ৰাজ্যৰ অৰ্থনীতি পুনৰুজ্জীৱিতকৰণৰ উদ্দেশ্যে উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰীৰ
নিয়মীয়া বাৰ্তা, ৭ মে’ : অসমৰ অৰ্থনীতি পুনৰুজ্জীৱিতকৰণৰ উদ্দেশ্যে যোৱা ৩ মে’ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰাক্তন বিষয়া শ্ৰী সুভাষ চন্দ্ৰ দাসৰ নেতৃত্বত গঠন হোৱা ‘Advisory Committee for revitalisation of the economy’-ৰ অধ্যক্ষ, সদস্য আৰু অসম চৰকাৰৰ উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।
সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ অৰ্থনীতিক কিদৰে গতিশীলতা প্ৰদান কৰা হ’ব, সেই সন্দৰ্ভত অধ্যক্ষ আৰু সদস্যসকলে বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়ায়। ইয়াৰ আঁত ধৰি মুখ্যমন্ত্ৰীয়ে কেইবাটাও বিষয়ত গুৰুত্ব আৰোপ কৰে-
- ৰাজ্যৰ কৃষি অৰ্থনীতি শক্তিশালী আৰু লাভজনক কৰাৰ ক্ষেত্ৰত খেতিয়কসকলৰ বাবে বজাৰ সুনিশ্চিতকৰণ (Market Guarantee) আৰু উচিত মূল্য প্ৰদান
- কৃষিক্ষেত্ৰত উৎপাদন (Production)- ক্ৰয় প্ৰক্ৰিয়া (Procurement)- বজাৰকৰণ (Marketing) আৰু বজাৰ স্থায়িত্ব (Market Sustainability): এই প্ৰক্ৰিয়াটোক সুদৃঢ় কৰাৰ বাবে বিশেষ ৰ’ডমেপ প্ৰস্তুত কৰিবলৈ আহ্বান
- কৃষিজাত সামগ্ৰী মজুতকৰণৰ বাবে শীতল ভঁৰাল আৰু অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ
- মীনপালন, পশুপালন, ফল উৎপাদন, পশুখাদ্য আৰু দুগ্ধ উৎপাদন ইত্যাদি ক্ষেত্ৰত স্বনিৰ্ভৰশীল হোৱাৰ বাবে সুপৰিকল্পনা প্ৰস্তুত
- উত্তৰ-পূৰ্বাঞ্চল আৰু কাষৰীয়া ৰাষ্ট্ৰসমূহৰ বজাৰসমূহত অসমৰ উৎপাদিত সামগ্ৰীৰ শক্তিশালী স্থিতিৰ বাবে চাহিদা অনুসৰি বজাৰ অধ্যয়ন
- পঞ্চায়তসমূহক সামৰি এক শক্তিশালী অৰ্থনৈতিক শৃংখল (Economic Chain) গঢ় দিয়া
- আধুনিক ধ্যান-ধাৰণাৰে মহিলা আত্মসহায়ক গোটসমূহক উজ্জীৱিত কৰা
তদুপৰি, অহা ২০ দিনৰ ভিতৰত এই সম্বন্ধীয় বিভিন্ন দিশ সামৰি এক প্ৰাথমিক প্ৰতিবেদন দাখিল কৰিব বুলি কমিটীৰ অধ্যক্ষই মুখ্যমন্ত্ৰীক অৱগত কৰে।
অসমৰ সফল উদ্যমীসকলৰ সৈতেও মত বিনিময় কৰি আৰু নৱপ্ৰজন্মৰ ভৱিষ্যত অভিমুখী বিভিন্ন বিষয় পৰ্যালোচনা কৰি এক শক্তিশালী প্ৰতিবেদন প্ৰস্তুত কৰাৰ বাবে কমিটীৰ অধ্যক্ষ আৰু সদস্যসকলক মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।