নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০০ ব্যৱসায়িক নেতৃবৃন্দৰ উপস্থিতিত মুখ্যমন্ত্ৰীৰ ৰোড শ্ব’

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ ফেব্ৰুৱাৰীঃ দেশ–বিদেশৰ আগশাৰীৰ উদ্যোগপতি আৰু বিনিয়োগকাৰীৰ অংশগ্রহণেৰে আগন্তুক এডভাণ্টেজ আছাম ২.০ শীর্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনখন সাফল্যমণ্ডিত কৰি তোলাৰ প্রয়াসৰ অংশ হিচাপে সাম্প্রতিক ছিংগাপুৰ ভ্রমণৰ দ্বিতীয় দিনা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাষ্ট্রখনৰ উপ–প্রধানমন্ত্রী গেন কিম য়ঙক সাক্ষাৎ কৰে৷ ছিংগাপুৰৰ উপ–প্রধানমন্ত্রীৰ সৈতে হোৱা এই বৈঠকত মুখ্যমন্ত্রী ড০ শর্মাই ভাৰত আৰু আছিয়ান দেশসমূহৰ মাজৰ ক্রমবর্ধিত অংশীদাৰিত্বত অসমে গ্রহণ কৰা গুৰুত্বপূর্ণ ভূমিকাৰ কথা উল্লেখ কৰি ছেমিকণ্ডাক্টৰ, দক্ষতা আৰু সেউজ শক্তি তথা উদ্ভাৱন আধাৰিত উদ্যোগৰ অন্যতম কেন্দ্র হিচাপে অসমক পৰিগণিত কৰাৰ দিশত ৰাজ্য চৰকাৰে গ্রহণ কৰা আন্তৰিক পদক্ষেপৰ কথা ব্যক্ত কৰে৷ অসম আৰু ছিংগাপুৰৰ মাজত থকা সম্পর্ক অধিক শক্তিশালী কৰাৰ দিশত দেখুওৱা দায়বদ্ধতাৰ বাবে আজিৰ এই বৈঠকত মুখ্যমন্ত্রী ড০ শর্মাই ৰাষ্ট্রখনৰ উপ–প্রধানমন্ত্রীগৰ্ কৃতজ্ঞতা জ্ঞাপন কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই ছেমিকণ্ডাক্টৰ উদ্যোগৰ মূল অংশীদাৰসকলৰ সৈতেও এক গুৰুত্বপূর্ণ তথা ফলপ্রসূ বৈঠকত মিলিত হয়৷ এই বৈঠকত অংশগ্রহণ কৰা টাটা ইলেক্ট্র’নিক্স, ফুজি মেচিন মেন্যুফেকচাৰিং, কী চাইট টেক, নর্ডচন কর্প, লিনটেক কর্প, কহু ইংক, ইক’চফ্ট, টপ্পান ফট’মাস্ক, ছিংগাপুৰ বিজনেছ ফেডাৰেচন আৰু ইণ্ডিয়ান অছিয়ান গোটৰ প্রতিনিধিসকলে অংশগ্রহণ কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই বৈঠকত মন্তব্য কৰে যে এডভাণ্টেজ আছাম ২.০ শীর্ষক সন্মিলনত বিশ্বাসযোগ্য যোগান শৃংখল আৰু সংযোগৰ জৰিয়তে অসমক ছেমিকণ্ডাক্টৰ হাবলৈ ৰূপান্তৰ কৰাৰ বাবে পদক্ষেপ গ্রহণ কৰিবলৈ অসম চৰকাৰে পৰিকল্পনা গ্রহণ কৰিছে৷ আজিৰ এই বৈঠকত অংশগ্রহণ কৰাৰ বাবে ছিংগাপুৰৰ ছেমিকণ্ডাক্টৰ উদ্যোগৰ মূল অংশীদাৰসকলক কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁলোকে এডভাণ্টেজ আছাম ২.