নিয়মীয়া বাৰ্তা, ১৪ জুন : আজি পুনৰ এজন খকুৱা লাটমণ্ডল পৰিল দূৰ্নীতি নিবাৰক শাখাৰ জালত। আজি উৎকোচ লৈ দুৰ্নীতি নিবাৰকৰ জালত পৰিল মৰিগাঁৱৰ ভূৰাগাঁও ৰাজহচক্ৰৰ লাট মণ্ডল। আজি ভিজিলেঞ্চৰ জালত পৰা লাটমণ্ডলজনৰ নাম জালালুদ্দিন শেখ। আজি পুৱা মৰিগাঁও নগৰৰ ভাড়া ঘৰত লাট মণ্ডল জালালুদ্দিনে ২০ হাজাৰ টকা উৎকোচ লোৱাৰ সময়তেই ভিজিলেঞ্চে হাতে লোটে ধৰিবলৈ সক্ষম হয়। ইটাভাতাৰ আপত্তি বিহীন প্ৰমাণ পত্ৰ প্ৰদানৰ নামত ভূঞাবাৰী গাঁৱৰ ফাইজুদ্দিন নামৰ লোকজনৰ পৰা ধৃত লাট মণ্ডল জালালুদ্দিনে ৫ লাখ টকা দাবী কৰিছিল। কিন্তু কপাল বেয়া আছিল ধৃত লাট মণ্ডল জালালুদ্দিনৰ। আজি আগধন ২০ হাজাৰ লবলৈ যাওঁতে ভিজিলেঞ্চৰ হাতত গ্ৰেপ্তাৰ হব লগা হল। উল্লেখ্য যে ধৃত লাট মণ্ডল জালালুদ্দিন ভূৰাগাঁও ৰাজহ চক্ৰ কাৰ্যালয়ত বিগত কেবা বছৰ ধৰি কৰ্মৰত হৈ আছিল। পূৰ্বৰে পৰা ধৃত লাট মণ্ডল জালালুদ্দিনৰ বিৰুদ্ধে একাংশ সহজ সৰল লোকৰ পৰা উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে।
প্ৰেৰক আবুল কালাম