গোৱালপাৰা সৈনিক স্কুল পৰিদৰ্শন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
‘লক্ষ্যৰ সৈতে কোনো কাৰণতে আপোচ নকৰিবা’–শিক্ষাৰ্থী সমাজক মুখ্যমন্ত্ৰীৰ আহ্বান
- ‘লক্ষ্যৰ সৈতে কোনো কাৰণতে আপোচ নকৰিবা’–শিক্ষাৰ্থী সমাজক মুখ্যমন্ত্ৰীৰ আহ্বান
- গোৱালপাৰা সৈনিক স্কুলৰ বিকাশৰ বাবে প্ৰস্তুত কৰা হ’ব ৰোড মেপঃ মুখ্যমন্ত্ৰী
নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰী: মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি গোৱালপাৰাস্থিত সৈনিক স্কুল পৰিদৰ্শন কৰি শিক্ষানুষ্ঠানখনৰ আন্তঃগাঁথনিকে ধৰি বিভিন্ন দিশৰ বুজ লোৱাৰ লগতে শিক্ষাৰ্থীসকলক সম্বোধন কৰে৷ তেওঁ লগতে বিদ্যালয় প্ৰাংগণত ৩৫০ খন আসনযুক্ত এম্পিথিয়েটাৰ এটাও আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷
এই উপলক্ষে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে অসমে এতিয়া প্ৰতিটো দিশতে দেশৰ অগ্ৰণী প্ত খন ৰাজ্যৰ ভিতৰত স্থান লাভ কৰাৰ বাবে নিৰন্তৰ কৰ্মযজ্ঞত ব্ৰতী হৈছে আৰু বিগত মাত্ৰ ডেৰ বছৰৰ ভিতৰতে ৰাজ্যখনে বহু কেইটা বিষয়ত উল্লেখনীয় সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ ৰাজ্যখনৰ এনে উত্তৰণমুখী যাত্ৰাকালত গোৱালপাৰা সৈনিক স্কুল বিচ্ছিন্ন হৈ থাকিব নোৱাৰে বুলি মন্তব্য কৰি তেওঁ কয় যে এই শিক্ষানুষ্ঠানখন এক সোণালী ইতিহাসেৰে সমৃদ্ধ৷ ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ জি অ’ চি ইন চীফ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাৰ উদাহৰণ দাঙি ধৰি মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতীয় সেনাৰ বৰ্তমান অন্যতম শীৰ্ষ পদত অধিস্থিত লেফটেনেণ্ট জেনেৰেল কলিতা গোৱালপাৰা সৈনিক স্কুলৰে সৃষ্টি৷ এনে অৱস্থাত শিক্ষানুষ্ঠানখনৰ বৰ্তমানৰ শিক্ষাৰ্থীসকলেও নেশ্যনেল ডিফেন্স একাডেমীত স্থান লাভ কৰি জীৱনক এক বিশেষ পৰ্যায়লৈ লৈ যাব নোৱাৰাৰ কোনো কাৰণ থাকিব নোৱাৰে৷ মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত শিক্ষাৰ্থীসকলক তেওঁলোকৰ লক্ষ্যৰ সৈতে কোনো কাৰণতে আপোচ নকৰিবলৈ আহ৩ান জনায়৷ তেওঁ কয় যে প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে একো একোটা উচ্ছাকাংক্ষাৰে পৰিচালিত হোৱা উচিত৷ একে সময়তে ব্যক্তিৰ জীৱনত দায়বদ্ধতা থকাৰো প্ৰয়োজন আছে বুলি উল্লেখ কৰি তেওঁ শিক্ষাৰ্থীসকলক নিজ নিজ লক্ষ্যপ্ৰাপ্তিৰ দিশত উপনীত হ’বলৈ একানপতীয়া প্ৰচেষ্টাত ব্ৰতী হ’বলৈ আহ৩ান জনায়৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে প্ৰতিজন ব্যক্তিয়ে একোটা সপোন কঢ়িয়াই ফুৰিব লাগে আৰু এই সপোন পূৰণৰ দিশত অগ্ৰসৰ হওঁতে আহি পৰা ঘাত-প্ৰতিঘাত আৰু কষ্টক আওকাণ কৰি এটা ইতিবাচক মন লৈ আগবঢ়া উচিত৷ এনে ইতিবাচক মনে লক্ষ্য তথা সপোন পূৰণত সহায় কৰে বুলিও তেওঁ কয়৷
ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে ২০০৫ চনত গোৱালপাৰাস্থিত সৈনিক স্কুলখন প্ৰথমবাৰৰ কাৰণে পৰিদৰ্শন কৰাৰ কথা স্মৰণ কৰি অহা প্ত বছৰৰ ভিতৰত শিক্ষানুষ্ঠানখনক দেশৰ অগ্ৰণী প্ত খন সৈনিক স্কুলৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টাত ব্ৰতী হ’বলৈ শিক্ষক সমাজক আহ৩ান জনায়৷ তেওঁ লগতে পৰৱৰ্তী ১০ বছৰৰ ভিতৰত শিক্ষানুষ্ঠানখনক দেশৰ শীৰ্ষ দুটা স্থানৰ এনে বিদ্যালয়ৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য ল’বলৈও কয়৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে সদৰি কৰে যে গোৱালপাৰা সৈনিক স্কুলৰ আন্তঃগাঁথনিকে ধৰি বিভিন্ন দিশৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ আৰু শিক্ষানুষ্ঠানখনৰ বিকাশৰ বাবে পাঁচ বছৰীয়া ‘ৰোড মেপ’ এখন প্ৰস্তুত কৰা হ’ব৷ গোৱালপাৰা সৈনিক স্কুলৰ পৰা অদূৰ ভৱিষ্যতে যাতে যথেষ্ট সংখ্যক শিক্ষাৰ্থীয়ে নেশ্যনেল ডিফেন্স একাডেমীত স্থান লাভ কৰিব পাৰে তাৰ বাবে দায়বদ্ধতাৰে শিক্ষাদানত ব্ৰতী হ’বলৈও তেওঁ শিক্ষক সমাজক আহ৩ান জনায়৷ ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে শিক্ষানুষ্ঠানখনৰ অধ্যক্ষৰ সভাকক্ষত এখন বৈঠকত মিলিত হৈ বিদ্যালয়খনৰ সাম্প্ৰতিক অৱস্থাৰ বুজ লয়৷ বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে মুখ্যমন্ত্ৰীক গাৰ্ড অফ অনাৰো প্ৰদান কৰে৷
অনুষ্ঠানত সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ জি অ’ চি ইন চীফ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা, ৫১ চাব এৰিয়াৰ জি অ’ চি মেজৰ জেনেৰেল ৰাজেশ কুমাৰ ঝা, গোৱালপাৰা সৈনিক স্কুলৰ অধ্যক্ষ কৰ্ণেল ৱাই এছ পাৰ্মাৰ, জিলা উপায়ুক্ত খনীন্দ্ৰ চৌধুৰীকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে৷