নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুৰণি বিভিন্ন গাড়ীৰ সংগ্ৰহ থকা সোণাপুৰস্থিত ‘Treasured Wheel’ পৰিদৰ্শন মুখ্যমন্ত্ৰী সোণোৱালৰ

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰীঃ মঙলবাৰে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ লগতে পুৰণি দিনৰ বিভিন্ন গাড়ীৰ সংগ্ৰহ থকা সোণাপুৰস্থিত ‘Treasured Wheel’ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

‘Treasured Wheel’ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “এই দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ লগতে পুৰণি দিনৰ বিভিন্ন গাড়ীৰ সংগ্ৰহ থকা সোণাপুৰস্থিত ‘Treasured Wheel’ পৰিদৰ্শন কৰি ভাল লাগিল। পিকলু ডেকাৰ এই প্ৰচেষ্টাৰ আন্তৰিক শলাগ লৈছোঁ। এই সংগ্ৰহসমূহক কেন্দ্ৰ কৰি ‘Treasured Wheel’ক পৰ্যটন স্থলীলৈ ৰূপান্তৰিত কৰাৰ থল আছে।”

উল্লেখ্য যে  পুৰণি দিনৰ বিভিন্ন গাড়ীৰ সংগ্ৰহ থকা সোণাপুৰস্থিত ‘Treasured Wheel’ ত ১৯১৮–১৯ চন মানৰ পৰা ১৯৭০ চনলৈকে থকা গাড়ীসমূহ আছে৷ প্রায় ৫০খন পুৰণি গাড়ী এই সংগ্রাহালয়ত আছে৷ ঠিক তেনেকৈ মটৰচাইকেলো ১৯০১ চনৰ প্রথম পর্যায়ৰ মটৰচাইকেল আছে৷ দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত পেৰাচ্যুটৰ পৰা পেলাই দিয়া মটৰচাইকেল, সৈনিকে লগত লৈ অনা মটৰচাইকেল, লগত লৈ অনা ফল্ডিং মটৰ চাইকেল, যুদ্ধত ব্যৱহাৰ কৰা গাড়ী–মটৰ চাইকেলকে ধৰি বিভিন্ন ধৰণৰ সামগ্রী সংগ্রহ আছে৷ বিভিন্ন ধৰণৰ ২৫–৩০খন চাইকেল সংগ্রহ আছে এই ‘Treasured Wheel’ ত ৷ তেনেকৈ ৰেডিঅ’ আৰম্ভণিৰ পর্যায়ৰ পৰা আহি আহি এফ এম ৰেডিঅ’লৈকে কিছু সংখ্যক সংৰক্ষণ কৰা আছে৷

ইপিনে ‘Treasured Wheel’ ৰ শ্ৰষ্টা পিকলু ডেকাই কয় যে এই প্ৰচেষ্টাৰ উদ্দেশ্য এটাই, আহিবলগীয়া প্রজন্মই এই সংগ্রাহালয়ৰ পৰা ইতিহাস জানিব পাৰিব৷ একেদিনাই আমি পৃথিৱীখন জানিব নোৱাৰোঁ৷ আৱিষ্কাৰসমূহ পর্যায়ক্রমে আহি আহি কেনেকৈ আজিৰ পৰিৱেশ পালেহি, সেই বিষয়ে নৱপ্ৰজন্মই সংগ্রাহালয়ত আভাস পাব৷

You might also like