বিদ্যুৎ সংযোগ নোহোৱা অঞ্চলসমুহত শীঘ্ৰে বিদ্যুতৰ ব্যৱস্থা আৰু দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ সাজু থাকিবলৈ শক্তি বিভাগক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
নিয়মীয়া বাৰ্তা, ২৮ মে’: বুধবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীত APDCL, AEGCL আৰু APGCL ৰ বিষয়ববীয়াৰ সৈতে এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত মিলিত হয়। ক’ভিড-১৯ মহামাৰীৰ সময়ত ৰাইজৰ প্ৰতি আগবঢ়োৱা সেৱাৰ বাবে তেখেতে শক্তি বিভাগৰ কৰ্মচাৰীসকলৰ আন্তৰিক শলাগ লয়।
আনহাতে বানাক্ৰান্ত অঞ্চলসমূহত বিদ্যুৎজনিত দুৰ্ঘটনা ৰোধ কৰাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা ল’বলৈ বিষয়াসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। লগতে, খাদ্য সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে কৃষিজাত সামগ্ৰী মজুত কৰি ৰখা শীতলীকৰণ গৃহসমূহত নিয়মীয়া বিদ্যুৎ যোগান ধৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।
এতিয়াও বিদ্যুৎ সংযোগ হ’বলৈ বাকী থকা অসমৰ গাঁওসমূহত সংযোগীকৰণৰ কাম খৰতকীয়াকৈ সম্পন্ন কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে আৰু এই দিশত কোনো এখন গাঁৱেই যাতে বাদ পৰি নাযায়, তাৰ বাবে এখন ৰাজহুৱা জাননী প্ৰকাশ কৰিবলৈ বিষয়ববীয়াক তেখেতে নিৰ্দেশ দিয়ে।
বৈঠকত বিষয়াবৰ্গই মুখ্যমন্ত্ৰীক জনায় যে- তেখেতৰ নিৰ্দেশক্ৰমে ৰাজ্যজুৰি ৪৭,০০০টা বাঁহ আৰু কাঠৰ খুঁটাৰ সলনি কংক্ৰীট খুঁটাৰ ব্যৱস্থা কৰা হৈছে।