নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাটবাউসীৰ দুয়ো সত্র সংৰক্ষণ–সংবর্ধনৰ বাবে হ’ব বৃহৎ প্রকল্প

মহাপুৰুষজনাৰ কর্মভূমি পৰিদর্শন মুখ্যমন্ত্রী ড০ শর্মাৰ

নিয়মীয়া বাৰ্তা ৪ আগষ্টঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মঙলবাৰে সত্রনগৰী বৰপেটাৰ পাটবাউসী সত্রত উপস্থিত হৈ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ থান সত্র আৰু শ্রীশ্রীদামোদৰদেৱ সত্র পৰিদর্শন কৰে৷ গুৱাহাটীৰ পৰা পোনে পোনে আহি মুখ্যমন্ত্রীগৰাকীয়ে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে সুদীর্ঘ ওঠৰ বছৰ ছমাহ কাল অতিবাহিত কৰি স্থাপন কৰা ঐতিহ্যমণ্ডিত পাটবাউসী সত্রত উপস্থিত হয় আৰু গুৰু আসনৰ সন্মুখত আশিস গ্রহণ কৰে৷ মুখ্যমন্ত্রীগৰাকীয়ে পাটবাউসী সত্রত সংৰক্ষিত হৈ থকা মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ পদশিলা, আই কালিন্দীৰ বাসগৃহ আৰু কীর্তন, দশম, গুণমালাকে ধৰি গুৰুজনাই ৰচনা কৰা সাঁচিপতীয়া পুথি আদি অমূল্য সম্পদসমূহৰ সংৰক্ষণ–সংবর্ধন্ ব্যৱস্থাৰো বুজ লয়৷

শ্রীমন্ত শংকৰদেৱৰ থান পৰিদর্শন কৰি মুখ্যমন্ত্রীয়ে কয় যে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ পৱিত্র কর্মভূমি আৰু সৃষ্টি ভূমি এই মহান স্থানলৈ আহি নিজকে পৱিত্র অনুভৱ কৰিলোঁ৷ থানখন পৰিদর্শনৰ সময়ত মুখ্যমন্ত্রী ড০ শর্মাই সত্রাধিকাৰ, সত্র পৰিচালনা সমিতিৰ বিষয়ববীয়া তথা ভকতবৃন্দৰ সৈতে মত বিনিময় কৰি থানখনৰ সংৰক্ষণ আৰু সংবর্ধনৰ বিষয়ে আলোচনা কৰে৷ থান পৰিদর্শনৰ সময়ত মুখ্যমন্ত্রী ড০ শর্মাই থানখনৰ মুখ্য পাঠক কমলাকান্ত দাস জটিল ৰোগত আক্রান্ত হৈ থকা বুলি অৱগত হোৱাত তেওঁৰ ডন্নত চিকিৎসাত সহায়ক হোৱাকৈ মুখ্যমন্ত্রী সাহায্য পুঁজিৰ পৰা ১ লাখ টকা অনুদানৰ এখন চেক তাৎক্ষণিকভাৱে প্রদান কৰে৷ ইয়াৰ পিছতে থান চৌহদত ডপস্থিত থকা সাংবাদিকসকলৰ সৈতে হোৱা কথা–বতৰাত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে বৰদোৱাত জন্মগ্রহণ কৰিছিল আৰু মধুপুৰ সত্রত গুৰুজনাৰ মহাপ্রয়াণ হৈছিল৷

