নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৰুখুঁটিয়ে কর্মসংস্কৃতিৰ নতুন ইতিহাস ৰচিব

কৃষি প্রকল্পৰ বিস্তীর্ণ সৰিয়হৰ হালধীয়াৰ মাজত অভিভূত মুখ্যমন্ত্রী

নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ ‘গৰুখুঁটি কৃষি প্রকল্পহ অসমত কর্মসংস্কৃতিৰ এক নতুন ইতিহাস ৰচনা কৰিব৷ অসমক আত্মনির্ভৰশীল কৰি গঢ়ি তোলাৰ ক্ষেত্রত প্রেৰণা দিব গৰুখুঁটিয়ে৷ অসমীয়া জাতিক নতুন প্রাণ দিব গৰুখুঁটিয়ে৷’– এহ আত্মবিশ্বাস ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ ছিপাঝাৰৰ গৰুখুঁটি বহুমুখী কৃষি প্রকল্পত দিনজোৰা মাৰাথন কার্যসূচীত অংশ লৈ প্রকল্পত নিয়োজিত যুৱক–যুৱতীৰ কর্মস্পৃহা দেখি এহদৰে কয় মুখ্যমন্ত্রীগৰাকীয়ে৷অসমীয়া জাতিৰ বর্তমানৰ অৱস্থাৰ কথা উদ্বেগেৰে উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাহ আৰু কয়– ‘অসমীয়া জাতিটোৱে যোৱা কেহটামান দশকত কর্মসংস্কৃতিৰ পৰা আঁতৰি থকাৰ বাবেহ হেৰুৱাব লগা হৈছিল ভূমিৰ লগতে ৰাজনৈতিক, সামাজিক আৰু অর্থনৈতিক অধিকাৰ৷ যাৰ বাবে বিভিন্ন দিশত পিছপৰি থাকিবলগীয়া হৈছিল জাতিটো৷ সেয়েহে এতিয়া জাতিটোৱে আত্মসমালোচনা কৰাৰ সময় আহি পৰিছে৷ জাতিটো সাৰ পাবৰ হ’ল, জাতিটোৱে নতুনকৈ চিন্তা কৰিবৰ হ’ল৷ এটা সময়ত শংকৰদেৱ–মাধৱদে আশীর্বাদ লৈ অসমীয়া জাতিয়ে কর্মসংস্কৃতিৰে আগবাঢ়ি গৈছিল৷ অসমীয়া জাতিয়ে একে নিশাতে গড় বান্ধি মোগলক পৰাভূত কৰিছিল৷ সেয়েহে মানসিকতাৰ পৰিৱর্তন সাধন কৰি আগবাঢ়ি যাব লাগিব৷ এতিয়া ৰাজপথত কেৱল জয় আহ অসমৰ আন্দোলন কৰিলে নহ’ব৷ আধুনিক যুগৰ আন্দোলন হ’ব লাগিব কেৱল ডৎপাদনমুখী আন্দোলন৷সেয়ে ডৎপাদন অর্থাৎ কৃষি কর্মৰে গৰুখুঁটিত নতুন হতিহাস লিখা হ’ব৷ ৰাসায়নিক সাৰ প্রয়োগেৰে নহয়, গৰুখুঁটিত কেৱল জৈৱিক পদ্ধতিৰে খেতি কৰি দাঙি ধৰা হ’ব নতুন পৰিচয়৷’

উল্লেখ্য যে প্রকল্পস্থলীত কেইবাখনো ডন্নয়নমুখী আঁচনিৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাহ এতিয়াও ধলপুৰৰ চৰকাৰী ভূমি বেদখল কৰি থকা লোকসকলক নিজেহ আঁতৰি যাবলৈও আহ্বান জনায়৷ হয়াত কোনোৱে আৰু ঘৰ বান্ধি থাকিবলৈ নাহে বুলি মন্তব্য কৰি হয়াত সাম্প্রদায়িকতা কিম্বা ৰাজনীতি নাই বুলিও স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্রী ড০ শর্মাই৷ গৰুখুঁটিত ডৎপাদিত পাচলি হিন্দু, মুছলমান সকলোৱে খাব আৰু আত্মনির্ভৰশীলতাৰ বিপ্লৱ আগবাঢ়ি যাব বুলিও ডল্লেখ কৰে৷ লক্ষণীয় যে ঐতিহাসিক ধলপুৰৰ শিৱ মন্দিৰৰ সমীপত আকাশমার্গেৰে আহি ডপস্থিত হৈয়ে প্রথমে মুখ্যমন্ত্রী ড০ শর্মাই মন্দিৰত আশিস গ্রহণ কৰে৷ তাৰ পিছতে মন্দিৰৰ সমীপৰ ব্রহ্মপুত্র সংলগ্ণ মৰানৈৰ খহনীয়া প্রতিৰোধ আঁচনিৰ ডদ্বোধন কৰে৷ তাৰ পৰা পোনে পোনে কৃষি প্রকল্পৰ কৃষিকার্য পৰিদর্শন কৰে৷ বিস্তীর্ণ হালধীয়া সৰিয়হৰ মাজত কিছু সময় অতিবাহিত কৰি অভিভূত হৈ পৰা মুখ্যমন্ত্রী ড০ শর্মাই প্রকল্পৰ গাহৰি পাম আঁচনিৰ শুভাৰম্ভ কৰে৷ হয়াৰ পিছতে মুখ্যমন্ত্রী ড০ শর্মা ডপস্থিত হয় প্রকল্পস্থলীত অস্থায়ীভাৱে নির্মাণ কৰা নামঘৰ প্রাংগণত৷ উক্ত ঠাহত স্থায়ী নামঘৰৰ নির্মাণ কার্যৰ শুভাৰম্ভ আৰু অসম আন্দোলনৰ শ্বহীদ স্মৃতিত নির্মাণ হ’বলগীয়া শ্বহীদ উদ্যানৰ আধাৰশিলা স্থাপন কৰে৷ এই কার্যসূচীৰ পিছতে মুখ্যমন্ত্রী ড০ শর্মাই গৰুখুঁটি কৃষি প্রকল্পত নিয়োজিত কৃষকসকলৰ স’তে এক মত বিনিময় অনুষ্ঠানত ভাগ লয়৷

