত্যুত অসম প্রদেশ কংগ্রেছ কমিটীৰ হৈ গভীৰ শোক প্রকাশ কৰিছে সভাপতি ৰিপুণ বৰা আৰু তত্ত্বাৱধায়ক জিতেন্দ্র সিঙে৷ সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এক বিবৃতিত প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই কয়– ‘ড০ লক্ষ্মীনন্দন বৰাদেৱ আছিল এগৰাকী আজন্ম প্রতিভাধৰ সাহিত্যিক৷ অভিনৱ বিষয়বস্তু আৰু অপূর্ব কথনশৈলীৰে অসমীয়া সাহিত্যক অনন্য মাত্র প্রদান কৰা ড০ লক্ষ্মীনন্দন বৰাদেৱৰ মৃত্যু সাহিত্য জগতৰ লগতে অসমৰ সমাজ জীৱনৰ বাবেও এক অপূৰণীয় ক্ষতি৷ ’
সদৌ অসম সাংবাদিক সন্থাৰ শোক প্রকাশ ঃ অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি প্রসিদ্ধ গল্পকাৰ, প্রথিতযশা ঔপন্যাসিক, বিশিষ্ট সাংবাদিক ড০ লক্ষ্মীনন্দন বৰাৰ মৃত্যুত সদৌ অসম সাংবাদিক সন্থা (আজু)ই গভীৰ শোক প্রকাশ কৰে৷ সদৌ অসম সাংবাদিক সন্থা চমুকৈ ‘আজু’ৰ সভাপতি পংকজ কুমাৰ নাথ আৰু সাধৰণ সম্পাদক নকুল তালুকদাৰে কাকতলৈ প্রেৰণ কৰা এক প্রেছ বিবৃতিযোগে মহীৰূহ ড০ লক্ষ্মীনন্দন বৰাদেৱৰ মহাপ্রয়াণে অসমৰ সাহিত্য ক্ষেত্রৰ লগতে সংবাদ ক্ষেত্র তথা বৌদ্ধিক জগতত এক অপূৰণীয় ক্ষতি কৰে৷
ৰাইজৰ দলৰ শোকঃ ড০ লক্ষ্মীনন্দন বৰাৰ মহাপ্রয়াণত মর্মাহত হৈছে ৰাইজৰ দল৷ এক শোকবার্তাত দলৰ কার্যকৰী সভাপতি ভাস্কো ডি শইকীয়া, কবীন্দ্র চেতিয়া ফুকন আৰু জিতুল ডেকাই উল্লেখ কৰে যে তেওঁৰ অসমৰ সমাজ জীৱনলৈ অৱদান চিৰস্মৰণীয় হৈ ৰ’ব৷
সাংসদ অজিত ভূঞাৰ শোকঃবিশিষ্ট সাহিত্যিক ড০ লক্ষ্মীনন্দন বৰাৰ মহাপ্রয়াণত গভীৰ শোক প্রকাশ কৰিছে সাংসদ অজিত ভূঞাই৷ এক শোকবার্তাত কয়– ‘অসমৰ সাহিত্যৰ ভঁৰাল চহকী কৰাৰ লগতে আমাৰ সমাজ জীৱনক অনন্য মাত্রা প্রদান কৰিছে৷ গঙা চিলনীৰ পাখিৰ পৰা কায়কল্পলৈকে তেওঁৰ উপন্যাসৰাজিত অসমৰ মানুহৰ কেইবাশতিকাজোৰা আশা–প্রত্যাশা, প্রাপ্তি–প্রাপ্তিৰ লগতে সামাজিক উত্তৰণৰ নিৰন্তৰ প্রয়াসৰ ৰূপ প্রতিফলিত হৈছে৷ অসম মাতৃৰ এইগৰাকী মহান সন্তানৰ মহাপ্রয়াণ ৰাজ্য তথা দেশৰ সাহিত্য ক্ষেত্র আৰু জাতীয় জীৱনৰ অপূৰণীয় ক্ষতি৷’
সংখ্যালঘু ছাত্র ইউনিয়নৰ শোকঃ ড০ লক্ষ্মীনন্দন বৰাৰ বিয়োগত সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়নৰ (আমছু) পৰিয়ালবর্গৰ সৈ সভাপতি ৰেজাউল কৰিম সৰকাৰ, সাধাৰণ সম্পাদক মিন্নাতুল ইছলাম, ইমতিয়াজ হুছেইনে শোক প্রকাশ কৰিছে৷ এনাজৰীৰ শোক প্রকাশ ঃ
ড০ লক্ষ্মীনন্দন বৰাৰ বিয়োগত অগ্রণী সামাজিক–সাংস্কৃতিক সংস্থা এনাজৰীৰ সভাপতি জয়ন্ত হাজৰিকা আৰু সাধাৰণ সম্পাদক অলকেশ ৰঞ্জন ভট্টাচার্যই গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷
