বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ ডঃ নগেন শইকীয়াক সাক্ষাৎ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
নিয়মীয়া বাৰ্তা, ২০ জুনঃ আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ নগেন শইকীয়াক তেওঁৰ ডিব্ৰুগড়স্থিত বাসভৱনত সৌজন্যমূলক সাক্ষাৎ কৰে।
ৰাজ্যখনক শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ নতুন উচ্চতালৈ আগুৱাই নিয়াৰ বাবে বিশিষ্ট বুদ্ধিজীৱীগৰাকীৰ পৰা আশীৰ্বাদ আৰু দিগ্দৰ্শন বিচাৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।
মুখ্যমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণকালত তেওঁৰ সৈতে উপস্থিত থাকে কেন্দ্ৰীয় খাদ্য সংসাধন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, কৃষিমন্ত্ৰী অতুল বৰা, শক্তিমন্ত্ৰী বিমল বৰা, চাহ জনজাতি কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণ, বিধায়ক তেৰছ গোৱালা আৰু তৰংগ গগৈ।
বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ নগেন শইকীয়াদেৱক তেওঁৰ ডিব্ৰুগড়স্থিত বাসভৱনত সৌজন্যমূলক সাক্ষাৎ কৰোঁ।
ৰাজ্যখনক শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ নতুন উচ্চতালৈ আগুৱাই নিয়াৰ বাবে বিশিষ্ট বুদ্ধিজীৱীগৰাকীৰ পৰা আশীৰ্বাদ আৰু দিগ্দৰ্শন বিচাৰোঁ। ১/২ pic.twitter.com/dTE0YZnGHS
— Himanta Biswa Sarma (@himantabiswa) June 20, 2021