নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

SCERTৰ কেলেংকাৰিৰ ১৪৩৩ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল চি এম ভিজিলেন্সৰ

🔴 RTI কর্মী-সাংবাদিকসহ ২১জনক দোষী সাব্যস্ত কৰা হৈছে চাৰ্জশ্বীটত

বিশেষ বাৰ্তা, ২৮ জুলাই : আজি বিশেষ আদালতত SCERTৰ কেলেংকাৰিৰ চাৰ্জশ্বীট দাখিল কৰে চি এম ভিজিলেন্সে। চি এম ভিজিলেন্সে ৮৭ দিনত ১৪৩৩ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল কৰে। মুঠ ২১ জন অভিযুক্তক দোষী সাব্যস্ত কৰা হৈছে এই চাৰ্জশ্বীটত। উল্লেখ্য যে SCERTত ১০৫ কোটি টকাৰ কেলেংকাৰি সংঘটিত কৰিছিল অভিযুক্তই। শেৱালি দেৱী শৰ্মা, ৬জন চৰকাৰী কর্মচাৰী, ৫ ঠিকাদাৰসহ আন ১০জনৰ বিৰুদ্ধে ১,৪৩৩ পৃষ্ঠাৰ চার্জশ্বীট দাখিল কৰে। আন ১০ জনৰ ভিতৰত RTI কর্মী আৰু সাংবাদিকো আছে। তদুপৰি ৬ কৰ্মচাৰীৰ বিৰুদ্ধে বিভাগীয় তদন্তৰো অনুমতি লাভ কৰে। উল্লেখ্য যে ৩/২৩ নং গোচৰত আদালতত চার্জশ্বীট দাখিল কৰে চি এম ভিজিলেন্সে।

You might also like