অখিল ভাৰতীয় সাহিত্য পৰিষদৰ শোকঃ প্রথিতযশা কথা সাহিত্যিক, অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি, অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ প্রাক্তন উপদেষ্টা, সৰস্বতী বঁটাপ্রাপক ড০ লক্ষ্মীনন্দন বৰাৰ মৃত্যুত অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ সভাপতি ধীৰেন শর্মা আৰু সচিবপ্রধান কমল কলিতাই গভীৰ শোক প্রকাশ কৰে৷
শ্রীশ্রীনাচনীপাৰ সত্রৰ সত্রাধিকাৰৰ শোকঃ ড০ লক্ষ্মীনন্দন বৰাৰ প্রয়াণে লখিমপুৰ জিলাস্থিত শ্রীশ্রীনাচনীপাৰ সত্রত এক গভীৰ শোকৰ ছাঁ পেলায়৷ অসমীয়া সাহিত্য–সংস্কৃতিৰ ভঁৰাল চহকী কৰা ড০ বৰাৰ মৃত্যুৱে অসমীয়া জাতিক অভিভাৱকহীন কৰিলে বুলি মন্তব্য প্রদান কৰে সত্রাধিকাৰ মোহন চন্দ্র গোস্বামীয়ে৷
সদৌ অসম শিল্পী সমাজ, অৰণ্য সুৰক্ষা সমিতি, ড০ ভূপেন হাজৰিকা ফাউণ্ডেচনৰ শোক প্রকাশ ঃ অসমীয়া ভাষা–সাহিত্যৰ অন্যতম স্তম্ভ, সাহিত্যিক, শিক্ষাবিদ, বিজ্ঞানী ড০ লক্ষ্মীনন্দন বৰাৰ বিয়োগত গভীৰ শোক প্রকাশ কৰিছে সদৌ অসম শিল্পী সমাজে৷ ইপিনে প্রকৃতি সংগঠন অৰণ্য সুৰক্ষা সমিতি, অসমেও বিবৃতিযোগে সাহিত্যিক–বিজ্ঞানী পদ্মশ্রী লক্ষ্মীনন্দন বৰাৰ বিয়োগত গভীৰ শোক প্রকাশ কৰে৷ সমিতিৰ উপদেষ্টা দীপক কুমাৰ দাস, সচিবপ্রধান ড০ হৰিচৰণ দাস আৰু যুটীয়া সচিব নিতুল শিৱনাথ, ড০ ভূপেন হাজৰিকা ফাউণ্ডেচন আৰু প্রাগজ্যোতি কমিউনিকেচনৰ সচিব আৰু অধ্যক্ষ দীপাংক হাজৰিকাই ড০ বৰাৰ বিয়োগত গভীৰ শোক প্রকাশ কৰে৷
ডিভাইন হেণ্ড ৱেলফেয়াৰ অর্গেনাইজেচনৰ শোক প্রকাশঃ ড০ লক্ষ্মীনন্দন বৰাৰ মহাপ্রয়াণত ডিভাইন হেণ্ড ৱেলফেয়াৰ অর্গেনাইজেচনে গভীৰ শোক প্রকাশ কৰে৷
শোকস্তব্ধ গৃহভূমি নগাঁওঃ বিশেষ বার্তা, নগাঁওঃ অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি, বিশিষ্ট সাহিত্যিক ড০ লক্ষ্মীনন্দন বৰাৰ বিয়োগত শোকস্তব্ধ হৈ পৰিছে তেওঁৰ জন্মভূমি নগাঁও৷ স্মর্তব্য যে বিশিষ্ট সাহিত্যিক ড০ লক্ষ্মীনন্দন বৰাৰ জন্ম হৈছিল ১৯৩২ চনৰ পহিলা মার্চত নগাঁও জিলাৰ হাতীচোং কুজিডাঁহ গাঁৱত৷ হাতীচোঙতে প্রাথমিক বিদ্যালয়ৰ শিক্ষা সাং কৰি তেওঁ হাইস্কুলীয়া শিক্ষা বেবেজীয়াৰ পণ্ডিত কনক চন্দ্র শর্মা হাইস্কুলত আৰম্ভ কৰে যদিও পিছলৈ অর্থাৎ নৱম শ্রেণীত নগাঁও চৰকাৰী বালক হাইস্কুলত নামভর্তি কৰি অধ্যয়ন কৰে৷ বিদ্যালয়খনত তেওঁ ১৯৪৬ৰ পৰা ১৯৪৮লৈকে পঢ়িছিল৷ তাৰ পৰাই তেওঁ ১৯৪৮ চনত প্রৱেশিকা পৰীক্ষাত উত্তীর্ণ হয়৷ সেয়েহে বিশিষ্ট সাহিত্যিকগৰাকীৰ জীৱনৰ শৈশৱ আৰু কৈশোৰ পাৰ হৈছিল নগাঁৱত৷ ড০ বৰাই ১৯৫৭ চনত কিছুদিন নগাঁও মহাবিদ্যালয়ত অধ্যাপনাও কৰিছিল৷ ড০ লক্ষ্মীনন্দন বৰাই গুৱাহাটীতে নিগাজিকৈ থিতাপি লৈছিল যদিও জন্মভূমি নগাঁৱৰ প্রতি তেওঁৰ বিশেষ টান আছিল৷
