নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধায়ক কমলাক্ষৰ কার্যালয়ত চিএম ভিজিলেঞ্চৰ তালাচী

🔹 নীতিবহির্ভূতভাৱে চাহ বাগিচা ক্রয়

ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ ছেপ্টেম্বৰ : ৪ বন্ধুৰে মিলি চাহ বাগান ক্রয় কৰি বিপদত পৰিছে উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ৷ কৰিমগঞ্জৰ প্রমোদ নগৰত ক্রয় কৰা চাহ বাগিচাখনত বুধবাৰে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে অভিযান চলাই জব্দ কৰে কিছু গুৰুত্বপূর্ণ নথি-পত্র৷ উত্থাপিত অভিযোগ অনুসৰি, চাহ বাগিচা ক্রয়ৰ ক্ষেত্রত কোনো নীতি–নিয়ম অনুকৰণ নকৰাকৈ বিধায়ক পুৰকায়স্থ আৰু চাৰি বন্ধুৱে বাগিচাখন কিনি লোৱাৰ পিছতে সৃষ্টি হৈছে একাধিক খেলিমেলি৷ উত্থাপিত অভিযোগ অনুসৰি, চাহ বাগিচা ক্রয়ৰ ক্ষেত্রত যি মূল্য দেখুওৱা হৈছে, তাৰ পৰিৱর্তে অধিক মূল্যত চাহ বাগিচাখন ক্রয় কৰা হৈছে৷ আনকি চাহ বাগিচা ক্রয়ৰ ক্ষেত্রত বিনিয়োগ কৰা ধনৰ উৎসক লৈও মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে উত্থাপন কৰা প্রশ্ণৰ উত্তৰ দিবলৈ সক্ষম হোৱা নাই বিধায়ক পুৰকায়স্থ আৰু তেওঁৰ চাৰি বন্ধুৱে৷ মুখ্যমন্ত্রীৰ তদাৰকী কোষে ইতিমধ্যে বিধায়কজনৰ ঘনিষ্ঠ ঠিকাদাৰ সুমন ধৰ আৰু কিশোৰ দাসক তলব কৰিছে৷ উল্লেখ্য যে মইনুল হক নামৰ এজন ব্যক্তিয়ে প্রমোদ নগৰৰ উক্ত চাহ বাগিচা ক্রয়ৰ ক্ষেত্রত একাধিক অভিযোগসহ তথ্যসম্বলিত পত্র দাখিল কৰিছিল তদাৰকী কোষত৷ এই পত্রত বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ, তেওঁৰ ককায়েক ৰূপ পুৰকায়স্থ, ঠিকাদাৰ সুমন ধৰ, কিশোৰ দাসৰ নাম উল্লেখ কৰিছিল৷ তথ্য অনুসৰি, চাহ বাগিচাখন ক্রয়ত ধন বিনিয়োগ কৰিছে সুমন ধৰ, কিশোৰ দাস, ৰাহুল দেব, অলকেশ দাস আৰু কমলাক্ষ দে’ পুৰকায়স্থই৷ ফেব্রুৱাৰী মাহত বাগিচাখন ক্রয় কৰাৰ পিছত ইয়াৰ দায়িত্ব চম্ভালি আছে বিধায়ক কমলাক্ষই৷ তদাৰকী কোষৰ দলটোৱে বুধবাৰে প্রথমে আৰাবল্লী বিনায়ক প্রাইভেট লিমিটেড কোম্পানী চাহ বাগিচাখনলৈ যায়৷ তাত কিছু তালাচী চলোৱাৰ পিছত প্রমোদ নগৰত থকা চাহ বাগিচাত অভিযান চলায়৷ তদুপৰি বাগিচাৰ কর্মচাৰীক নিলাম বজাৰ থানালৈ মাতি নি দীর্ঘ সময় সোধা–পোছা কৰে৷ উল্লেখ্য যে অসম বিধানসভাৰ ৰাজহুৱা হিচাপ পৰীক্ষণ কমিটীৰ সদস্য হিচাপে নামনি অসম ভ্রমণ কৰি থকাৰ সময়তে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে কৰিমগঞ্জৰ প্রমোদ নগৰত থকা চাহ বাগিচাৰ কার্যালয়ত চলোৱা এই অভিযানক লৈ একপ্রকাৰ ক্ষুব্ধ হৈ পৰিছে কংগ্রেছী বিধায়কগৰাকী৷ মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষৰ ১০জনীয়া দল এটাই কৰিমগঞ্জৰ বিধায়কগৰাকীৰ কার্যালয়ত উপস্থিত হৈ অভিযান চলায়৷ কালি ঘটনা সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি বিধায়ক পুৰকায়স্থই কয় যে এয়া এক ৰাজনৈতিক ষড়যন্ত্র৷ বিৰোধীৰ কণ্ঠ ৰোধ কৰাৰ বাবে এই অপচেষ্টা চলিছে৷ প্রমোদ নগৰত থকা চাহ বাগিচাৰ কর্তৃপক্ষ আৰু কর্মচাৰীসকলে তেওঁলোকৰ ওচৰলৈ বাগিচাখন ক্রয় কৰাৰ বাবে আহিছিল৷ বিভিন্ন দিশ পৰীক্ষা কৰাৰ অন্তত প্রায় ৩.২০ কোটি টকাত বাগিচাখন পাঁচজনে ক্রয় কৰিছে৷ বিধায়ক পুৰকায়স্থই ইয়াকো কয় যে ১২ বছৰ বিধায়ক হৈ থকাৰ পিছত যি ধন সঞ্চয় কৰিছে, সেই সমুদায় ধন তেওঁ বাগিচাখনত বিনিয়োগ কৰিছে৷ আন কোনো উৎসৰ পৰা ধন লোৱা নাই৷ সেয়া ইতিমধ্যে স্পষ্ট হৈয়ে আছে৷ ইয়াৰ পিছতো মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে চলোৱা এই অভিযানৰ আঁৰত যে এক ৰাজনৈতিক উদ্দেশ্য জড়িত হৈ আছে, সেয়া স্পষ্ট৷ দৰাচলতে চৰকাৰখনৰ দুর্নীতিৰ বিৰুদ্ধে কথা কোৱাৰ বাবে ভয় খুৱাবলৈ তদাৰকী কোষৰ দ্বাৰা অভিযান চলোৱা হৈছে৷ এগৰাকী বিধায়কে এখন বাগিচাৰ নামত ইমান বৃহৎ পৰিমাণৰ ধন কিদৰে বিনিয়োগ কৰিব পাৰিলে, তাক লৈও চর্চা চলিছে৷

You might also like