👉সদ্যনিযুক্তিপ্ৰাপ্তক লগত এখনকৈ পিতৃ-মাতৃৰ ফটো ৰাখিবলৈ আহ্বান
👉 চৰকাৰী কামত বিলম্ব কৰিলেই প্ৰতিদিনে দৰমহাৰ পৰা কৰ্তন ১০০ টকাকৈ
👉 এক লাখ চাকৰিত দুৰ্নীতিৰ কোনো উপাদানেই নাই।
👉চৰকাৰৰ ডিজিটেল ব্যৱস্থাৰ ফলত ৰাইজৰ কষ্ট লাঘৱ হৈছে।
👉চৰকাৰী কাৰ্য্যালয়ত এতিয়াৰে পৰা নাথাকে এখনো কাগজ পৰি।
বিশেষ বাৰ্তা, ৫ আগষ্টঃ “বৰ্তমান হাত দঙাৰ প্ৰতিযোগিতা চলি আছে। এয়া আমাৰ বাবে শুভলক্ষণ নহয়।” এই মন্তব্য মুখ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। আজি কলাক্ষেত্ৰত অনুষ্ঠিত এক অনুষ্ঠানত এই গুৰুত্বপূৰ্ণ মন্তব্য় কৰে মুখ্য়মন্ত্ৰীয়ে। তেওঁ কয় যে ১২০জনে হাত দাঙিছে বিগত সময়ত। এই হাত দাঙিছে একমাত্ৰ ভেঁটী খোৱাৰ স্বাৰ্থত। কিন্তু তেওঁলোকৰ পিতৃ মাতৃ তেনেকুৱা নাছিল। তেওঁলোকৰ পিতৃ মাতৃ সুসংস্কাৰী আছিল। কষ্ট কৰি জীৱন নিৰ্বাহ কৰা সহজ-সৰল ব্যক্তি আছিল। ৪০গৰাকী পিতৃ মাতৃৰ খবৰ মই নিজেই লোৱাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁলোক আজি জীয়াই থকা হ’লে চৰকাৰতকৈ আগতে তেওঁলোকে লাজ পালেহেঁতেন। ইফালে নতুনকৈ নিযুক্তি পোৱাসকলক লগত এখনকৈ পিতৃ-মাতৃৰ ফটো ৰাখিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে। এই বিষয়ত তেওঁ কয় যে “আমি এক লাখ চাকৰি দিলোঁ। ক’তো পিন এটা পৰাৰো শব্দ নহ’ল। ক’তো দুৰ্নীতিৰ উপাদান নাই । পিন এটা পৰিলেও শব্দ হয়, কিন্তু ১ লাখ চাকৰি দিয়া হ’ল এটা শব্দও নহ’ল। কিন্তু ৫ বছৰ আগৰ বাতৰিকাকত খুলি ল’লে সম্পূৰ্ণ বিপৰীত খবৰ দেখিবলৈ পোৱা যায়।” তেওঁ লগতে কয়, অসমত ডেৰ-দুই বছৰৰ ভিতৰত ভাবিব নোৱাৰা ধৰণে কাম হৈছে। আনহাতে তেওঁ কয়, চৰকাৰৰ ডিজিটেল ব্যৱস্থাই ৰাইজৰ কষ্ট লাঘৱ কৰিব সক্ষম হৈছে। লগতে RTPS commission কাৰ্যক্ষম কৰিবলৈ সক্ষম হ’ব বুলিও দোহাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । লগতে তেওঁ কয়, চৰকাৰী কাৰ্য্যালয়লৈ গৈ মানুহৰ কাম সময়মতে নহয়। PRC এখন বনাব হ’লেও সময়মতে নহয়। যাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে। চৰকাৰী কামত বিলম্ব কৰিলে প্ৰতিদিনে সেই বিষয়াজনৰ দৰমহাৰ পৰা ১০০ টকাকৈ কৰ্তন কৰা হ’ব । লগতে কামটোও লগে লগেই কৰি দিব লাগিব । তেওঁ কয়, চৰকাৰী কৰ্মচাৰী এজনে অৱসৰ লোৱাৰ সময়ত তেওঁক ছাতি, গামোচা দিয়ে কিন্তু পেন্সনৰ কাগজখন নিদিয়ে । বিনামূলীয়াকৈ কাম কৰি দিলে ৫০০ টকা লোকচান হ’ব বুলি কামটো কৰি নিদিয়ে। চৰকাৰী কাৰ্য্যালয়ত এতিয়াৰে পৰা এখনো কাগজ পৰি নাথাকে। দুমাহৰ ভিতৰত এই পৰিৱৰ্তন হ’ব ।