জন্মভূমি হাতীচোং কুজিডাঁহত শোকৰ ছাঁঃ নিয়মীয়া বার্তা, বেবেজীয়াঃ অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি তথা সাহিত্য জগতৰ বটবৃক্ষ ড০ লক্ষ্মীনন্দন বৰাৰ মহাপ্রয়াণত শোকস্তব্ধ হৈ পৰে জনমভূমি নগাঁও জিলাৰ হাতীচোং–কুজিডাঁহ৷ ড০ বৰাৰ বিয়োগত গাঁওখনৰ শ্রীমন্ত শংকৰদেৱ চ’ৰা কলা পৰিষদ, কুজিডাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়, কমাৰচুক যুৱক সংঘ, পুৱতি সাংস্কৃতিক গোষ্ঠী, তিলক ডেকা সংঘ, অসম লেখিকা সংস্থাৰ অধীনস্থ কুজিডাঁহৰ আই পদ্মপ্রিয়া লেখিকা শাখা, ৰংঘৰ আদি বিভিন্ন সামাজিক–সাংস্কৃতিক অনুষ্ঠান–প্রতিষ্ঠানে গভীৰ শোক প্রকাশ কৰে৷
তিনি দিনলৈ পতাকা অর্ধনমিত কৰি শোক প্রকাশৰ সিদ্ধান্ত অসম সাহিত্য সভাৰঃ বার্তা ব্যুৰ’, তেজপুৰঃ এক সুকীয়া শৈলীৰ সাহিত্য সম্ভাৰেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰা, বিশিষ্ট সাহিত্যিক, প্রসিদ্ধ গল্পকাৰ, ঔপন্যাসিক, অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি লক্ষ্মীনন্দন বৰাৰ দেহাৱসানত শোকস্তব্ধ হৈ পৰিছে ৰাজ্যবাসীৰ লগতে অসম সাহিত্য সভাৰ পৰিয়াল৷ সভাপতি ড০ কুলধৰ শহকীয়া আৰু প্রধান সম্পাদক যাদৱ চন্দ্র শর্মাহ কাকতলৈ প্রেৰণ কৰা এক শোকবার্তাত এহগৰাকী নমস্য সাহিত্যিকৰ বিয়োগে অকল অসম সাহিত্য সভাকেহ নহয়, অসমীয়া জাতীয় জীৱনৰ অপূৰণীয় ক্ষতি কৰিলে বুলি ডল্লেখ কৰি সভাহ প্রাক্তন সভাপতিগৰাকীৰ প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি আজিৰে পৰা তিনিদিনীয়াকৈ সভাৰ পতাকা অর্ধনমিত কৰি শোক প্রকাশ কৰাৰ সিদ্ধান্ত গ্রহণ কৰাৰ কথাও শোকবার্তাত উল্লেখ কৰিছে৷
সাহিত্য সন্মিলনীৰ শোকঃ নিয়মীয়া বার্তা, ৰঙামাটিঃ ড০ লক্ষ্মীনন্দন বৰাৰ আজি মহাপ্রস্থানত অসমীয়া সাহিত্য সন্মিলনী, গোলাঘাট জিলা সমিতিৰ সভাপতি অজন্তা ৰাজখোৱা আৰু সম্পাদক প্রণৱ চক্রৱর্তী, আছাম প্রেছ কৰেছপণ্ডেণ্টছ ইউনিয়ন (আপকু)ৰ গোলাঘাট জিলা সমিতিৰ সভাপতি নবীন গোহঁাই, সম্পাদক হেমন্ত শইকীয়াই গভীৰ শোক প্রকাশ কৰে৷ ইপিনে, দেৰগাঁও সাংবাদিক সংস্থাৰ সভাপতি বিচিত্র ভূষণ কলিতা আৰু সম্পাদক ইন্দুভূষণ মহন্তই প্রসিদ্ধ সাহিত্যিক, সাংবাদিকগৰাকীৰ বিয়োগত গভীৰ শোক প্রকাশ কৰিছে৷ একেদৰে দেৰগাঁও সাহিত্য সভাৰ সভাপতি প্রভাত চন্দ্র মহন্ত, সম্পাদক অজিত চন্দ্র দত্ত প্রমুখ্যে বিভিন্ন ব্যক্তি, দল–সংগঠনে তেওঁৰ মৃত্যুত শোক প্রকাশ কৰি আত্মাৰ সদ্গতি কামনা কৰিছে৷
