বিশেষ বাৰ্তা, ১ মাৰ্চঃ অসমীয়াৰ স্বাভিমান বিহুক আন্তঃৰাষ্ট্রীয় পর্যায়ত তুলি ধৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্রহণ কৰা বিশাল আয়োজনৰ সময়তে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিগত বর্ষৰ দৰে এইবাৰো বিহুত বলপূর্বকভাৱে ব্যৱসায়ীসকলৰ পৰা চান্দা নল’বলৈ আহ্বান জনায়৷ মুখ্যমন্ত্রীয়ে কয়– বিগত বর্ষৰ দৰে এইবাৰো কোনেও যাতে ব্যৱসায়ীসকলৰ পৰা বলপূর্বকভাৱে দান–বৰঙনি সংগ্রহ নকৰে৷ বিগত বর্ষতো আমি এইধৰণে চান্দা তোলা নাছিলোঁ, যাৰ বাবে আমাক প্রশংসা কৰিছিল৷ অনা–সমীয়া ব্যৱসায়ীৰ ওপৰত চান্দাৰ হেঁচা প্রয়োগ কৰাৰ পৰিৱর্তে এই ব্যৱসায়ীসকলক নিজাকৈ বিহু পাতিবলৈ দিব লাগে৷ বিগত বর্ষত ফাঁচী বজাৰ, তিনিচুকীয়া, ডিব্রুগড় আদি অঞ্চলত যথেষ্ট সুন্দৰকৈ বিহু অনুষ্ঠিত হৈছিল৷ এইবাৰো মই বিশ্বাস কৰোঁ যে অসমত বাস কৰা তথা নিজকে অসমীয়া বুলি পৰিচয় দিয়া বিশেষকৈ ব্যৱসায়ীসকলে বিহু পাতক৷ মুখ্যমন্ত্রীয়ে আহ্বান জনায় যে এইসকল লোকৰ পৰা বলপূর্বকভাৱে চান্দা তুলিব নালাগে৷ এইক্ষেত্রত জিলা উপায়ুক্তসকলক নির্দেশ দিয়া হৈছে যাতে তেওঁলোকে বিহু উদ্যাপন সমিতিসমূহৰ সৈতে আলোচনা কৰে৷ আজি মুখ্যমন্ত্রীয়ে ঘোষণা কৰে যে বিগত বর্ষৰ দৰে এইবাৰো ১০ বছৰ পুৰণি বিহু উদ্যাপন সমিতিসমূহক ডেৰ লাখ টকাকৈ আগবঢ়োৱা হ’ব৷ অৱশ্যে এই বিহুসমূহ ১৫ এপ্রিলৰ পৰা ১৫ মে’ৰ ভিতৰত অনুষ্ঠিত হ’ব লাগিব৷ ১৫ মে’ৰ পাছত অনুষ্ঠিত কৰা বিহু কমিটীসমূহে এই ধন লাভ নকৰে৷ মুখ্যমন্ত্রীয়ে স্পষ্ট কৰে যে ১ মার্চৰ পৰা ১৫ এপ্রিললৈ পাৱাৰলুমৰ গামোচা, মেখেলা–চাদৰ আৰু আৰনাইৰ বিৰুদ্ধে অভিযান চলিব৷ জিলা প্রশাসন, হস্ততাঁত বস্ত্রশিল্প বিভাগে এই অভিযান এইকেইদিনত তীব্রতৰ কৰি তুলিব৷ কার্যতঃ ৰাজ্যত বন্ধ হ’ব পাৱাৰলুমৰ গামোচা–মেখেলা–চাদৰ৷ একমাত্র হাতেৰে নির্মিত গামোচা আৰু মেখেলে–চাদৰহে অসমত চলিব৷ মুখ্যমন্ত্রীয়ে কয় যে পাৱাৰলুমৰ গামোচা দেখিলেই জব্দ কৰা হ’ব৷ গতিকে এই সময়ছোৱাত কোনো ব্যৱসায়ীয়ে যাতে পাৱাৰলুমৰ গামোচা, মেখেলা–চাদৰ, আৰনাই অসমলৈ নানে৷ বিহুৰ পাছতো বাল্য বিবাহৰ বিৰুদ্ধে চলি থকা অভিযানৰ দৰে পাৱাৰলুমৰ বিৰুদ্ধে অভিযান চলি থাকিব৷ জিলা উপায়ুক্তসকলক ইয়াৰ বাবে ব্যৱসায়ীসকলৰ সৈতে আলোচনা কৰিবলৈও নির্দেশ দিয়া হৈছে বুলি মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে৷