নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষি আইন প্রত্যাহাৰ বিধেয়কত স্বাক্ষৰ ৰাষ্ট্রপতিৰ

নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ বিতর্কিত তিনি কৃষি আইন বাতিলৰ বাবে চলিত সংসদৰ শীতকালীন অধিৱেশনত গৃহীত হোৱা কৃষি আইন প্রত্যাহাৰ বিধেয়কত ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দই আজি স্বাক্ষৰ কৰে৷ ৰাষ্ট্রপতিগৰাকীয়ে স্বাক্ষৰ কৰাৰ পিছতেই এই বিধেয়কখন আইনত পৰিণত হ’ল আৰু বিতর্কিত তিনি কৃষি আইন প্রত্যাহাৰৰ পথ প্রশস্ত হ’ল৷ উল্লেখ্য যে তিনি বিতর্কিত কৃষি আইন বাতিলৰ দাবীত বছৰজোৰা কৃষক আন্দোলন প্রতিবাদী কৃষক সংগঠনসমূহে অব্যাহত ৰখাৰ বাবে যোৱা ১৯ নৱেম্বৰত প্রধানমন্ত্রী মোদীয়ে তিনি কৃষি আইন প্রত্যাহাৰৰ সিদ্ধান্ত ঘোষণা কৰে৷ এই মর্মে যোৱা ২৯ নৱেম্বৰত আৰম্ভ হোৱা চলিত শীতকালীন অধিৱেশনৰ প্রথম দিনাই লোকসভা আৰু ৰাজ্যসভাত কৃষি আইন প্রত্যাহাৰ বিধেয়েক গৃহীত কৰা হয়৷

You might also like