০ শীর্ষক সন্মিলনত অংশগ্রহণ কৰিব বুলি মুখ্যমন্ত্রী ড০ শর্মাই আশা প্রকাশ কৰে৷ ছিংগাপুৰ ভ্রমণকালতে মুখ্যমন্ত্রী ড০ শর্মাই  ৰাষ্ট্রখনত এখন ৰোড শ্ব’তো অংশগ্রহণ কৰে৷ ২০০তকৈ অধিক প্রতিষ্ঠানৰ ব্যৱসায়িক নেতৃবৃন্দই অংশগ্রহণ কৰা এই ৰোড শ্ব’ত মুখ্যমন্ত্রী ড০ শর্মাই প্রতিগৰাকী সম্ভাব্য বিনিয়োগকাৰীক ব্যক্তিগতভাৱে সাক্ষাৎ কৰি এডভাণ্টেজ আছাম ২.০ত অংশগ্রহণ কৰি অসমে আগবঢ়োৱা বিভিন্ন সুযোগ–সুবিধা অন্বেষণ কৰিবলৈ আমন্ত্রণ জনায়৷ বৈঠকত মুখ্যমন্ত্রী ড০ শর্মাই অসমৰ ভৌগোলিক স্থিতিৰ সুবিধা, ছিংগল উইণ্ড’ ক্লীয়াৰেন্স, সঠিক উদ্গনি, উন্নত আইন–শৃংখলা আৰু শৃংখলাবদ্ধ কর্মচাৰীসকল অসমৰ বাণিজ্যিক সম্ভাৱনাৰ মূল বিশেষত্ব হিচাপে স্বীকৃত হৈ পৰিছে বুলি ব্যৱসায়িক নেতৃবৃন্দৰ আগত উল্লেখ কৰে৷ ছিংগাপুৰৰ বিনিয়োগকাৰীসকলে অসমে আগবঢ়োৱা অনন্য ব্যৱসায়িক সা–সুবিধাসমূহৰ প্রতি দেখুওৱা উৎসাহে ৰাজ্য চৰকাৰকো অধিক উৎসাহিত কৰি তুলিছে বুলি মুখ্যমন্ত্রী ড০ শর্মাই মন্তব্য কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই লগতে ২০২৩–২৪ বর্ষত ভাৰত আৰু ছিংগাপুৰৰ মাজৰ দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ ৩৫.৬ বিলিয়ন ডলাৰ হোৱাৰ কথা উল্লেখ কৰি কয় যে ইয়াৰ জৰিয়তে ছিংগাপুৰে ভাৰতবর্ষৰ ষষ্ঠ বৃহৎ বাণিজ্যিক সংগী হিচাপে উদ্ভাসিত হৈছে আৰু দুয়োখন দেশৰ এই বাণিজ্যিক সম্পর্কক অধিক আগবঢ়াই নিয়াৰ দিশত অসমে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই মন্তব্য কৰে যে ১৪৩ বিলিয়ন ডলাৰৰ সম্ভাব্য জিএছডিপি, ১২.২ বিলিয়ন ডলাৰৰ আন্তঃগাঁথনি সবলীকৰণ, দৈনিক ১৫ কিলোমিটাৰ পথ নির্মাণ, ৬ হাজাৰ মেগাৱাট সেউজ শক্তিৰ লক্ষ্য তথা ইতিমধ্যে আহৰণ কৰা ৪.৭ বিলিয়ন ডলাৰ ব্যক্তিগত বিনিয়োগেৰে অসমে বিনিয়োগকাৰীসকলক উৎকৃষ্ট সম্ভাৱনা আৰু বিনিয়োগভিত্তিক উত্তম লাভ প্রদান কৰিবলৈ সামর্থ্যৱান৷ ছিংগাপুৰ ভ্রমণৰ দ্বিতীয় দিনটোত মুখ্যমন্ত্রী ড০ শর্মাই মধ্যাহ্ণ ভোজনৰ সময়তে দেশখনৰ কেইগৰাকীমান আগশাৰীৰ বিনিয়োগকাৰী তথা অংশীদাