নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ ৰাষ্ট্রীয় সভাপতি নাড্ডাৰে বৈঠক ড০ শর্মাৰ

দিল্লীত তৎপৰ মুখ্যমন্ত্রী

নিয়মীয়া বাৰ্তা ৩১ মেঃ অসমৰ মুখ্যমন্ত্রীৰ দায়িত্বভাৰ গ্রহণৰ পাছত প্রথমবাৰৰ বাবে দেওবাৰে নতুন দিল্লীত উপস্থিত হয় ড০ হিমন্ত বিশ্ব শর্মা৷ বিয়লি ৩.৩০ বজাত দিল্লীত উপস্থিত হৈয়েই মুখ্যমন্ত্রী ড০ শর্মাই পোনে পোনে বসন্তকুঞ্জত থকা নিজ বাসভৱনলৈ যায়৷ সন্ধিয়া ৭.৩০ বজাত তেওঁ অসম ভৱনলৈ আহে আৰু তাৰ পৰাই নিশা ৮.৫০ বজাত ৭ মতিলাল নেহৰু মার্গত থকা বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাৰ বাসভৱনত উপস্থিত হয়৷

বিজেপিৰ ৰাষ্ট্রীয় সভাপতিগৰাকীৰ বাসভৱনত প্রায় ৫০ মিনিট সময় কটাই নিশা ৯.৪০ বজাত মুখ্যমন্ত্রী ড০ শর্মা উভতি আহে৷ মুখ্যমন্ত্রীৰ দায়িত্বভাৰ গ্রহণৰ পাছত ড০ শর্মাই সৌজন্যমূলক হিচাপে দেওবাৰে দলৰ ৰাষ্ট্রীয় সভাপতিগৰাকীক সাক্ষাৎ কৰে৷ অহা ২ জুনলৈ নতুন দিল্লীত মুখ্যমন্ত্রী ড০ শর্মা থাকিব৷ এই সময়ছোৱাত মুখ্যমন্ত্রী ড০ শর্মাই কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উপৰি উপ–ৰাষ্ট্রপতি এম ভেংকায়া নাইডু আৰু লোকসভাৰ অধ্যক্ষকো সৌজন্যমূলক সাক্ষাৎ কৰিব বুলি জানিব পৰা গৈছে৷

You might also like