🔹 এডভাণ্টেজ আছাম ২.০
🔹 সোমবাৰে ৰোড শ্ব’ত অংশগ্রহণ কৰিব ড০ শর্মাই
বিশেষ বাৰ্তা, ৫ জানুৱাৰী : অসম চৰকাৰৰ উচ্চ ক্ষমতাসম্পন্ন প্রতিনিধি দলৰ নেতৃত্বত মুম্বাইলৈ যোৱা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টাটা কোম্পানীৰ অধ্যক্ষ এন চন্দ্রশেখৰণক সাক্ষাৎ কৰি আগন্তুক এডভাণ্টেজ আছাম ২.০ তথা বিনিয়োগ আৰু ঔদ্যোগিক ক্ষেত্রত অসমৰ বৃহৎ সম্ভাৱনীয়তাৰ বিষয়ে মত বিনিময় কৰে৷ অসমত বিনিয়োগৰ পূর্ণ সম্ভাৱনীয়তাৰ বিষয়ে উপস্থাপন কৰি টাটা গ্রুপৰ বিভিন্ন কোম্পানীৰ মুখ্য কার্যবাহী বিষয়া আৰু প্রতিনিধিবর্গৰ সৈতে এক ফলপ্রসূ বৈঠকত মিলিত হয়৷ বৈঠকত টাটা গ্রুপৰ হৈ টাটা কনজিউমাৰৰ মুখ্য কার্যবাহী বিষয়া সুনীল ডিছোজা, টাটা পাৱাৰৰ মুখ্য কার্যবাহী বিষয়া ড০ প্রবীৰ সিন্হা, টাটা ইলেক্ট্রনিক্সৰ মুখ্য কার্যবাহী বিষয়া ড০ ৰন্ধিৰ ঠাকুৰ, আই এইচ চি এলৰ ই ভি পি সুমা ভেংকটেশ, টাটা ছ’নছৰ জ্যেষ্ঠ উপাধ্যক্ষ সুচাৰিতা চৌধুৰী আৰু টি এছ এম জিৰ অধ্যক্ষ ৰাজ ময়ূৰ শর্মা উপস্থিত থাকে৷ এই মত বিনিময়ৰ সময়ত মুখ্যমন্ত্রী ড০ শর্মাই অসমৰ অর্থনৈতিক বিকাশৰ ক্ষেত্রত আন্তঃগাঁথনি, সেউজ শক্তি, চাহ, ইলেক্ট্রনিক্স, ছেমিকণ্ডাক্টৰ, দক্ষতা বিকাশ আদি বিভিন্ন পদক্ষেপৰ বিষয়ে আলোচনা কৰে৷ আলোচনা কালত মুখ্যমন্ত্রী ড০ শর্মাই অসমৰ বাবে টাটা গ্রুপৰ সম্প্রসাৰণ পৰিকল্পনাৰ পর্যালোচনা কৰাৰ লগতে অহা ফেব্রুৱাৰীত অনুষ্ঠিতব্য এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণত টাটা গ্রুপৰ অংশগ্রহণ আৰু সক্রিয় সহযোগিতা কামনা কৰে৷ উল্লেখ্য যে অহা ২৫ আৰু ২৬ ফেব্রুৱাৰীত অসমত অনুষ্ঠিত হ’বলগীয়া এডভাণ্টেজ আছাম ২.০ শীর্ষক আন্তঃগাঁথনি আৰু বিনিয়োগ সন্মিলন সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাৰ সৈতে তিনিদিনীয়া ভ্রমণসূচীৰে মুম্বাইত ৰোড শ্ব’ত ভাগ ল’বলৈ যোৱা অসমৰ প্রতিনিধি দলটোত আছে মুখ্য সচিব ড০ ৰবি কোটা, মুখ্যমন্ত্রীৰ প্রধান সচিব ড০ কে কে দ্বিবেদী, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্রতিষ্ঠান বিভাগৰ সচিব ড০ লক্ষ্মণম এছ৷ ইয়াৰ পিছতে মুখ্যমন্ত্রীয়ে ছান ফার্মাৰ কার্যবাহী সঞ্চালক আলোক ছাংভী আৰু গ্ল’বেল হেড অৱ অপাৰেচন ৰাহুল অৱস্থিৰ সৈতেও আন এক বৈঠকত মিলিত হয়৷ প্রণিধানযোগ্য যে অসম চৰকাৰে আগন্তুক ‘এডভাণ্টেজ আছাম ২.০’ শীর্ষক আন্তঃগাঁথনি আৰু বিনিয়োগ সন্মিলন সন্দর্ভত এফ আই চি চি আইৰ সহযোগত অহা ৬ জানুৱাৰীত মুম্বাইত এক ৰোড শ্ব’ৰ আয়োজন কৰিছে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ নেতৃত্বত অনুষ্ঠিত হ’বলগীয়া এই ৰোড শ্ব’ত ২০২৪ বিত্তীয় বর্ষত মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ১৯.১ শতাংশ বৃদ্ধিকে ধৰি অসমৰ অর্থনৈতিক বিকাশ তথা বিনিয়োগ আৰু আন্তঃগাঁথনি উন্নয়নৰ উজ্জ্বল ছবিখন দাঙি ধৰা হ’ব৷ আগন্তুক এডভাণ্টেজ আছাম ২.০ শীর্ষক সন্মিলন সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ভাৰতৰ অর্থনৈতিক বিকাশত অসমে এক গুৰুত্বপূর্ণ ভূমিকা ল’বলৈ সাজু হৈছে৷ অনুকূল ব্যৱসায়িক পৰিৱেশ সৃষ্টিৰ ক্ষেত্রত ৰাজ্যখনৰ নিৰন্তৰ প্রচেষ্টা আৰু উদীয়মান খণ্ডসমূহৰ ওপৰত ৰাজ্যখনৰ কৌশলগত মনোনিৱেশে ফল দিবলৈ ধৰিছে৷ তেওঁ কয় যে ভাৰতত বিনিয়োগ আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে অসমৰ এক আগশাৰীৰ গন্তব্যস্থান হিচাপে উত্থান ঘটিছে৷ মুম্বাই ভ্রমণৰ অংশ হিচাপে মুখ্যমন্ত্রী ড০ শর্মাই লার্চেন এণ্ড টাওবো, মহিন্দ্রা গ্রুপ আৰু আদানি বিমানবন্দৰৰ দৰে বৃহৎ উদ্যোগ আৰু ব্যৱসায়িক গোষ্ঠীৰ সৈতে আলোচনাত মিলিত হ’ব৷ ইয়াৰ উপৰি, মুখ্যমন্ত্রী ড০ শর্মাই ছান ফার্মা, এইচ ডি এফ চি বেংক, এইচ ইউ এল, লাক্সমী টী, ৱেলছপুন গ্রুপ, টাটা ড্রাষ্ট, ডি মার্ট, পিৰামল গ্র’গ আৰু অন্যান্য বাণিজ্যিক সংস্থাসমূহৰ দৃষ্টি আকর্ষণ কৰি অসমত বিনিয়োগৰ পথ বিচাৰি উলিয়াব৷ মুখ্যমন্ত্রী ড০ শর্মাই ইলেক্ট্রনিক্স আৰু ছেমিকণ্ডাক্টৰ, মহাকাশ আৰু প্রতিৰক্ষা সামগ্রী উৎপাদন, নবীকৰণযোগ্য শক্তি, ঔষধ আৰু খাদ্য সংসাধন, হাহড্র’কার্বন আদি বিভিন্ন মূল খণ্ডৰ উল্লেখযোগ্য সুযোগ–সুবিধাসমূহৰ ওপৰতো আলোকপাত কৰে৷ তেওঁ লগতে ব্যৱসায়ৰ ক্ষেত্রত এক আকর্ষণীয় গন্তব্যস্থল হিচাপে অসমৰ বিনিয়োগ নীতি, ভৌগোলিক অৱস্থান আৰু শক্তিশালী আন্তঃগাঁথনিৰ বিষয়েও ঔদ্যোগিক সংস্থাসমূহৰ দৃষ্টি আকর্ষণ কৰে৷