✅চ্যুকাফাই দূৰদর্শিতা-গঠনমূলক নেতৃত্বৰে অসমীয়া জাতিসত্ত্বা সৃষ্টি কৰিছিল
✅চ্যুকাফা সমন্বয় ক্ষেত্রৰ উন্নয়নৰ বাবে আগন্তুক তিনি বছৰত ১০০ কোটি টকা ব্যয়
✅অসম ৰাজ্যিক সংগ্রহালয়ৰ দ্বিতীয়টো চৌহদ চ্যুকাফা সমন্বয় ক্ষেত্রত স্থাপনৰ ঘোষণা
বিশেষ বাৰ্তা, ১১ জুলাইঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি যোৰহাটস্থিত চাওলুং চ্যুকাফা সমন্বয় ক্ষেত্র পৰিদর্শন কৰি স্বর্গদেউ চাওলুং চ্যুকাফাৰ প্রতি গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ মুখ্যমন্ত্রীয়ে সমন্বয় ক্ষেত্রত থকা এটা সংগ্রহালয় পৰিদর্শন কৰাৰ লগতে প্রেক্ষাগৃহ এটাও উদ্বোধন কৰে৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে কয় যে মধ্যযুগৰ অসমৰ হতিহাসত দুটা অতি গুৰুত্বপূর্ণ ঐতিহাসিক ঘটনা সংঘটিত হৈছিল, যি ঘটনাহ পৰৱর্তীকালত ৰাজ্যখনৰ সামাজিক-সাংস্কৃতিক আৰু বৌদ্ধিক দিশত এক বৈপ্লৱিক পৰিবর্তন সাধন কৰিছিল৷ ১৩শ শতিকাৰ আৰম্ভণিতে স্বর্গদেউ চাওলুং চ্যুকাফাৰ নেতৃত্বত টাই আহোমসকলৰ অসম আগমন আৰু মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ নেতৃত্বত নৱবৈষ্ণৱ ভক্তি আন্দোলনৰ মাধ্যমেৰে আৰম্ভ হোৱা আধ্যাত্মিক, বৌদ্ধিক আৰু সাংসৃক্তিক নৱজাগৰণৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে স্বর্গদেউ চ্যুকাফাই দূৰদর্শিতা আৰু গঠনমূলক নেতৃত্বৰে অসমীয়া জাতিসত্ত্বাৰ সৃষ্টি কৰিছিল আৰু মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে সাংস্কৃতিক আৰু ধর্মীয় ভিত্তিৰে সর্বভাৰতীয় ভক্তি আন্দোলনৰ সৈতে অসমক সংযোগ সাধন কৰি জাতিটোক এক নতুন শক্তিৰে প্রাণৱন্ত কৰি তুলিছিল৷ বীৰপুৰুষ চাওলুং চ্যুকাফাৰ আগমনে অসমৰ সামাজিক-সাংস্কৃতিক জীৱনত অসমীয়া জাতিৰ হতিহাসৰ এক নতুন অধ্যায়ৰ আৰম্ভণি কৰিলে বুলিও তেওঁ কয়৷ চ্যুকাফাই শাসন প্রণালী, ৰাজনৈতিক দর্শন আৰু জাতি গঠন প্রক্রিয়াক এক বিশাল পৰিসৰৰে সামৰি লোৱাৰ ফলত ভিন্ন জনগোষ্ঠীৰ মাজত সমন্বয়ৰ বাতাৱৰণ গঢ়ি উঠিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে মধ্যযুগৰ ব্রহ্মপুত্র উপত্যকাৰ শাসন ব্যৱস্থাটো চ্যুকাফাই গঢ় দিছিল৷ তেওঁ কয় যে বিভিন্ন জাতি–জনগোষ্ঠীক লৈ মহামিলনৰ এক পৰিৱেশ গঢ়াৰ বাবে চ্যুকাফাই দি যোৱা অৱদানেৰে আজি অসমীয়া জাতি সমৃদ্ধ হৈ উঠিছে৷ স্বর্গদেউ চুকাফাই প্রতিষ্ঠা কৰা বৰ অসমৰ ভেটি সুৰক্ষিত কৰাত যিসকল বীৰ–বীৰাঙ্গনাই অমূল্য অৱদান আগবঢ়াই গল তেওঁলোকৰ ভিতৰত মহাবীৰ লাচিত বৰফুকন একক আৰু অনন্য বুলি মুখ্যমন্ত্রীয়ে কয়৷ আহোম সেনাপতি লাচিতে আগবঢ়াই যোৱা অৱদান কৃতজ্ঞ অসমীয়া জাতিয়ে সদায় শ্রদ্ধাৰে স্মৰণ কৰি যাব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে সপ্তদশ শতিকাৰ দ্বিতীয়ার্ধত মহাবীৰ লাচিত বৰফুকনৰ নেতৃত্বত আহোম সৈন্যই মোগলক শোচনীয়ভাৱে পৰাজয় কৰি আগ্রাসীসকলৰ পৰা অসম আৰু উত্তৰ–পূর্বাঞ্চলক কেৱল ৰক্ষা কৰাই নহয় আমাৰ সভ্যতা আৰু সংস্কৃতিও ৰক্ষা কৰিলে৷ মুখ্যমন্ত্রীয়ে কয় যে ১৬৭১ চনত সংঘটিত হোৱা শৰাহঘাটৰ ৰণ আছিল অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সবাতোকৈ গুৰুত্বপূর্ণ যুঁজ৷ এই যুদ্ধত অসমীয়া সেনাৰ নেতৃত্বত আছিল লাচিত বৰফুকন৷ যুদ্ধত লাচিত বৰফুকনে প্রতিকূলতাক সুযোগলৈ ৰূপান্তৰিত কৰাৰ অপূর্ব কৌশলেৰে সীমিত অস্ত্র–শস্ত্র আৰু সামৰিক শক্তিৰে ৰাম সিংহ নেতৃত্বাধীন মোগল বাহিনীক পৰাস্ত কৰি কাললৈ ইতিহাসত নিজৰ নাম সোণোৱালী আখৰেৰে লিপিবদ্ধ কৰি থৈ গল বুলি মুখ্যমন্ত্রীয়ে কয়৷ মুখ্যমন্ত্রীয়ে কয় যে অসমীয়া জাতিৰ প্রাণ প্রতিষ্ঠা কৰি চাওলুং চ্যুকাফাই যি পথ দেখুৱাই গল সেয়া অসমীয়া জাতিৰ আত্মপ্রতিষ্ঠাৰ এক সোঁতলৈ ৰূপান্তৰিত হল৷ খিলঞ্জীয়া জনগোষ্ঠীৰ প্রতি মর্যাদা, সংস্কৃতিৰ প্রতি অনুৰাগী চ্যুকাফাই সকলো জাতি-জনগোষ্ঠীৰ পৰা সমল সংগ্রহ কৰি এক অসমীয়াৰ আদর্শৰে জাতিটোক নির্মাণ কৰি গল বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে বিভিন্ন সময়ত অহা প্রত্যাহ্বান অতি বিচক্ষণতাৰে মোকবিলা কৰি প্রশাসনিক, ৰাজনৈতিক, অর্থনৈতিক দিশত তেওঁ দি যোৱা বৰঙণিয়ে আজি জাতিটোক প্রত্যয়দীপ্তভাৱে আগুৱাই যাবলৈ সাহস আৰু প্রেৰণা যোগাইছে৷ ইয়াৰ পিছত সুদীর্ঘ ৬০০ বছৰ কেইবাগৰাকী স্বর্গদেউৱে কলা, সংস্কৃতি, স্থাপত্য, আধ্যাত্মিক জীৱনশৈলীকে ধৰি বিভিন্ন ক্ষেত্রলৈ যোগাই যোৱা বৰঙণিয়ে জাতিটোৰ স্বকীয়তাক মহিমামণ্ডিত কৰি তুলিছে বুলিও তেওঁ কয়৷ বৃহত্তৰ অসমীয়া সমাজৰ ভেটি গঢ় দিয়া