নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাৰিষাৰ পূর্বে সম্পূর্ণ হ’ব নির্মীয়মাণ মথাউৰিৰ কাম: মুখ্যমন্ত্রী সোণোৱাল

নিয়মীয়া বাৰ্তা, ৮ মে’ : অসমৰ অর্থনৈতিক অৱস্থা টনকিয়াল কৰাৰ বাবে চৰকাৰে সর্বতোপ্রকাৰে ব্যৱস্থা গ্রহণ কৰিছে৷ লকডাউনৰ বাবে ৰাজ্যৰ ক্ষতিগ্রস্ত অর্থনৈতিক অৱস্থা সচ্ছল কৰাৰ নিমিত্তে ইতিমধ্যে অর্থনীতিবিদসকলৰ সৈতে আলোচনাত মিলিত হৈছে ৰাজ্য চৰকাৰ৷ ৰাজ্যৰ অর্থনৈতিক অৱস্থা অতি সোনকালে শক্তিশালী ৰূপত থিয় কৰা হ’ব৷

বৃহস্পতিবাৰে কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ অন্তর্গত আঁঠগাৱত এই মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ আঠগাঁৱত পুঠিমাৰী নৈৰ নির্মীয়মাণ মথাউৰি পৰিদর্শন কৰি মুখ্যমন্ত্রীগৰাকীয়ে লকডাউনৰ বাবে ৰাজ্যৰ ভগ্ন মথাউৰিসমূহ নির্মাণ কৰাত কিছু বিলম্ব হৈছিল যদিও বাৰিষাৰ পূর্বে নির্মীয়মাণ সকলো মথাউৰিৰ নির্মাণকার্য সম্পূর্ণ হ’ব বুলিও সদৰী কৰে৷

আঠগাঁৱত ৪৮ কিলোমিটাৰ মথাউৰি পথ আৰু মথাউৰি হিচাপে নির্মাণ বাৰিষাৰ পূর্বে সম্পূর্ণ হৈ উঠিব৷ সেয়ে সমাগত বাৰিষা নৈপৰীয়া ৰাইজ বহু পৰিমাণে ভয়ৰ পৰা মুক্ত হৈ থাকিব পাৰিব৷ এই পৰিদর্শনকালত মুখ্যমন্ত্রীক সংগ দি জলসিঞ্চন মন্ত্রী ভৱেশ কলিতাই মথাউৰি নির্মাণৰ ক্ষেত্রত নির্মাণকাৰী ঠিকাদাৰে বিসংগতি কৰিলে তেনে ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ কার্যব্যৱস্থা গ্রহণ কৰা হ’ব বুলি স্পষ্ট কৰি দিয়ে৷ এই পৰিদর্শন কালত মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্রত কলিতাই নির্মাণৰত মথাউৰিসমূহত নৈপৰীয়া ৰাইজৰ সুবিধার্থে এইবাৰ প্রতিটো নির্মাণৰত মথাউৰিতে ৰেম্পৰ ব্যৱস্থা সংযোজন কৰা হৈছে বুলি সংবাদ মাধ্যমক জানিব দিয়ে৷

লগতে বিধায়কগৰাকীয়ে বাৰিষা পুঠিমাৰী নৈয়ে যি সংহাৰী ৰূপ ধাৰণ কৰি আঠগাঁৱত ত্রাসৰ সৃষ্টি কৰিছিল তাৰ পৰা এইবেলি মথাউৰি নির্মাণে নৈপৰীয়া ৰাইজক সকাহ দিব বুলি সন্তুষ্টি প্রকাশ কৰে৷ মুখ্যমন্ত্রীগৰাকীৰ এই পৰিদর্শনকালত কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্য, কমলপুৰ ৰাজহ চক্র বিষয়া ড০ অংকিতা শর্মা, বিজেপিৰ ৰাজ্যিক কার্যনির্বাহক দিগন্ত কলিতা, বিজেপি নেতা বেণুধৰ নাথ, জলসম্পদ বিভাগৰ পশ্চিম গুৱাহাটী সংমণ্ডলৰ কার্যবাহী অভিযন্তা আব্দুল মহিম মজুমদাৰ, জলসম্পদ বিভাগৰ ৰঙিয়া উপ–সংমণ্ডলৰ সহকাৰী কার্যবাহী অভিযন্তা গণেশ কলিতা উপস্থিত থাকে৷ এই পৰিদর্শন কালত আঠগাঁও আঞ্চলিক জগদ্বাত্রী পূজা সমিতিয়ে মুখ্যমন্ত্রীগৰাকীক অঞ্চলটোৰ গৰাখহনীয়া, বান ক্ষতিগ্রস্তসকলক শীঘ্রে ক্ষতিপূৰণ প্রদানকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবীত এক স্মাৰক–পত্রও প্রদান কৰে৷

You might also like