নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছিত অনুষ্ঠিত ৫৭ সংখ্যক ক্ৰছ কাণ্ট্ৰী ৰাষ্ট্ৰীয় এথলেটিকছ চেম্পিয়নশ্বিপস্থলীত মুখ্যমন্ত্ৰী

  • এই চেম্পিয়নশ্বিপে স্থানীয় যুৱ প্ৰজন্মৰ খেলুৱৈসকলৰ বাবে ক্ৰীড়াক কেৰিয়াৰ হিচাপে গ্ৰহণত উৎসাহিত কৰিবঃ মুখ্যমন্ত্ৰী

নিয়মীয়া বাৰ্তা, ৮জানুৱাৰী:  খেলুৱৈ, উদ্যোক্তা তথা ৰাইজক উৎসাহ প্ৰদানৰ লক্ষ্যৰে আজি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কামৰূপ জিলাৰ শুৱালকুছিত অসম এথলেটিক সন্থাৰ উদ্যোগত দিনজোৰাভাৱে অনুষ্ঠিত হৈ থকা ৫৭ সংখ্যক ক্ৰছ কাণ্ট্ৰী ৰাষ্ট্ৰীয় এথলেটিকছ চেম্পিয়নশ্বিপৰ ক্ৰীড়াস্থলীত উপস্থিত হয়৷ উল্লেখ্য যে এই প্ৰতিযোগিতাত সমগ্ৰ দেশৰ ৬৬৯ গৰাকী খেলুৱৈয়ে অংশ গ্ৰহণ কৰিছে৷ এই সকলৰ ভিতৰত ৩৮৩ জন পুৰুষ আৰু ২৮৬ গৰাকী মহিলা খেলুৱৈ৷

ক্ৰীড়াস্থলীত উপস্থিত হৈ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্ৰীয়ে কয় যে এই প্ৰতিযোগিতাই খেলুৱৈসকলক তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শনৰ এক উপযুক্ত মঞ্চ প্ৰদান কৰিব৷ তেওঁ লগতে কয় যে এই প্ৰতিযোগিতাই স্থানীয় যুৱ প্ৰজন্মৰ খেলুৱৈসকলৰ বাবে ক্ৰীড়াক কেৰিয়াৰ হিচাপে লোৱাৰ দিশতো উৎসাহিত কৰিব৷ এনেধৰণৰ এক বৃহৎ পৰিসৰৰ ক্ৰীড়া প্ৰতিযোগিতা আয়োজনত সহযোগিতা আগবঢ়োৱাৰ বাবে তেওঁ স্থানীয় শুৱালকুছিবাসী ৰাইজৰ প্ৰতিও কৃতজ্ঞতা জ্ঞাপন কৰে৷ ক্ৰছ  কাণ্ট্ৰী ৰাষ্ট্ৰীয় এথলেটিকছ চেম্পিয়নশ্বিপ আয়োজন কৰাৰ উদ্যোগ গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে অসম এথলেটিক সন্থাকো প্ৰশংসা কৰে৷

মুখ্যমন্ত্ৰীৰ এই পৰিদৰ্শনৰ সময়ত অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰৰ লগতে অন্যান্য কৰ্মকৰ্তাসকল উপস্থিত থাকে৷

You might also like