কৃষি সমিতিৰ অধ্যক্ষ পদ্ম হাজৰিকাহ আদৰণী বক্তব্য ৰখা অনুষ্ঠানত মুখ্যমন্ত্রী ড০ শর্মাহ কৃষি প্রকল্পৰ যুৱক–যুৱতীসকলক্ সেনানী বুলি ডল্লেখ কৰে৷ কৃষি সমিতিৰ অধ্যক্ষ পদ্ম হাজৰিকা, সদস্যদ্বয় ক্রমে ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী আৰু খুমটাহৰ বিধায়ক মৃণাল শহকীয়া আৰু সাংসদ দিলীপ শহকীয়াহ গ্রহণ কৰা তৎপৰতাক বিশেষভাৱে প্রশংসা কৰি কৃষি সেনানীসকলক ডদ্দেশ্যি মুখ্যমন্ত্রী ড০ শর্মাই কয়– ‘চাকৰিমুখিতাহ সমাজখনক বহু ক্ষতি কৰিছে৷ চাকৰি বিচাৰি বহু লোকে দুর্বিষহ জীৱন কটাহছে৷ সেয়ে জাতিটোৱে কর্মসংস্কৃতি ঘূৰাহ আনিব লাগিব৷ আৰু কর্মসংস্কৃতি ঘূৰাহ অনাৰ প্রেৰণা হওক এহ গৰুখুঁটি কৃষি প্রকল্প৷’ তেওঁ লগতে কয়– ‘এহ গৰুখুঁটিৰ পৰাহ কৃষি সেনানীসকলে ৰচনা কৰিব লাগিব নতুন সপোন৷’ আনকি এহক্ষেত্রত চৰকাৰে মুকলি সহায় আগবঢ়াহ যাব বুলিও স্পষ্টভাৱে ডল্লেখ কৰে মুখ্যমন্ত্রী ড০ শর্মাই৷ গৰুখুঁটিত নিয়োজিত যুৱক–যুৱতীসকলক্ আত্মনির্ভৰশীল অসমৰ সংকল্পৰে আগবাঢ়ি যোৱাৰো আহ্বান জনায়৷ দৰঙৰ অভিভাৱক মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, চতিয়াৰ বিধায়ক তথা গৰুখুঁটি কৃষি প্রকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাৰ লগতে প্রকল্পৰ অন্যতম সদস্য তথা খুমটাহৰ বিধায়ক মৃণাল শহকীয়া, স্থানীয় বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা, মঙলদৈৰ প্রাক্তন বিধায়ক গুৰুজ্যোতি দাস আদি ডপস্থিত থকা ডক্ত মত বিনিময় অনুষ্ঠানতে মুখ্যমন্ত্রীগৰাকীয়ে গৰুখুঁটিৰ প্রকল্পস্থলীত আজি নির্মাণৰ শুভাৰম্ভ কৰা নামঘৰলৈ অসম চৰকাৰে এক কোটি টকা আৰু ধলপুৰ শিৱ মন্দিৰলৈ ১০ কোটি টকা আগবঢ়াব বুলিও ঘোষণা কৰে৷ মত বিনিময় অনুষ্ঠানৰ পিছতে মুখ্যমন্ত্রী ড০ শর্মাই প্রকল্পৰ বয়ন শিল্প কেন্দ্র নির্মাণ আঁচনি, প্রকল্পস্থলীৰ কৃষি ডন্নয়ন বিষয়াৰ কার্যালয়, প্রকল্প সংযোগী মূল পথৰ নির্মাণৰ শুভাৰম্ভ, জলসিঞ্চন আঁচনি মুকলি, গো–শালা আৰু মৎস্য ডৎপাদন কেন্দ্রৰ শুভাৰম্ভ অনুষ্ঠান সম্পন্ন কৰে৷ ডক্ত কার্যসূচীৰ পিছতে ডপস্থিত ৰাহজক সম্বোধন কৰে মুখ্যমন্ত্রী ড০ শর্মাই৷ গুজৰাটলৈ গৈ গিৰগাহৰ প্রতিপালনৰ প্রশিক্ষণ লৈ অহা প্রকল্পৰ পোন্ধৰজনীয়া যুৱকৰ দলটোক মানপত্র প্রদান কৰাৰ লগতে ‘দৌৰাংগ’ শীর্ষক বার্তালোচনীৰো শুভ ডন্মোচন কৰে মুখ্যমন্ত্রী ড০ শর্মাই৷ মুখ্যমন্ত্রী ড০ শর্মাই আত্মবিশ্বাস আৰু চিন্তাকর্ষক বক্তব্যত অসমীয়া জাতি–মাটি আৰু ভেটি নির্মাণৰ বাবে কৰা চিন্তাৰ প্রতিফলন ঘটাৰ লগতে সাম্প্রতিক অসমৰ প্রেক্ষাপটৰ ওপৰতো বক্তব্য ৰাখে৷ গুজৰাটৰ কথা ক’লে একাংশ মানুহে কৰা সমালোচনাক উভতি ধৰি মুখ্যমন্ত্রী ড০ শর্মাৰ বক্তব্য– ‘গুজৰাটত যদি চান্দা সংস্কৃতি বন্ধ হৈছে, তেতিয়া গুজৰাটৰ লগত প্রতিযোগিতা কৰাত আপত্তি কি’ গৰুখুঁটি কেৱল গাখীৰ আৰু মিঠাতেলৰ ডৎপাদনৰ কেন্দ্র হিচাপে নহয়, গৰুখুঁটি অসমীয়া জাতি–কর্মসংস্কৃতিৰ ডদ্ধাৰৰ এটা প্রকল্প হোৱাৰো আশা প্রকাশ কৰে মুখ্যমন্ত্রী ড০ শর্মাই৷
মুখ্যমন্ত্রীক পাহ উৎফুল্লিত প্রকল্পৰ যুৱক–যুৱতীঃ গোশালাত গিৰ গাহৰ ডিঙিত পিন্ধালে পঘা
আজি দিনজোৰা কার্যসূচীৰে গৰুখুঁটি কৃষি প্রকল্পত উপস্থিত হোৱা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাহ অংশ লয় কেহবাটাও কার্যসূচীত৷বিশেষকৈ প্রকল্পত নিয়োজিত যুৱক–যুৱতীসকলৰ্ লগত অন্তৰংগভাৱে পাৰ কৰা সময়খিনি আছিল যথেষ্ট গুৰুত্বপূর্ণ৷ যুৱক–যুৱতীসকলক্ উদ্দেশ্যি মুখ্যমন্ত্রীগৰাকীয়ে আগবঢ়োৱা প্রেৰণাদায়ক ভাষণে উদ্বুদ্ধ কৰে যুৱক–যুৱতীসকলক্৷ মুখ্যমন্ত্রীগৰাকীয়ে আসনৰ পৰা উঠি একেবাৰে ওচৰৰ পৰা যুৱক–যুৱতীসকলক্ কৰমর্দন কৰাটোৱে উৎফুল্লিত কৰি তোলে৷ আনহাতে, বয়ন শিল্প কেন্দ্রটো উদ্বোধনৰ পাছত তাঁতশালসমূহ পর্যবেক্ষণ কৰাৰ সময়ত শিপিনী–যুৱতীসকলে মুখ্যমন্ত্রীগৰাকীৰ লগত ছেলফি ল’বলৈও হেতা–ওপৰা লগায়৷ অৱশ্যে মুখ্যমন্ত্রীগৰাকীয়েও কেহবাগৰাকীও শিপিনীৰ লগত ছেলফি উঠি উৎসাহিত কৰে৷ হফালে গুজৰাটৰ গিৰ গাহ সমৃদ্ধ গোশালা উদ্বোধন কৰি মুখ্যমন্ত্রীয়ে নিজে গাহৰ ডিঙিত পঘা লগাহ বন্ধাৰ লগতে ঘাঁহ গুঁজি দিয়ে মুখত৷মুখ্যমন্ত্রী হৈও তেনেহ সাধাৰণভাৱে সম্পন্ন কৰা এনেবোৰ কার্যসূচীৰ বাবেহ আজি যথেষ্ট উৎফুল্লিত দেখা গ’ল প্রকল্পৰ যুৱক–যুৱতীসকলক্৷ লক্ষণীয় যে প্রকল্পৰ যুৱক–যুৱতীক এযোৰকৈ গৰম কাপোৰো আজি প্রদান কৰে মুখ্যমন্ত্রীয়ে৷ ক্রমাৎ বহুমুখী ৰূপ লোৱা গৰুখুঁটি কৃষি প্রকল্পৰ শৃংখলিত কাম–কাজ দেখি সন্তোষ প্রকাশ কৰি মুখ্যমন্ত্রীয়ে৷ অহা ছমাহৰ মূৰত আকৌ গৰুখুঁটিলৈ অহাৰ হচ্ছাও ব্যক্ত কৰিলে৷

You might also like