নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষকৰ ৰূপত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চিৰাংত আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি মখ্যমন্ত্ৰী সোণোৱালে কণ কণ শিশুসকলক শিকালে ABCD

নিয়মীয়া বাৰ্তা ২১ জুলাইঃ চিৰাংৰ বিজনীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বান পৰিদৰ্শন ৷ বান শিবিৰ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী সোণোৱালে কণ কণ শিশুক শিকালে ABCD .. বৰ্ণমালা ৷ চিৰাঙৰ বিভিন্ন অঞ্চলত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি বান আৰু খহনীয়া পৰিদৰ্শন কৰাৰ লগতে পৰিদৰ্শন কৰিলে কেবাটাও বান শিবিৰ ৷ মুখ্যমন্ত্ৰী সোণোৱালে নোৱাপাৰা এলপি স্কুলত উপস্থিত হৈ বানাক্ৰান্ত লোকসকলৰ খা খবৰ লয় ৷ আনহাতে , শিবিৰত আশ্ৰয় গ্ৰহণ কৰা শিশুসকলোৰ অৱস্থাৰ বুজ লৈ ইংৰাজী বৰ্ণমালা পঢ়িবলৈ দিয়ে ৷

উল্লেখ্য যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চিৰাংৰ হাগ্ৰামা দলঙৰ কাষৰ আই নৈৰ খহনীয়া , মাঝৰাবাৰী এলপি স্কুলৰ লগতে নোৱাপাৰা এলপি স্কুলৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে ৷ বানাক্ৰান্ত ৰাইজৰ অৱস্থাৰ বুজ লৈ বান সাহায্য প্ৰদানৰ খা খবৰ লয় ৷ মুখ্যমন্ত্ৰীৰ এই বান পৰিদৰ্শনৰ সময়ত মন্ত্ৰী কেশৱ মহন্ত আৰু চন্দন ব্ৰহ্মও লগত আছিল ৷ মুখ্যমন্ত্ৰী সোণোৱালে বানাক্ৰান্তৰ বাবে চৰকাৰে পৰ্যাপ্ত পৰিমাণে প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰাৰ লগতে বান খহনীয়া প্ৰতিৰোধৰ বাবে আগন্তক দিনত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে ৷

You might also like