নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩০ মে’ৰ ভিতৰত সকলো মথাউৰিৰ কাম সম্পূর্ণ কৰাৰ নির্দেশ মুখ্যমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা, ১৪ মে’ : ভয়াৱহ ক’ৰোনা ভাইৰাছে সমগ্র ৰাজ্যত সৃষ্টি কৰা জটিল পৰিস্থিতিৰ পৰা সাধাৰণ ৰাইজ উদ্ধাৰ নৌহওঁতেই সম্ভাব্য বানক লৈ সৃষ্টি হৈছে আশংকা ৷ প্রতিবছৰৰ দৰে এইবাৰো বানে ৰাজ্যত তাণ্ডৱ চলোৱাৰ সম্ভাৱনাক লৈ দিছপুৰে আৰম্ভ কৰিছে ব্যাপক তৎপৰতা ৷ উল্লেখ্য যে জুন মাহৰ পৰাই ৰাজ্যত আৰম্ভ হোৱা বাৰিষাৰ ফলত কেইবাখনো জিলা বানত আক্রান্ত হয়৷ ক’ভিড–১৯ৰ এই সময়ছোৱাত বানে যাতে সর্বসাধাৰণ ৰাইজক জুৰুলা কৰিব নোৱাৰে, তাৰ বাবে আগতীয়াকৈ ব্যৱস্থা গ্রহণ কৰিবলৈ দিছপুৰে আৰম্ভ কৰিছে প্রক্রিয়া ৷ এই অনুসৰি ৰাজ্যত নির্মীয়মাণ অৱস্থাত থকা অথবা মেৰামতি কৰি থকা মথাউৰিসমূহ ৩০ মে’ৰ ভিতৰত সম্পূর্ণ কৰিবলৈ বুধবাৰে কঢ়া নির্দেশ জাৰি কৰিলে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ৷ জলসম্পদ বিভাগলৈ এই নির্দেশ প্রেৰণ কৰি মুখ্যমন্ত্রীয়ে প্রয়োজনত কাম–কাজৰ সময় বৃদ্ধি কৰিবলৈ আহ্বান জনাইছে ৷

মুখ্যমন্ত্রীয়ে ৰাজ্যৰ নির্মীয়মাণ মথাউৰিসমূহৰ কাম–কাজ কিধৰণে চলি আছে, তাক পর্যবেক্ষণ কৰিবলৈ বুধবাৰে গোলাঘাট জিলাত উপস্থিত হয় ৷ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ মৰিহোলাৰ পৰা অগৰাতলী ৰেঞ্জলৈ জলসম্পদ বিভাগে নতুনকৈ নির্মাণ কৰি থকা এটা মথাউৰিৰ কাম–কাজ পর্যবেক্ষণ কৰে মুখ্যমন্ত্রীয়ে ৷ এছিয়ান ডেভেলপমেণ্ট বেংকৰ পুঁজিৰে নির্মাণ হোৱা ২৩.৩৮ কিলোমিটাৰ দৈর্ঘ্য আৰু ৭.৫ মিটাৰ বহলকৈ নির্মাণ কৰা মথাউৰিটোৰ জৰিয়তে ৰাষ্ট্রীয় উদ্যানখনক বানৰ কবলৰ পৰা প্রতিৰোধ কৰা হ’ব ৷ এই সন্দর্ভত মুখ্যমন্ত্রীয়ে সাংবাদিকৰ আগত উল্লেখ কৰে যে ক’ভিড–১৯ৰ মাজতে বানে যাতে সমস্যা জটিল নকৰে, তাৰ বাবে ৰাজ্য চৰকাৰখনে আগতীয়াকৈ ব্যৱস্থা আৰম্ভ কৰিছে ৷ সেই অনুসৰি ৩০ মে’ৰ ভিতৰত সকলো মথাউৰিৰ মেৰামতি তথা নির্মাণৰ কাম সম্পূর্ণ যাতে কৰি তোলা হয়, তাৰ বাবেও নির্দেশ দিয়া হৈছে ৷ লকডাউনৰ বাবে মথাউৰি নির্মাণৰ কাম–কাজসমূহত কিছু স্থবিৰতা আহিছিল যদিও শেহতীয়াকৈ কেন্দ্রীয় চৰকাৰৰ নির্দেশনাৱলীৰ আধাৰত সামাজিক দূৰত্ব বজাই মথাউৰিসমূহৰ নির্মাণৰ কাম সম্পূর্ণ কৰি তোলা হ’ব ৷ যিহেতু জুন মাহৰ আৰম্ভণিৰ পৰাই ৰাজ্যত বানৰ সমস্যা জটিল হয়, সেয়েহে চলিত মাহৰ ভিতৰতে প্রতিটো মথাউৰিৰ নির্মাণৰ কাম সম্পূর্ণ কৰিবলৈ স্পষ্ট নির্দেশ দিয়া হৈছে ৷

