গেৰুকামুখত যোগ দিৱসৰ অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা
নিয়মীয়া বাৰ্তা, ২১ জুনঃ আজি সপ্তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যতো যোগ দিৱসৰ কাৰ্যসূচী ৰূপায়ন কৰা হৈছে।
আজি আন্তঃৰাষ্ট্রীয় যোগ দিৱস উপলক্ষে ধেমাজি জিলাৰ গেৰুকামুখত আয়োজন কৰা কেন্দ্রীয় অনুষ্ঠানত অংশগ্রহণ কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷
যোগে ক’ভিড প্ৰতিৰোধ কৰাত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।
এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে সাংসদ প্ৰদান বৰুৱা, মন্ত্রী সঞ্জয় কিষাণ, জয়ন্ত মল্ল বৰুৱাৰ লগতে কেইবাগৰাকীও বিধায়কে।
“সৰু অৱস্থাৰ পৰায়ে যেতিয়া ল’ৰা-ছোৱালীসকলে যোগ বা প্ৰাণায়াম কৰিব, যোগৰ বিষয়ে জানিব, তেতিয়াই ল’ৰা-ছোৱালীগৰাকীয়ে বহু দূৰ আগুৱাই যাব পাৰিব। যদি আমি জিম যাও, জিমে আমাক শৰীৰৰ সৌন্দৰ্য বৃদ্ধি কৰিব। কিন্তু মন আৰু শৰীৰ দুয়োটাৰে যদি সৌন্দৰ্য বৃদ্ধি কৰিব লগা হয়, এক উত্তম পন্থা হৈছে যোগ।”-গেৰুকামুখৰ জলবিদ্যুৎ প্ৰকল্পৰ অতিথিশালাত যোগ দিৱসৰ অনুষ্ঠানত অংশ লয় এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।