নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰী : বিজেপিৰ গাঁও চলো অভিযানৰ অংশস্বৰূপে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা অসমৰ গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ ৰজাপুখুৰী শ্যাম গাঁৱত কালি নিশা ভাস্কৰ শ্যামৰ চাংঘৰত প্ৰবাস কৰে। জাৰৰ নিশা উমাল আতিথ্যৰ মাজেৰে ভাস্কৰ শ্যাম গোহাঁইৰ বাসগৃহত কিছু ধুনীয়া সময় অতিবাহিত কৰি আপ্লুত হয় মুখ্যমন্ত্ৰী ড০ শৰ্মা। মুখ্যমন্ত্রীয়ে কয়, “ৰজাপুখুৰী শ্যামগাঁওবাসীৰ সৈতে ভগাই লোৱা সময়খিনিত মোদী চৰকাৰৰ কল্যাণমূলক আঁচনিসমূহৰ জৰিয়তে হোৱা সুপৰিৱৰ্তনৰ প্ৰভাৱ সম্পৰ্কে তেওঁলোকৰ ব্যক্তিগত অভিজ্ঞতা জনাৰো সুযোগ পালোঁ৷ এনে ইতিবাচক পৰিৱৰ্তনেৰে স্থানীয় সম্প্ৰদায়সমূহৰ জীৱনধাৰণৰ মান উন্নীত কৰাত সফল হোৱা মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগন্তুক যাত্ৰাৰ বাবে এয়া যে আশীৰ্বাদ স্বৰূপ, তাক আকৌ এবাৰ অনুধাৱন কৰিলোঁ৷” জুনিয়ৰ মিছ ইণ্ডিয়া ২০২৪ খিতাপেৰে সন্মানিত সৰুপথাৰৰ সংযুক্তা শ্যাম কণমানিগৰাকীক ভাস্কৰ শ্যামৰ চাংঘৰত লগ পাই সুখী হোৱা বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্রী ড০ শৰ্মাই।কণমানিগৰাকীৰ বুদ্ধিমত্তা আৰু প্ৰতিভাই আপ্লুত কৰিলে মুখ্যমন্ত্রী ড০ শৰ্মাক৷ সংযুক্তাৰ উজ্জ্বল ভৱিষ্যতৰ শুভেচ্ছা জনোৱাৰ লগতে কন্যাৰ প্ৰতিভা আৰু দক্ষতাক সমৰ্থন কৰিবলৈ কোনো ধৰণৰ চেষ্টাৰ ত্ৰুটি নকৰা পিতৃ-মাতৃৰো আন্তৰিকতাৰে শলাগ ললে মুখ্যমন্ত্রী ড০ শৰ্মা। নিশা মুখ্যমন্ত্ৰী ড০ শৰ্মাক গাঁওবাসীয়ে সম্পুর্ণ থলুৱা খাদ্য সম্ভাৰেৰে আপ্যায়ন কৰে। নিশা মুখ্যমন্ত্রী ড০ শৰ্মাৰ সৈতে কিছু সময় থাকে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন। মাছ, মুৰ্গী মাংস, গাহৰি মাংসকে সকলো পৰম্পৰাগত থলুৱা খাদ্যৰ যোগাৰ কৰা হৈছিল। কিন্তু মুখ্যমন্ত্ৰী ড০ শৰ্মাই মাছেৰেহে নিশাৰ আহাৰ গ্ৰহণ কৰিছে বুলি সাংবাদিকক জানিবলৈ দিয়ে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে। মুখ্যমন্ত্রী ড০ শৰ্মাই বিশ্বজিৎ ফুকনৰ সৈতে নিশা প্ৰায় ন বজাত গাঁওখন খোজকাঢ়ি পৰিদৰ্শন কৰে। গাঁও পৰিদৰ্শন কৰাৰ সময়ছোৱাত পদূলিয়ে পদূলিয়ে গাঁওবাসী পুৰুষ মহিলাক লগ পাই বাৰ্তা লাপ কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মা। গাঁওবাসীৰ সৈতে চেলফি উঠে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। নিশা গাঁওখনত খোজ কঢ়াৰ সময়ছোৱাত পথৰ দাঁতিত দোকান দিয়া চাহ দোকানী মহিলাৰ দোকানত উপস্থিত হৈ ৰঙা চাহ আৰু পপৰ জুতি লয়। পুৱা সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে সাংবাদিকক সম্বোধন কৰি কয় যে যোৱা আঢ়ৈ বছৰত সৰুপথাৰ সমষ্টিলৈ মুখ্যমন্ত্ৰীয়ে ১৩০০ কোটি টকা প্ৰদান কৰিছে। শ্যাম গাঁৱৰ শতবৰ্ষ গৰকা বৌদ্ধ মন্দিৰৰ বাবেও যি প্ৰয়োজন মুখ্যমন্ত্ৰী ড০ শৰ্মাই আগবঢ়োৱাৰ কথা কৈছে বুলি বিধায়ক বিশ্বজিৎ ফুকনে জানিবলৈ দিয়ে। পুৱা মুখ্যমন্ত্রী ড০ শৰ্মাই গাঁও চলো অভিযান কাৰ্যসূচীৰ সামৰণি অনুষ্ঠান অনুসৰি গাঁওখনৰ অংচা জিলদৈ শ্যাম হাই স্কুলৰ ছাত্র ছাত্ৰীক পথৰ লগ পাই মত বিনিময় কৰে। ইয়াৰ পিছত বৰপথাৰ অস্থায়ী হেলিপেডলৈ যাত্ৰা আৰম্ভ কৰে। ৰজা পুখুৰী শ্যাম গাঁৱৰ পৰা সৰুপথাৰ নগৰৰ মাজেৰে বৰপথাৰলৈ যাত্রা কৰে মুখ্যমন্ত্রী ড০ শৰ্মাই। যাত্ৰা পথত সৰুপথাৰ নগৰৰ মাজমজিয়াত বিজেপি নেতা দীনেশ ভীলৱাৰীয়াৰ ঘৰৰ সন্মুখত সমবেত ৰাইজৰ সৈতে বাৰ্তালাপ কৰে। যাত্রা পথত মুখ্যমন্ত্রীগৰাকীয়ে গাড়ীৰ পৰা নামি সৰুপথাৰ বৰপথাৰৰ বিভিন ঠাইত ৰাইজৰ সৈতে বাৰ্তালাপ কৰে। ইয়াৰ পিচত বৰপথাৰত উপস্থিত হৈ আটক ধুনীয়াকৈ নিৰ্মাণ কৰা বৰপথাৰ মণ্ডল বিজেপি কাৰ্যালয় গৃহৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্রীয়ে। মুখ্যমন্ত্রীক এখন ফুলাম গামোচা আৰু সফুৰাৰে আদৰণি জনায় বৰপথাৰ মণ্ডল বিজেপিৰ সভাপতি অসীম দত্তই। ইয়াৰ পিছত বিজেপি কাৰ্যালয় গৃহৰ চৌহদত এটি গছ পুলি ৰোপন কৰে। বিজেপি কাৰ্যালয় গৃহ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক চাবলৈ হাজাৰ হাজাৰ দলীয় কৰ্মী অনুৰাগীয়ে ভিৰ কৰে। মুখ্যমন্ত্রী ড০ শৰ্মাক ওচৰতে দেখা পাই অভিভুত হৈ পৰে অনুৰাগী। মামা মামা বুলি সম্বোধন কৰি নিৰাপত্তা বেষ্টনীৰ ভেহু ফালি মুখ্যমন্ত্রী ড০ শৰ্মাৰ ওচৰলৈ আগবাঢ়ি গৈ ফটো তুলে বহু অনুৰাগীয়ে। বিজেপি কাৰ্যালয় গৃহ উদ্বোধন কৰি মুখ্যমন্ত্রী ড০ শৰ্মা হিমন্ত বিশ্ব শৰ্মা বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ অস্থায়ী হেলিপেডৰ পৰা হেলিকপ্টাৰেৰে যোৰহাটলৈ ৰাওনা হয়।
প্ৰেৰক মাখমুদ আলী