আহোম সাম্রাজ্যৰ শেষৰখন ৰাজধানী ঐতিহাসিক যোৰহাট নগৰ আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে ১৭৯৪ চনত স্বর্গদেউ গৌৰীনাথ সিংহই যোৰহাটলৈ আহোম ৰাজ্যৰ ৰাজধানী তুলি আনিছিল৷ এই নগৰৰ পৰাহ কমলেশ্বৰ সিংহ, চন্দ্রকান্ত সিংহ আৰু পুৰন্দৰ সিংহহ ৰাজত্ব কৰিছিল বুলি তেওঁ কয়৷ যোৰহাট চহৰতে স্বর্গদেউ পুৰন্দৰ সিংহ আৰু তেখেতৰ পুত্র কামেশ্বৰ সিংহৰ মৈদাম আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ৰজা মৈদামৰ উপৰি ৰাজমাও পুখুৰী, বঙাল পুখুৰী আদিয়ে আহোমৰ শেষ ৰাজধানীৰ স্বাক্ষৰ আজিও বহন কৰি আছে৷ ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে কয় যে মহান স্বর্গদেউসকলে শক্তিশালী কৰা বৃহত্তৰ অসমীয়া জাতিৰ সংস্কৃতি আৰু ঐতিহ্যক বিশ্বৰ মানচিত্রত সৱলভাৱে প্রতিষ্ঠা কৰিবলৈ ৰাজ্য চৰকাৰে নিৰন্তৰ প্রয়াস চলাই আহিছে৷ মুখ্যমন্ত্রীয়ে চৰাইদেউ মৈদামক ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্রৰ স্বীকৃতিৰ বাবে ভাৰতৰ একমাত্র মনোনয়ন লাভ কৰা, লাচিতৰ ৪০০ বছৰীয়া জয়ন্তী নতুন দিল্লীত অনুষ্ঠিত কৰা, যোৰহাটত লাচিত মৈদাম স্থাপনৰ বাবে লোৱা পদক্ষেপৰ বিষয়েও ভাষণত উল্লেখ কৰে৷ মুখ্যমন্ত্রীয়ে চাওলুং চ্যুকাফা সমন্বয় ক্ষেত্রৰ উন্নয়নৰ বাবে আগন্তুক তিনি বছৰত ১০০ কোটি টকা ব্যয় কৰা হব বুলিও ঘোষণা কৰে৷ তেওঁ লগতে অসম ৰাজ্যিক সংগ্রহালয়ৰ দ্বিতীয়টো চৌহদ চ্যুকাফা সমন্বয় ক্ষেত্রত স্থাপন কৰা হব বুলি ঘোষণা কৰি কয় যে ইয়াৰ জৰিয়তে দেশবাসীয়ে লাচিত বৰফুকন আৰু আহোম সাম্রাজ্যৰ বিষয়ে জানিবলৈ সক্ষম হব৷ সাহিত্য অকাডেমীয়ে অনুবাদক হিচাপে স্বীকৃতি দিয়া সাহিত্যিকৰ জৰিয়তে লাচিত বৰফুকন শীর্ষক এখন গ্রন্থ সকলো ভাৰতীয় ভাষাতে অনুবাদ কৰা হব বুলিও মুখ্যমন্ত্রীয়ে কয়৷ অনুষ্ঠানত মন্ত্রী বিমল বড়া, সাংসদ তপন কুমাৰ গগৈ, পৱিত্র মার্ঘেৰিটা, কামাখ্যা প্রসাদ তাছা, বিধায়ক ক্রমে হিতেন্দ্র নাথ গোস্বামী, তৰংগ গগৈ, ভৱেন ভৰালী, ৰূপজ্যোতি কুর্মী, শিক্ষা বিভাগৰ উপদেষ্টা অধ্যাপক ড০ ননীগোপাল মহন্ত, চাওলুং চ্যুকাফা সমন্বয় ক্ষেত্রৰ উপাধ্যক্ষ ড০ দয়ানন্দ বৰগোহাঁই আৰু অন্যান্য গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