👉উন্নয়নৰ জোৱাৰ তুলি এটা মাহৰ ব্যৱধানত পুনৰ অসমলৈ প্ৰধানমন্ত্ৰী মোদী
👉উন্মোচন কৰিব লাচিতৰ সু-বিশাল প্ৰতিমূৰ্তি
👉মোদীয়ে শুভাৰম্ভ কৰিব শিৱসাগৰ মেডিকেল কলেজৰ
👉আন্দোলন, চান্দা সংস্কৃতি বন্ধ হ’লে ১০ বছৰত সলনি হ’ব ৰাজ্যৰ ৰূপৰেখাঃ মুখ্যমন্ত্ৰী
👉বিৰোধীশূন্য হোৱাৰ ইংগিত মুখ্যমন্ত্ৰীৰ
👉বছৰত এটা সপ্তাহ গাঁৱত কটাব লাগিব মন্ত্ৰীয়ে
বিশেষ বাৰ্তা, ১৫ ফেব্ৰুৱাৰীঃ উন্নয়নৰ জোৱাৰ তুলি মাথোঁ এটা মাহৰ ব্যৱধানত পুনৰ অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। উন্মোচন কৰিব যোৰহাটৰ হোলোঙাপাৰৰ লাচিত মৈদাম সমীপত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে ১৫০ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰা লাচিত বৰফুকন স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্পৰ সু-বিশাল লাচিতৰ প্ৰতিমূৰ্তি। লগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে শুভ উদ্বোধন কৰিব ৫ লাখ ৫৫ হাজাৰ চৰকাৰী আবাস গৃহ আৰু শুভাৰম্ভ কৰিব শিৱসাগৰবাসীৰ বহু আকাংক্ষিত শিৱসাগৰ চিকিৎসা মহাবিদ্যালয়ৰ।এই কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। আজি পুৱাৰ ভাগত সৰুপথাৰৰ ৰজাপুখুৰী শ্যাম গাঁৱৰ পৰা পোনে পোনে যোৰহাটৰ লাচিত মৈদামত মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈ বহু চৰ্চিত লাচিত বৰফুকন স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয়। প্ৰায় ৯৫ শতাংশ কাম সম্পূৰ্ণ হোৱা জাতীয় বীৰজনাৰ প্ৰতিমূৰ্তি প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে সদৰী কৰে।ইয়াৰ পাছতেই সংবাদ মাধ্যমেৰে হোৱা সাক্ষাৎকাৰত বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। লাচিত বৰফুকন স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্পৰ কথা উল্লেখ কৰি তেওঁ কয়- জাতীয় বীৰজনাক বিশ্বৰ বুকুত জিলিকাই তুলিবলৈ বৰ্তমানৰ চৰকাৰৰ এই প্ৰয়াসৰ জড়িয়তে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰলৈও আশাৰ সঞ্চাৰ আনিব।বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকৰ আগমন ঘটিব এই থলীলৈ।ইপিনে আন্দোলন, প্ৰতিবাদে যোৱা সময়বোৰত ৰাজ্যখনক বহু পিচুৱাই ৰাখিছিল যদিও সেয়া ক্ৰমাৎ নাইকিয়া হৈছে।আন্দোলন আৰু চান্দা সংস্কৃতি নাথাকিলে বৰ্তমানৰ চৰকাৰৰ পৃষ্ঠপোষকতাত অহা দহ বছৰৰ ভিতৰত ৰাজ্যৰ ৰূপৰেখা সলনি হৈ পৰিব।ইপিনে এই সক্ষাৎকাৰত মুখ্যমন্ত্ৰী গৰাকীয়ে যোৱা নিশা সৰুপথাৰৰ ৰজাপুখুৰী শ্যাম গাঁৱত কটোৱা সুন্দৰ সময়খিনিৰ কথাও অৱগত কৰে। এই সন্দৰ্ভত তেওঁ কয়- “গাঁৱলৈ গ’লেহে উন্নয়নৰ প্ৰকৃত ছবিখন, সমস্যাৰাজিৰ কথা উপলব্ধি কৰিব পাৰিব। মই প্ৰতিগৰাকী সন্মানীয় মন্ত্ৰীক বছৰত এটা সপ্তাহ গাঁৱত কটাবলৈ আহ্বান জনাইছো।” ইপিনে বিৰোধীৰ বিজেপি প্ৰীতি সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়- বৰ্তমানৰ বিজেপি চৰকাৰৰ যি উন্নয়নমুখী ধাৰা, তাৰ প্ৰতি সকলো আকৃষ্ট হৈছে। কংগ্ৰেছ দলৰ পৰা ইজনৰ পাছত সিজন বিজেপিলৈ ধাৱমান হৈছে। এনেকৈ হ’লে অসমত বিৰোধী শূণ্য হোৱাতো একো অস্বাভাৱিক কথা নহয় বুলিও মন্তব্য কৰে। ইয়াৰ পাছতেই মুখ্যমন্ত্ৰী ডঃ শৰ্মা ৰাওনা হয় মেলেং মেটেলি পথাৰলৈ।যিহেতু ৰাজ্যৰ সৰ্ববৃহৎ প্ৰতিমূৰ্তি ৰূপে বিবেচিত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচনৰ পাছতেই মেটেলি পথাৰত এক বিশাল জনসভা সম্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰীয়ে। উক্ত জনসভাৰ বাবে চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ বিজেপি প্ৰতিনিধি বৰ্গৰে আলোচনাত মিলিত হয় তেওঁ। মেটেলি পথাৰত উপস্থিত হৈ কোন স্থানত মূল মণ্ডপ নিৰ্মাণ কৰা হ’ব, কোন পথেৰে ৰাইজ আহিব পাৰিব অথবা যানবাহন কোন স্থানত ৰখা হ’ব আদি সকলো দিশ পুংখানুপুংখভাৱে পৰ্যবেক্ষণ কৰে। ইয়াৰ পাছতেই চাৰিখন জিলাৰ প্ৰতিনিধি বৰ্গক উদ্দেশ্যি তেওঁ কয়- প্ৰধানমন্ত্ৰীৰ এই আগমনে তৃণমূল কৰ্মীসকলক উৎসাহিত কৰিব।চাৰিওখন জিলাৰ প্ৰতিটো বুথৰ কৰ্মীসকলক লৈ এই জনসভা অনুষ্ঠিত হব।আৰু তাৰ কাৰণে যাৱতীয় সকলো ব্যৱস্থা আজিৰে পৰাই কৰিবলৈ দলীয় বিষয়ববীয়াসকলক আহ্বান জনায়।সম্পূৰ্ণ ঘৰুৱাভাৱে আলোচনাত মিলিত হোৱা মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰধানমন্ত্ৰী উপস্থিত থকা এই জনসভাই অহা লোকসভা নিৰ্বাচনৰ অন্যতম প্ৰচাৰ হিচাপে বিবেচিত হব বুলিও উল্লেখ কৰে। উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণ কালত মন্ত্ৰী অজন্তা নেওগ, পীয়ূষ হাজৰিকা, জয়ন্তমল্ল বৰুৱা, যোগেন মহন, দুই সাংসদ ক্ৰমে তপন কুমাৰ গগৈ, কামাখ্যা প্ৰসাদ তাছা, বিধায়ক বিশ্বজিত ফুকন, তৰংগ গগৈ, ৰূপজ্যোতি কুৰ্মী, যোৰহাট জিলা আয়ুক্তকে মুখ্য কৰি প্ৰশাসনিক বিষয়া তথা দলীয় বিষয়ববীয়াই সংগ দিয়ে।
প্ৰেৰক দিগন্ত হাজৰিকা