বিশিষ্ট সাহিত্যিক ড০ লক্ষ্মীনন্দন বৰাৰ মৃত্যুত অসম প্রদেশ সাংবাদিক সন্থাৰ শোক প্রকাশঃ জীৱন কালত সাহিত্য ক্ষেত্রখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে বিভিন্ন বঁটাৰে বিভূষিত ড০ লক্ষ্মীনন্দন বৰাৰ মৃত্যুত অসম প্রদেশ সাংবাদিক সন্থা (আপ্জু)ৰ ফালৰ পৰা গভীৰ শোক প্রকাশ কৰা হয়৷
মৰিগাঁৱত শোকঃ মৰিগাঁও জিলাৰ বিভিন্ন দল–সংগঠনে ড০ লক্ষ্মীনন্দন বৰাৰ বিয়োগত শোক প্রকাশ কৰিছে৷ মৰিগাঁও জিলা সাহিত্য সভাই অসম সাহিত্য সভাৰ পতাকা অর্ধনমিত কৰি প্রাক্তন সভাপতিগৰাকীৰ প্রতি শ্রদ্ধা নিবেদন কৰে৷ সভাৰ জিলা সভাপতি প্রতাপ হাজৰিকা, সম্পাদক পিনাকী ভূষণ মহন্ত, প্রাক্তন জিলা সভাপতিদ্বয় হৰেন্দ্র বৰা, বুবুমণি গোস্বামী, অসম সাহিত্য সভাৰ কার্যনির্বাহক সদস্য মহেন্দ্র শইকীয়া, জ্যেষ্ঠ সাংবাদিক অজিত শর্মা, বৰ অসম কাকতৰ স্বত্বাধিকাৰ বিৰিঞ্চি কুমাৰ শর্মা প্রমখ্যে ব্যক্তিসকলে৷
অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচার্যৰ শোক প্রকাশঃ বিশেষ বার্তা, যোৰহাট ঃ প্রথিতযশা সাহিত্যিক, অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যাপক, বিজ্ঞানী ড০ লক্ষ্মীনন্দন বৰাৰ মহাপ্রয়াণত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ বিদ্যুৎ চন্দন ডেকাই গভীৰ শোক প্রকাশ কৰিছে ৷
ড০ লক্ষ্মীনন্দন বৰাৰ মৃত্যুত অৰুণোদয় জন্মস্থানত শোকঃ
নিয়মীয়া বার্তা, শিৱসাগৰঃ ড০ লক্ষ্মীনন্দন বৰাৰ মৃত্যুত ম্রিয়মাণ হৈ পৰে অৰুণোদয়ৰ জন্মভূমিৰ বৌদ্ধিক সমাজ৷ লক্ষ্মীনন্দন বৰাৰ মৃত্যুত অসম সাহিত্য সভাৰ প্রাক্তন প্রধান সম্পাদক নাহেন্দ্র পাদুন, ড০ সব্যসাচী মহন্ত, শিৱসাগৰ জিলা সাংবাদিক সন্থা, জিলা ছাত্র সন্থা, শিৱসাগৰ জিলা সাহিত্য সভা, শিৱসাগৰ প্রেছ ক্লাব, বার্তাজীৱী সংঘৰ শিৱসাগৰ জিলা সমিতি, শিৱসাগৰ নাট্য সমাজ, ডজনি অসম মুছলিম কল্যাণ পৰিষদ, অৱসৰপ্রাপ্ত অধ্যাপক ৰঞ্জীত তামুলী, সামাজিক অনুষ্ঠান খোজ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, সৃজনী সাহিত্য সভা, অৰুণোদয় সাহিত্য সভা, ৰংপুৰ সাহিত্য সভা, সাংসৃকতিক মহাসভা শিৱসাগৰ জিলা সমিতি, অসম ছাত্র যুৱ সন্মিলনী আদি কৰি বহু অনুষ্ঠান–প্রতিষ্ঠান– গভীৰ শোক প্রকাশ কৰে৷