কিন্তু এই পাটবাডসীতে ১৮ বছৰ ৬ মাহ কাল থাকি গুৰুজনাই জীৱনৰ উৎকৃষ্টতম সৃষ্টিৰাজি অসমৰ জনগণ আৰু নতুন প্রজন্মৰ বাবে এৰি গৈছে৷ গুৰুজনাৰ জন্মস্থান বৰদোৱাত ইতিমধ্যে চৰকাৰে এক বৃহৎ প্রকল্পৰ কাম আৰম্ভ কৰিছে৷ আজি পাটবাডসীলৈ আহি এই থানখনৰ বিষয়ে প্রাৰম্ভিকভাৱে বুজ লোৱাৰ কথা উল্লেখ কৰি পাটবাউসীৰ দুয়োখন সত্রৰ সংৰক্ষণ আৰু সংবর্ধনৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে এটা বৃহৎ প্রকল্প হাতত ল’ব বুলি তেওঁ জানিবলৈ দিয়ে৷ পৰৱর্তী সময়ৰ কেবিনেট বৈঠকত এই সম্পর্কত সিদ্ধান্ত লোৱা হ’ব বুলিও তেওঁ ব্যক্ত কৰে৷ আজিৰ এই থান পৰিদর্শনৰ সময়ত ডদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, নৰোৱা সত্রৰ সত্রাধিকাৰ দেৱানন্দ দেৱগোস্বামী, সুন্দৰীদিয়া সত্রৰ সত্রাধিকাৰ জগন্নাথ দেৱ অধিকাৰী, কুমাৰকুছি সত্রৰ সত্রাধিকাৰ ৰত্নকান্ত অধিকাৰী প্রমুখ্যে গণ্যমান্য ব্যক্তিসকল ডপস্থিত থাকে৷

ইয়াৰ পিছতে মুখ্যমন্ত্রীয়ে মহাপুুৰুষ শ্রীশ্রীদামোদৰ দেৱ স্থাপিত আদিধাম শ্রীশ্রীপাটবাডসী সত্র পৰিদর্শন কৰি সত্রখনত সেৱা জনায়৷ পৰিদর্শনৰ সময়ত মুখ্যমন্ত্রীয়ে সত্রখনত সংৰক্ষিত হৈ থকা সাঁচিপতীয়া পুথিকে ধৰি আপুৰুগীয়া সম্পদৰাজি প্রত্যক্ষ কৰে৷ সত্র প্রাংগণত মুখ্যমন্ত্রী ড০ শর্মাক সত্রখনৰ সত্রাধিকাৰকে ধৰি সত্র পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে ডষ্ম আদৰণি জনোৱাৰ লগতে সম্বর্ধনা জ্ঞাপন কৰে৷ তদুপৰি মুখ্যমন্ত্রী ড০ শর্মাক সত্রখনৰ তৰফৰ পৰা

‘জনশিৰোমণি’ উপাধিৰে বিভূষিত কৰি এখন ডপাধিপত্র আনুষ্ঠানিকভাৱে প্রদান কৰে৷ সত্রখনত ডপস্থিত থকা ভকত–বৈষৱক উদ্দেশ্যি প্রদান কৰা বক্তব্যত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমৰ ঐতিহ্যমণ্ডিত সত্রীয়া সংসৃকতি নৱপ্রজন্মৰ বাবে ৰক্ষা কৰাটো বর্তমানৰ চৰকাৰৰ অন্যতম মূল লক্ষ্য৷ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ, শ্রীশ্রীদামোদৰদেৱ, ভট্টদেৱৰ কর্মভূমি পাটবাডসীক আগুৱাই নিয়াৰ লগতে পাটবাডসীৰ দুয়োখন সত্রকে জগতসভালৈ লৈ যোৱা আৰু গুৰুজনাৰ সৃষ্টিৰাজিৰ সংৰক্ষণ আৰু সংবর্ধনৰ বাবে ৰাজ্য চৰকাৰে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিব৷ আজিৰ এই পৰিদর্শন কালতে মুখ্যমন্ত্রী ড০ শর্মাই জিলা প্রশাসনক সত্রখনৰ মাটিৰ বিৱৰণৰ তথ্য দাখিলৰ বাবেও নির্দেশ দিয়ে৷ শ্রীশ্রীপাটবাডসী সত্র পৰিদর্শনৰ সময়ত মুখ্যমন্ত্রীৰ সৈতে ডদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, শ্রীশ্রীপাটবাডসী সত্রৰ সত্রাধিকাৰ ভাস্কৰজ্যোতি গোস্বামীকে ধৰি বহুসংখ্যক গণ্যমান্য ব্যক্তি ডপস্থিত থাকে৷

You might also like