নিয়মীয়া বাৰ্তা ১০ মাৰ্চঃ পুনৰ ৰাজ্যত বিজেপি মিত্রজোঁটৰ চৰকাৰ গঠনৰ লক্ষ্যৰে মঙলবাৰে মাজুলীত ৰণদুন্দুভি বজালে বিজেপি, অগপ আৰু ইউপিপিএলে৷ সর্বত্র গেৰুৱাময় কৰি মাজুলীত আজি তিনিটা দলৰ শীর্ষ নেতৃত্বৰ ঘোষণা– পুনৰ অসমত গঠন হ’ব মিত্রজোঁটৰ চৰকাৰ৷ প্রথম পর্যায়ৰ নির্বাচনত মাজুলী সমষ্টিৰ বাবে আজি মনোনয়ন–পত্র দাখিলৰ বাবে নদীদ্বীপটোত উপস্থিত হোৱা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ লগতে ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা, অগপৰ সভাপতি অতুল বৰা, ইউপিপিএলৰ সভাপতি প্রমোদ বড়ো, বিজেপিৰ ৰাষ্ট্রীয় উপ–সভাপতি বৈজয়ন্ত জয় পাণ্ডাৰ উপস্থিতিত মুখ্যমন্ত্রী সোণোৱালৰ ঘোষণা– ‘বিজেপিয়ে অসমীয়া জাতিক সুৰক্ষিত কৰিছে’৷ মিত্রজোঁটৰ নেতৃত্বক লগত লৈ এক বৃহৎ সমদলেৰে মনোনয়ন–পত্র দাখিলৰ অন্তত গড়মূৰত অনুষ্ঠিত এক বিশাল ৰাজহুৱা সভাত ভোটাৰ ৰাইজক সম্বোধি মুখ্যমন্ত্রীৰ মন্তব্য– দুর্নীতি আৰু ভ্রষ্টাচাৰে যোৱা পাঁচ বছৰত অসমত ছানি ধৰিছিল, সেই সময়ত স্বার্থপৰ নেতাৰ হাতত বন্দী হৈ আছিল ৰাজ্যৰ শাসন ব্যৱস্থা৷ পূর্বৰ কংগ্রেছ চৰকাৰে দুখীয়াৰ ধন আত্মসাৎ কৰিছিল, কিন্তু প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আদর্শৰে আজি ৰাজ্যখনৰ শাসন ব্যৱস্থাৰ আমূল পৰিৱর্তন হৈছে৷ প্রধানমন্ত্রী মোদীৰ আদর্শৰে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে দুর্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰি দুর্নীতি নির্মূলৰ ক্ষেত্রত বহু সফল হৈছে৷
বর্তমানৰ চৰকাৰখনৰ কার্যকালত মেধাৰ ভিত্তিত প্রার্থীয়ে সম্পূর্ণ স্বচ্ছতাৰে নিযুক্তি পাবলৈ সক্ষম হৈছে৷ আজি অসমৰ বৰাক–ব্রহ্মপুত্র পাহাৰ–ভৈয়ামত বসবাস কৰা জনসাধাৰণে ঐক্যবদ্ধভাৱে শক্তিশালী অসম গঢ়াৰ যি যাত্রাৰ সূচনা কৰিছে, ইয়াৰ মূলতে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পূর্ণ সহযোগিতা আছে৷ আজি ৰাজ্যৰ সকলো জাতি–জনগোষ্ঠীয়ে ঐক্যবদ্ধভাৱে অসমক দেশৰ এখন শ্রেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলাৰ যাত্রাত অৱতীর্ণ হৈছে৷ ৰাইজে নখ জোকাৰিলে নৈ বয় বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে তেওঁৰ ভাষণত কয়– ৰাজ্য চৰকাৰখনৰ সফলতাৰ অন্তৰালত অসমৰ ৰাইজে আগবঢ়াইছে পূর্ণ সমর্থন৷ মাজুলীবাসীয়েও এইক্ষেত্রত উল্লেখযোগ্য সহযোগিতা আগবঢ়াইছে৷ পূর্বৰ কংগ্রেছ চৰকাৰৰ কার্যকালত অসমৰ ৰাইজ অসুৰক্ষিত আছিল৷ অসমৰ কৃষ্টি–সংস্কৃতি, ভাষা–সাহিত্য ৰক্ষা হ’ব নে নাই তাক লৈ ৰাইজ সন্দিহান হৈছিল৷ কিন্তু বিজেপিয়ে অসমীয়া জাতিক সুৰক্ষিত কৰিলে৷ বর্তমান চৰকাৰৰ কার্যকালত ৩ লাখ ৬৫ হাজাৰ খিলঞ্জীয়া পৰিয়ালক মাটিৰ পট্টা প্রদান কৰা হৈছে৷ এই চৰকাৰৰ কার্যকালতে মাজুলীৰ ভূমিৰ জৰীপৰ কাম আৰম্ভ হৈছে আৰু কম সময়ৰ ভিতৰতে ইয়াক সম্পন্ন কৰা হ’ব৷ মাজুলীৰ ১৬ হাজাৰ খিলঞ্জীয়া পৰিয়ালক চৰকাৰখনে মাটিৰ পট্টা দিছে৷ এই চৰকাৰখনে নামঘৰ আৰু সত্রসমূহৰ লগতে অসমৰ ভাষা–কৃষ্টি–সংস্কৃতি সুৰক্ষিত কৰাৰ বাবে সন্মুখৰ পৰা নেতৃত্ব দিছে৷ ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে কয়– বিৰোধীয়ে যিমানেই চিঞৰি নাথাকক কিয়, বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰৰ ওপৰত পূর্ণ আস্থা আৰু বিশ্বাস আছে অসমৰ ৰাইজৰ৷ বিজেপি মিত্রজোঁটৰ চৰকাৰখন যেতিয়ালৈকে থাকিব তেতিয়ালৈকে অসমৰ মাটি–ভেটি–কৃষ্টি, সংস্কৃতি ৰক্ষা হৈ থাকিব৷
ইফালে, মুখ্যমন্ত্রীক মনোনয়ন–পত্র দাখিলত সংগ দি জনসভাত উদাত্ত ভাষণেৰে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয়– অসমীয়াৰ বৰঘৰত মোগল সভ্যতা–সংস্কৃতিক বিকাশ হ’বলৈ দিয়া নহ’ব৷ গুৰু দুজনাৰ এই পৱিত্র ভূমিত অসমৰ জাতি–মাটি–ভেটি, কৃষ্টি–সংস্কৃতি ৰক্ষাৰ বাবে আজিৰে পৰা পাঁচ বছৰ আগতে আমি পণ লৈছিলোঁ আৰু আজিৰ দিনটোত অসমৰ সর্বাংগীণ উন্নয়নৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপিৰ মিত্রজোঁটৰ চৰকাৰখনে কাম কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে হেলিকপ্ঢাৰেৰে আজি পুৱাৰ ভাগত মাজুলীত অৱতৰণ কৰা মন্ত্রী ড০ শর্মাক দলীয় সমর্থকে এক বিশাল বাইক ৰেলীৰে গড়মূৰলৈ আদৰি আনে৷ উক্ত স্থানৰ পৰা এক কিলোমিটাৰ পথ সহস্রাধিক দলীয় সমর্থকক লগত লৈ পদযাত্রাৰে গড়মূৰ সদৰ মিনি ষ্টেডিয়ামত উপস্থিত হোৱা মন্ত্রীগৰাকীয়ে তেওঁৰ ভাষণত কয়– আজিৰে পৰা পাঁচ বছৰৰ আগৰ মাজুলী আৰু আজিৰ মাজুলীৰ আকাশ–পাতাল পার্থক্য আছে৷ মাজুলীবাসীৰ আপোন হৈ পৰা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক ভূয়সী প্রশংসা কৰি মন্ত্রী ড০ শর্মাই সোণোৱাল জয় হোৱাৰ পিছতে মাজুলীক