নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মমতা বেনার্জী যদি অসমলৈ আহে আমি ৰেড কার্পেটেৰে স্বাগতম জনাম

নিয়মীয়া বাৰ্তা ৩০ আগষ্টঃ পশ্চিমবংগৰ মাটিত ভৰি থৈ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই তৃণমূল কংগ্রেছ নেত্রী তথা চুবুৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্রী মমতা বেনার্জীক প্রত্যাহ্বান জনায়৷ মমতা বেনার্জীৰ গৃহৰাজ্য পশ্চিমবংগৰ শিলিগুৰিৰ পৰাই মুখ্যমন্ত্রী ড০ শর্মাই অসমত মমতা বেনার্জীৰ কি কাম আছে বুলিও প্রশ্ণ কৰে৷

উল্লেখ্য যে যোৱা ৭ আগষ্টত মৃত্যুবৰণ কৰা মৰিয়নি সমষ্টিৰ প্রাক্তন বিধায়ক অলক ঘোষৰ পৰিয়ালক সাক্ষাতৰ বাবে মুখ্যমন্ত্রী ড০ শর্মা দেওবাৰে  শিলিগুৰিত উপস্থিত হয়৷ শোকসন্তপ্ত পৰিয়ালবর্গক সাক্ষাতৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মমতা বেনার্জী অসমলৈ আহিলে তেওঁক ৰেড কার্পেটেৰে আদৰণি জনোৱা হ’ব৷ তেওঁ অসমলৈ আহি মা কামাখ্যাৰ প্রণাম ল’ব আৰু পশ্চিমবংগলৈ উভতি যাব৷

অসমত দিদিৰ কি কাম আছে বুলি প্রশ্ণ কৰি তেওঁ কয় যে তৃণমূল কংগ্রেছে কংগ্রেছ আৰু এ আই ইউ ডি এফৰহে ভোট কাটিব৷ বিজেপিৰ লাভ হ’ব৷ পশ্চিমবংগৰ মুখ্যমন্ত্রী বেনার্জীৰ অসম আৰু ত্রিপুৰা ভ্রমণে কেৱল বিজেপিকহে সহায় কৰিব৷ তেওঁ য’লৈকে গৈ ৰাজনীতি কৰিব, তাতেই কংগ্রেছ আৰু আন দলৰ ভোট বিভাজন হ’ব৷ ইয়াৰ ফলত বিজেপি লাভান্বিত হ’ব৷ সেইদৰে কংগ্রেছ নেত্রী সুস্মিতা দেৱৰ তৃণমূল কংগ্রেছত যোগদানৰ প্রসংগতো তেওঁ কয় যে সুস্মিতা দেৱক এখন জিলাৰ মানুহেহে জানে৷ তেওঁৰ স্থান এখন জিলাতেই৷ সম্পূর্ণ অসমত নহয়৷ তেওঁ কংগ্রেছৰহে ভোট ভাঙিব৷

আনহাতে, নির্বাচনৰ ফলাফলৰ পাছত পশ্চিমবংগত হোৱা নির্বাচনী হিংসাৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসম আৰু পশ্চিমবংগ বিধানসভা নির্বাচনত একেলগে অনুষ্ঠিত হৈছিল৷ কিন্তু নির্বাচনী ফলাফলৰ পাছত অসমত কোনো এটা ঘৰতেই শিলগুটি এটাও পৰা নাই৷ কিন্তু পশ্চিমবংগত হোৱা হিংসাৰ বাবে কলকাতা উচ্চ ন্যায়ালয়ে চি বি আইক তদন্ত কৰিবলৈ নির্দেশ দিবলগীয়া হৈছে৷ অসম কিন্তু শান্তিত আছে৷ ডিটেনচন কেম্পৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমত বর্তমান ডিটেনচন কেম্পত মাত্র ১২গৰাকী বাঙালী হিন্দু আছে৷ তেওঁলোককো মোকলাই দিয়াৰ প্রক্রিয়া চলি আছে৷ অসমত গোর্খাৰ বিৰুদ্ধে কোনো গোচৰ নাই৷ বিদেশী ট্রিবিউনেলৰ পৰা গোর্খাৰ বিৰুদ্ধে থকা সকলো গোচৰ প্রত্যাহাৰৰ বাবে চৰকাৰে সিদ্ধান্ত লৈছে৷ তদুপৰি ট্রাইবেল বেল্ট আৰু ব্লকত গোর্খাসকলক সুৰক্ষিত শ্রেণীৰ মর্যাদা প্রদান কৰা হৈছে৷

You might also like