নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৃথিৱীৰ কোনো চৰকাৰে এই পৰীক্ষাত অকলে উত্তীর্ণ হ’ব নোৱাৰে

তৃতীয় পর্যায়ৰ লকডাউন সফল কৰিবলৈ আহ্বান মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা, ৪ মে’ : ‘ক’ৰোনা ভাইৰাছ সংক্রমণ প্রতিহত কৰাৰ বাবে বিশ্বজুৰি ঐক্যবদ্ধ যুঁজ আৰম্ভ হৈছে ৷ পৃথিৱীৰ কোনো চৰকাৰে এই কঠিন পৰীক্ষাত অকলে উত্তীর্ণ হ’ব নোৱাৰে ৷ ইয়াৰ বাবে জনসাধাৰণৰ আন্তৰিক সহযোগিতাৰ প্রয়োজন ৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আহ্বানৰ প্রতি সঁহাৰি জনাই অসমৰ জনসাধাৰণক আস্থা আৰু বিশ্বাসত লৈ ক’ৰোনাৰ বিৰুদ্ধে আমি যুঁজ দিছোঁ ৷ যোৱা দিনবোৰত অসমৰ ৰাইজে প্রধানমন্ত্রীৰ আহ্বান শ্রদ্ধাৰে গ্রহণ কৰি নিষ্ঠাৰে লকডাউনৰ প্রথম আৰু দ্বিতীয় পর্যায় সফল কৰিলে ৷ অসমৰ ৰাইজৰ আন্তৰিক সহযোগিতাৰ বাবে ৰাজ্যখনত লকডাউন কার্যসূচী সফল কৰাটো সম্ভৱ হৈছে ৷’ –এই মন্তব্য মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ ৷ দেওবাৰে ব্রহ্মপুত্র ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত এখন সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্রী সোণোৱালে প্রথম আৰু দ্বিতীয় পর্যায়ৰ দৰে তৃতীয় পর্যায়ৰ লকডাউনো সফল কৰিবলৈ ৰাজ্যবাসীৰ প্রতি আহ্বান জনায় ৷ তেওঁ কয় যে দেশৰ জনসাধাৰণৰ অর্থনৈতিক অৱস্থা টনকিয়াল কৰাৰ বাবে গৃহ মন্ত্রালয়ে কিছু ক্ষেত্রত শিথিলতা আনিছে ৷ জনসাধাৰণৰ আর্থিক অৱস্থা শক্তিশালী কৰিবলৈ লোৱা পদক্ষেপৰ সময়ত আমি সকলোৱে মনত ৰাখিব লাগিব ক’ৰোনাৰ বিৰুদ্ধে সূচনা হোৱা যুঁজখন এতিয়াও শেষ হোৱা নাই ৷ কেন্দ্রীয় চৰকাৰে কেতবোৰ নীতি–নির্দেশনাৰ জৰিয়তে শিথিলতা আনিলেও আমি যে ক’ৰোনা ভাইৰাছৰ পৰা মুক্ত হোৱা নাই, সেই কথা মনত ৰাখিব লাগিব ৷ তৃতীয় পর্যায়ৰ লকডাউনৰ সময়ছোৱাত সামাজিক দূৰত্ব বজাই ৰখা, মাস্ক পৰিধান কৰা, পৰিষ্কাৰ–পৰিচ্ছন্ন থাকি নিজকে ৰক্ষা কৰা আদি সন্দর্ভত স্বাস্থ্য বিভাগৰ নির্দেশনাসমূহ আমি মানি চলিব লাগিব৷ এই বিষয়সমূহত গুৰুত্ব আৰোপ কৰিলেহে আমি সকলোৱে সুৰক্ষিত হৈ থাকিম ৷

