নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰ্বি আংলঙত অশ্বিনী দলেৰ সম্পত্তিৰ সন্ধানত চিএম ভিজিলেঞ্চৰ অভিযান

বিশেষ বাৰ্তা, ৯ জানুৱাৰী : মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ এটা দলে অশ্বিনী দলেৰ অবৈধ পত্নী মিৰমিলি ডেৰাপীৰ ডিফু চহৰৰ ৰংপাংবংস্থিত ঘৰত কালি অভিযান চলায়। ডিফুৰ হেমাৰী ইংহি গাঁৱৰ মিৰমিলি ডেৰাপীৰ ঘৰত চলা অভিযান কালত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ দলটোৱে জব্দ কৰে কেইখনমান ফটো, বেংক পাছবুক  আৰু মাটিৰ নথি-পত্ৰ। যোৱা চাৰি জানুৱাৰীত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে সামঞ্জস্যহীন সম্পত্তিৰ অভিযোগত অশ্বিনী কুমাৰ দলেৰ শিৱসাগৰৰ চৰকাৰী আবাস গৃহতো অভিযান চলাইছিল। মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ দলটোৱে অশ্বিনী কুমাৰ দলে আৰু মিৰমিলি ডেৰাপীৰ তিনিখন যুগ্ম ফটো, পুত্ৰ সন্তানৰ ফটো আৰু তিনিটা বেংক পাছবুক, মাটিৰ নথি-পত্ৰ আদি জব্দ কৰি লৈ যায়। শিৱসাগৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া হৈছে অশ্বিনী কুমাৰ দলে। মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ৰ অধীনত তেওঁৰ উপাৰ্জনৰ উৎসৰ অসামঞ্জস্যপূৰ্ণ সম্পত্তি সংগ্ৰহ কৰাৰ অভিযোগত অভিযান চলাইছে বুলি জানিব পৰা গৈছে। এইটো তৃতীয় অভিযান হ’ব বুলি প্ৰকাশ। প্ৰথমটো আছিল কেন্দ্ৰীয় বজাৰ, গীতাগৰত তেওঁৰ চৰকাৰী বাসভৱনত তাৰ পিছত গুৱাহাটীৰ পাঞ্জাবাৰীত থকা তেওঁৰ ৰাজকীয় বাসগৃহ আৰু ধেমাজিৰ গোৰামুখত থকা তেওঁৰ পৈত্ৰিক ঘৰত তেওঁৰ অজ্ঞাত সম্পত্তিৰ বিষয়ে সূত্ৰ বিচাৰি। গুৱাহাটীৰ পৰা অহা মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে ডিফু চহৰৰ ৭ নং ৱাৰ্ডৰ অন্তৰ্গত ৰংবাংবং হেমাৰী ইংহি গাঁৱৰ দলেৰ বাসগৃহত উপস্থিত হয় আৰু  আবেলি প্ৰায় ৩ বজালৈ অভিযান অব্যাহত কৰে। অভিযানকাৰী দলটোৱে দলে আৰু তেওঁৰ পত্নী মিৰমিলি ডেৰাপি আৰু পৰিয়ালৰ আন সদস্যসকলক বিচাৰি পোৱা নাছিল কিয়নো তেওঁলোক সেই সময়ত ডিফুত নাছিল। বহু সময় ধৰি চলা অভিযানৰ সময়ত অভিযানকাৰী দলটোৱে পৰিয়ালটোৰ তিনিখন যুটীয়া ফটো, তিনিখন বেংক পাছবুক আৰু ভূমিৰ নথি জব্দ কৰে। দলেই এসময়ত পশ্চিম কাৰ্বি আংলঙৰ ৰংখাং উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া (বিডিঅ’) হিচাপে কাম কৰিছিল আৰু ইয়াৰ পৰা তেওঁক বিভিন্ন পদবীত আন জিলালৈ স্থানান্তৰ কৰা হৈছিল। দলে হৈছে ধেমাজীৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা সুমিত্ৰা পাটিৰৰ ভাতৃ। তেওঁৰ আন এগৰাকী পত্নী শিৱানী পেগু দলে মৰিগাঁও জিলাৰ বন বিভাগৰ এজন ৰেঞ্জ বিষয়া। দলেই ২০০৯ চনৰ পৰা এডিচি হিচাপে কাম কৰি আহিছে আৰু পিছত বদলি কৰা হৈছিল। তেওঁ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি)ত নিযুক্তি লাভ কৰিছিল। ডিফুত চুবুৰীয়াসকলে কয় যে তেওঁলোকে ঘৰটো মিৰমিলি ডেৰাপিৰ বুলি জানে আৰু স্বামী অশ্বিনী কুমাৰ দলেক কেতিয়াও দেখা নাই। দলে পৰিয়ালে স্থানীয় লোকসকলৰ স’তে বেছি বাৰ্তালাপ নকৰে বুলিও জানিব পৰা গৈছে।
প্ৰেৰক ৰাজু কাঠাৰ
You might also like