জিলালৈ উন্নীত কৰা, মাজুলীৰ লগত বহিঃজিলাৰ যাতায়াতৰ উন্নতি কৰা, মাজুলীৰ ফেৰী সেৱাৰ নৱৰূপ দি অত্যাধুনিক ৰ’পেক্স ফেৰী প্রদান কৰাৰ লগতে সমগ্র মাজুলীৰ আন্তঃগাঁথনি সলনি কৰি পেলোৱা বুলি তেওঁ উল্লেখ কৰে৷ ভাষণত মন্ত্রী ড০ শর্মাই কয়– এই চৰকাৰখন দুখীয়াৰ চৰকাৰ৷ দুখীয়া ৰাইজৰ উন্নয়নৰ বাবে কনকলতা মহিলা সবলীকৰণ আঁচনি, অৰুণোদয়, কাজিৰঙাৰ গঁড় হত্যা ৰোধ কৰা, দুখীয়া ভূমিহীনক মাটিৰ পট্টা প্রদান কৰা, স্বয়ম আঁচনি, বিনামূলীয়া শিক্ষা ব্যৱস্থা, অটল অমৃত অভিযান, আয়ুষ্মান ভাৰত, কুশল কোঁৱৰ সার্বজনীন বৃদ্ধপেন্সন আঁচনি, কমলা মিৰি বিধৱা পেন্সন আঁচনিকে ধৰি অসমক নৱৰূপত সজাই তুলিবলৈ আমি এক অবিৰত যাত্রা আৰম্ভ কৰিছিলোঁ৷ এই যাত্রাত সহযাত্রী হৈ অসমৰ ৰাইজে আমাক যি ধৰণে বিচাৰিছিল, ঠিক সেই ধৰণে এটকাও দুর্নীতি নোহোৱাকৈ সম্পূর্ণ নিকাভাৱে সর্বানন্দ সোণোৱালৰ নেতৃত্বত মিত্রজোঁটৰ চৰকাৰখনে কার্য পৰিচালনা কৰিছে৷ আমাৰ এই যাত্রাত অসমবাসীয়ে সক্রিয় সহযোগী হৈ আছে৷
ইফালে কংগ্রেছক কটাক্ষ কৰি মন্ত্রী ড০ শর্মাই কয়– কলাক্ষেত্রত মিঞা মিউজিয়াম পাতিব বিচৰা এআইইউডিএফ আৰু বদৰুদ্দিন আজমলক কংগ্রেছে বৰপীৰা পাৰি দি অসমৰ সভ্যতা–সংস্কৃতি বিনষ্ট কৰিব বিচাৰিছে৷ অসমৰ ৰাইজে কোনো কাৰণতে এয়া হ’বলৈ নিদিয়ে৷ আনহাতে, অনুষ্ঠানত ভাষণ প্রদান কৰি অগপৰ সভাপতি অতুল বৰাই কয়– মুখ্যমন্ত্রী সোণোৱালক লৈ মাজুলীবাসীৰ যি উৎসাহ, ইয়াৰ দ্বাৰা প্রমাণিত হয় যে পুনৰ সমষ্টিটোৰ পৰা অভিলেখসংখ্যক ভোটত জয়ী হ’ব মুখ্যমন্ত্রী৷ আজি মাজুলীবাসী সঁচাই সৌভাগ্যৱান৷ মাজুলীবাসীয়ে হয়তো কল্পনা কৰিব পৰা নাছিল যে যোৰহাট–মাজুলী সংযোগী দলং হ’ব৷ মুখ্যমন্ত্রী হোৱাৰ পিছতে মহকুমা ৰূপে পৰিচিত মাজুলী জিলালৈ উন্নীত হ’ল, এখন সাংস্কৃতিক বিশ্ববিদ্যালয় হ’ল, মাজুলীত হেলিপেড হ’ল, ৰাস্তা–পদূলিৰ চৌদিশে কেৱল উন্নয়ন আৰু উন্নয়ন হৈছে৷ এই উন্নয়নে মাজুলীবাসীক সঁচাকৈয়ে আনন্দিত যে কৰিছে সেয়া প্রকাশ কৰাৰ প্রয়োজন নাই৷
