নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষক বিদ্ৰোহত হিংসাঃ ৰাজধানী দিল্লীত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা…

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰীঃ ৰাজধানী দিল্লীৰ লালকিল্লাত কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে।

দিল্লী আৰক্ষীৰ উৎসই জনোৱা মতে, কালি কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ ওপৰত ১৫ টা গোচৰ পঞ্জীয়ন কৰা হৈছে। এতিয়ালৈকে, ইষ্টাৰ্ণ ৰেঞ্জত ৫ খন এফআইআৰ দাখিল কৰা হৈছে।

ইতিমধ্যে লালকিল্লা মেট্ৰো ষ্টেচনৰ প্ৰৱেশ গেট বন্ধ কৰা হৈছে। এই ষ্টেচনেৰে সকলো মেট্ৰো ট্ৰেইন প্ৰস্থানৰ অনুমতি দিয়া হৈছে। অৱশ্যে আন সকলো ষ্টেচন খোলা আছে। সকলো লাইনত স্বাভাৱিকভাৱে সেৱা চলি আছে।

উল্লেখ্য যে কৃষি আইন বাতিলৰ বাবে প্ৰায় দুমাহ দিল্লীৰ ৰাজপথত আন্দোলনৰত কৃষকে মঙলবাৰে দিল্লীত উলিওৱা ট্ৰেক্টৰ সমদলে হিংসাত্মক দিশে গতি কৰা দেখা গৈছিল। সমদলৰ বাবে নিৰ্ধাৰিত পথৰ পৰা বিচ্যুত হোৱা একাংশ কৃষকে চেন্ট্ৰেল দিল্লীৰ আই টি অ’ত এখন ৰাজপথ অৱৰোধ কৰি ৰখাই থোৱা খালী বাছত আক্ৰমণ কৰে। ইয়াৰ পিছতে আৰক্ষীৰে খণ্ডযুদ্ধ হয়।

কিছু সময় পিছত পৰিস্থিতি শাম কাটে যদিও লালকিল্লা অভিমুখে গতি কৰি কৃষকে লালকিল্লাত পতাকা উৰুৱাই লালকিল্লাত জুম বান্ধে। হাতত লাঠী-ৰড-ডেগৰ লৈ অহা কৃষকৰ লগত আৰক্ষীয়ে হতাহতি লিপ্ত হয় যদিও বৰ্তমানলৈ হতাহতৰ সংখ্যা জানিব পৰা হোৱা নাই। যাৰ বাবে আজি লালকিল্লাত দেখা গৈছে কঠোৰ নিৰাপত্তা ব্যৱস্থা।

You might also like