অসমৰ শান্তি সম্প্রীতি বিনষ্টকাৰীক কঠোৰ হাতেৰে দমন কৰা হ’ব
নিয়মীয়া বাৰ্তা ২৯ নৱেম্বৰঃ অসমীয়া ভাষাবিদ্বেষী উগ্র বাঙালী নেতা প্রদীপ দত্ত ৰয়ক পুনৰ কঠোৰ সকীয়নি দিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আজি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমৰ শান্তি–সম্প্রীতি বিনষ্ট কৰিব বিচৰাসকলক চৰকাৰে কঠোৰ হাতেৰে দমন কৰিব৷ বৰাকৰ চৰকাৰী ভাষা বাংলা হ’লেও অসমীয়া ভাষাত ছাইন ব’ৰ্ড লগাব নোৱাৰিব বুলি সংবিধানত ক’তো লিখা নাই৷
অসমতো বাঙালী অধ্যুষিত অঞ্চলত বাংলা ভাষাৰ ছাইন ব’ৰ্ড থকাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ছাইন ব’ৰ্ড এখনে দোকান এখন চিনাক্ত কৰাত সহায় কৰে৷ পুৰী–জগন্নাথত অসমীয়া ভাষাৰো ছাইন ব’ৰ্ড আছে৷ অসমৰ বিভিন্ন স্থানৰ বহু ধাবাত পাঞ্জাবী ভাষাৰ ছাইন ব’ড আছে৷ মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে বৰাকৰ ৰাইজ আমাৰ লগত আছে৷ উগ্র সাম্প্রদায়িক প্রদীপ দত্ত ৰয়ক গ্রেপ্তাৰ কৰাত বৰাকৰ ৰাইজে আমাক প্রশংসা কৰিছে৷ ইপিনে অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে বিতর্কিত, মানসিক বিকাৰগ্রস্ত প্রদীপ দত্ত ৰয়ক গ্রেপ্তাৰ কৰা কার্যক স্বাগতম জনোৱাৰ লগতে চৰকাৰ আৰু অসম আৰক্ষীক আদৰণি জনায়৷