ইফালে কংগ্রেছক সমালোচনা কৰি অতুল বৰাই কয়– ৰাজ্যখনত দীঘলীয়া সময় কংগ্রেছে ৰাজত্ব কৰিছে৷ সৌ সিদিনালৈকে মাজুলীত কংগ্রেছৰ প্রার্থী জয়ী হৈছিল৷ কিন্তু মাজুলীক প্রতিনিধিত্ব কৰা কংগ্রেছৰ এই জনপ্রতিনিধিজনৰ দায়িত্বত থকা বিভাগত ব্যাপক দুর্নীতি হৈছিল৷ মাজুলী সেই সময়ত চর্চিত হৈছিল জনপ্রতিনিধিজনৰ দুর্নীতি আৰু কেলেংকাৰিৰ বাবে৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক মাজুলীৰ অগপই পূর্ণ সমর্থন তথা সহযোগিতা আগবঢ়াব বুলি উল্লেখ কৰি অতুল বৰাই কয় যে বিজেপিৰ সৈতে অগপৰ এই মিত্রতা তৃণমূল পর্যায়লৈ লৈ যাব লাগিব৷ জনসভাত ভাষণ প্রদান কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে তেওঁৰ ভাষণত কয় যে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ প্রতি মাজুলীবাসীৰ যি অভূতপূর্ব সঁহাৰি আৰু সমর্থন সিয়ে নিশ্চিত কৰে যে এইবাৰ বিপুল ভোটত পুনৰ জয়ী হ’ব সোণোৱাল৷ উল্লেখ্য যে মনোনয়ন–পত্র দাখিলৰ বাবে কালিয়েই মাজুলীত উপস্থিত হোৱা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আজি পুৱা মাজুলী শান্তিপুৰস্থিত নামঘৰত বন্তি জ্বলাই শৰাই আগবঢ়াই সেৱা লয়৷ ধুতী–কুর্তা পৰিধান কৰি সোণোৱালে ভকত–বৈষ্ণৱ আৰু আই–মাতৃসকলৰ আশীর্বাদ লয়৷ ইয়াৰ পিছতে চিতাদৰা চাৰিআলিত থকা নীলকণ্ঠ মন্দিৰত পূজা আগবঢ়ায়৷ দিনৰ প্রায় ১০.৩০ বজাত মনোনয়ন–পত্র দাখিলৰ বাবে পদযাত্রা আৰম্ভ কৰা মুখ্যমন্ত্রীক এই যাত্রাত সংগ দিয়ে সহস্রাধিক সমর্থক আৰু দলীয় কার্যকর্তাই৷ সর্বত্র গেৰুৱাময় হৈ পৰা মাজুলীত আজি দেখা গ’ল লক্ষাধিক বিজেপি কর্মী, সমর্থকৰ ভিৰ৷ জনগোষ্ঠীয় নৃত্য সম্ভাৰৰ লগতে ভাওনাৰ হনুমান, বালি–সুগ্রীৱ, বগলী, মৎস্য আদিৰ চৰিত্র আদিৰে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ মাজেৰে মুখ্যমন্ত্রীগৰাকীয়ে জিলা ৰিটার্নিং বিষয়াৰ ওচৰত আনুষ্ঠানিকভাৱে মনোনয়ন–পত্র দাখিল কৰে৷
৩,১৭,৭১,৩৯৪ টকাৰ স্থাৱৰ–স্থাৱৰ সম্পত্তি মুখ্যমন্ত্রীৰ
মঙলবাৰে দাখিল কৰা মনোনয়ন–পত্র সংলগ্ণ শপতনামাত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে নিজৰ সম্পত্তিৰ তথ্য সদৰী কৰিছে৷ তথ্য অনুসৰি মুখ্যমন্ত্রী সোণোৱালৰ আছে মুঠ ৩,১৭,৭১,৩৯৪.৮১ টকাৰ স্থাৱৰ–স্থাৱৰ সম্পত্তি৷ ইয়াৰে ২,০২,৯৫,০০০ টকাৰ স্থাৱৰ আৰু ১,১৪,৭৬,৩৯৮.৮১ টকাৰ অস্থাৱৰ সম্পত্তি৷ মুখ্যমন্ত্রী সোণোৱালৰ হাতে জমা থকা ধনৰ পৰিমাণ মাত্র ৩৯,০৩০.১৩ টকা৷ শপতনামাত উল্লেখ কৰা মতে মুখ্যমন্ত্রী সোণোৱালৰ বিৰুদ্ধে কোনো ধৰণৰ অপৰাধমূলক গোচৰ নাই৷ তদুপৰি এনে ধৰণৰ গোচৰত তেওঁ দোষী সাব্যস্ত হোৱা নাছিল৷