তেওঁ পুনৰ কয় যে আমি এই যুঁজত জয়ী হ’বই লাগিব ৷ জনসাধাৰণক নিৰোগী, সুৰক্ষিত আৰু স্বাস্থ্যৱান কৰি ৰাখিবলৈ ৰাজ্য চৰকাৰে সকলো ধৰণৰ পদক্ষেপ গ্রহণ কৰিছে ৷ ৰাজ্য চৰকাৰে ক’ৰোনাৰ সংক্রমণ প্রতিহত কৰাৰ বাবে দৃঢ়তাৰে যুঁজ দিছে ৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ যুঁজখনত সন্মুখৰ পৰা নেতৃত্ব দিয়াসকলক যোদ্ধা হিচাপে গণ্য কৰিবলৈ তেওঁ সকলোকে আহ্বান জনায় ৷ এই প্রসংগত মুখ্যমন্ত্রী সোণোৱালৰ ভাষ্য– আমি সকলোৱে তেওঁলোকৰ মনোবল বৃদ্ধিৰ বাবে উৎসাহ যোগাব লাগিব ৷ জনসাধাৰণৰ স্বার্থত জৰুৰী আৰু অত্যাৱশ্যকীয় সেৱাত জড়িত লোকসকলৰ মনোবল বৃদ্ধিৰ বাবে আমি সকলোৱে হাত উজান দিব লাগিব৷ জনসাধাৰণক সজাগ আৰু সচেতন কৰাৰ ক্ষেত্রত সংবাদ মাধ্যমে উল্লেখযোগ্য ভূমিকা গ্রহণ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে আগন্তুক দিনতো একেই সহযোগিতা কামনা কৰে ৷ তেওঁ কয় যে ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজত আত্মনিয়োগ কৰা সকলোৰে মনোবল যাতে অটুট থাকে, তাৰ বাবে আমি দৃষ্টি ৰাখিব লাগিব ৷ যোদ্ধাৰ মনোবল অটুট থাকিলে আমি জয়ী হ’ব পাৰিম ৷ মনোবল বৃদ্ধি কৰাটো আমাৰ মানৱীয় দায়িত্ব ৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সময়মতে লকডাউনৰ কার্যসূচী ঘোষণা কৰাৰ বাবে আজি দেশখনৰ জনগণ ৰক্ষা পৰিছে ৷ বিশ্বৰ মানৱ সমাজেও সেই কথা স্বীকাৰ কৰিছে ৷ কেন্দ্রীয় গৃহ মন্ত্রালয়, পেড্র’লিয়াম, ৰে’লৱে, গ্রাহক পৰিক্রমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰসমূহে লকডাউনৰ দুয়োটা পর্যায়তে ৰাজ্য চৰকাৰলৈ সকলোধৰণৰ সহযোগিতা আগবঢ়াইছে বুলি তেওঁ মন্তব্য কৰে ৷ লকডাউনৰ তৃতীয় পর্যায়তো কেন্দ্রৰ পৰা একেই সহযোগিতা লাভ কৰিব বুলি আশা প্রকাশ কৰে তেওঁ ৷ অসমৰ অর্থনীতি পুনৰুজ্জীৱিতকৰণৰ কৌশল নির্ধাৰণৰ বাবে পৰামর্শদাতা সমিতি গঠন কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই সমিতিয়ে জিলা তথা মণ্ডল পর্যায়লৈকে পৰামর্শদাতা সমিতি গঠন কৰি স্থানীয় অর্থনীতিবিদসকলৰ পৰামর্শ গ্রহণেৰে কৃষিভিত্তিক গ্রাম্য অর্থনীতি শক্তিশালী কৰাৰ ক্ষেত্রত পদক্ষেপ গ্রহণ কৰিব ৷ শৈক্ষিক দিশত ছাত্র–ছাত্রীসকলৰ কোনোধৰণৰ লোকচান নোহোৱাকৈ ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ পুনৰ আৰম্ভ কৰাৰ সংক্রান্তত ১১খন বিশ্ববিদ্যালয়ৰ অধ্যাপকসকলৰ সৈতে আলোচনা কৰা হৈছে ৷ শিক্ষাবিদসকলৰ পৰামর্শৰ ভিত্তিত ৰাজ্য চৰকাৰে শিক্ষানুষ্ঠানসমূহ মুকলি কৰাৰ বাবে পদক্ষেপ গ্রহণ কৰিব ৷

You might also like