নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রী ড০ শর্মাই শুভাৰম্ভ কৰিলে ১২-১৪ বছৰ বয়সৰ শিশুৰ টিকাকৰণ অভিযান

নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ বিশ্বৰ বৃহত্তম ক’ভিড–১৯ টিকাকৰণ অভিযানৰ অংশ স্বৰূপে আজিৰে পৰা অসমত ১২–১৪ বছৰ বয়সৰ কিশোৰ–কিশোৰীক প্রদান কৰা হ’ব ক’ভিড ভেকচিন৷ এই উপলক্ষে আজি গুৱাহাটীৰ ৰুক্মিণীগাঁও বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত স্বাস্থ্যমন্ত্রী কেশৱ মহন্তৰ উপস্থিতিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অনুষ্ঠানিকভাৱে এই টিকাকৰণ অভিযানৰ শুভাৰম্ভ কৰে৷

অসমত এই অভিযানৰ জৰিয়তে ২০১০ বর্ষৰ ১৬ মার্চৰ পূর্বে জন্মগ্রহণ কৰা ১২–১৪ বছৰ বয়স সীমাৰ ১৩.৪৮ লাখ কিশোৰ–কিশোৰীক ক’র্বেভেক্স নামৰ ক’ভিডৰ প্রতিষেধক প্রদান কৰা হ’ব৷ ইয়াৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে শিক্ষা বিভাগৰ সহযোগত সকলো প্রস্তুতি ইতিমধ্যে সম্পূর্ণ কৰি তুলিছে৷ ১২–১৪ বছৰৰ বয়সৰ ছাত্র–ছাত্রীসকলক নিজ নিজ শিক্ষানুষ্ঠানত টিকা প্রদানৰ ব্যৱস্থা কৰা হৈছে৷

আনহাতে শিক্ষানুষ্ঠানত নথকা কিশোৰ–কিশোৰীসকলে ঘৰৰ ওচৰৰ চৰকাৰী ক’ভিড প্রতিষেধক কেন্দ্রত আজিৰে পৰা এই টিকা গ্রহণ কৰিব পাৰিব৷

You might also like