বুধবাৰে মুখ্যমন্ত্রীয়ে মথাউৰি নির্মাণৰ কাম পর্যবেক্ষণ কৰাৰ সময়ত তেওঁক সংগ দিয়ে জলসম্পদ মন্ত্রী কেশৱ মহন্ত, কৃষিমন্ত্রী অতুল পৰা, সাংসদ কামাখ্যাপ্রসাদ তাছা, বিধায়কদ্বয় মৃণাল শইকীয়া, বিমল বৰাৰ লগতে গোলাঘাট জিলাৰ উপায়ুক্ত আৰু শীর্ষ বিষয়াসকলে ৷ মুখ্যমন্ত্রীৰ এনে তৎপৰতাৰ সমান্তৰালকৈ কালি ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ অধ্যক্ষতাত জনতা ভৱনত সম্ভাব্য বানে সৃষ্টি কৰিব পৰা দুর্যোগক লৈ এক পর্যালোচনা বৈঠক অনুষ্ঠিত হৈ যায় ৷ মুখ্যতঃ বাৰিষাৰ পূর্বে ৰাজ্যত বান প্রতিৰোধৰ কাম–কাজসমূহ কি ধৰণে আগবাঢ়িছে, সেই সম্পর্কে বিভিন্ন বিভাগৰ সৈতে আলোচনাৰ বাবে আয়োজন কৰা বৈঠকত মথাউৰি নির্মাণৰ কাম, খাদ্য–সামগ্রী মজুতকৰণ, ৰাজ্যিক দুর্যোগ প্রশমন প্রাধিকৰণে গ্রহণ কৰা ব্যৱস্থাৱলীৰ ওপৰতো আলোচনা কৰা হয়৷ উল্লেখ্য যে ৰাজ্যত ক’ভিড–১৯ প্রতিৰোধৰ বাবে চলি থকা তৎপৰতাৰ মাজতে সৃষ্টি হ’ব পৰা বান পৰিস্থিতিৰ ক্ষেত্রত জিলা প্রশাসনসমূহে কিধৰণে ব্যৱস্থা গ্রহণ কৰিছে, তাৰ ওপৰতো মুখ্য সচিবগৰাকীয়ে বৈঠকত আলোচনা কৰে৷ বিশেষকৈ বহিঃৰাজ্যৰ পৰা অহা লোকসকলক সমষ্টিসমূহত স্কুল–কলেজত কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হেতু বানৰ সময়ছোৱাত শিবিৰ স্থাপন কৰিব লগা হ’লে, ক’ত কেনেকৈ শিবিৰ স্থাপন কৰা হ’ব অথবা কোৱাৰেণ্টাইন শিবিৰসমূহ এই সময়ছোৱাত কিদৰে পৰিচালনা হ’ব, সেই বিষয়েও কালিৰ বৈঠকত আলোচনা হয়৷ এইক্ষেত্রত মুখ্য সচিবগৰাকীয়ে প্রতিটো বিভাগক এই বিষয়বোৰ সামৰি প্রতিবেদন প্রস্তুতৰ বাবেও নির্দেশ দিয়া বুলি জানিব পৰা গৈছে ৷

You might also like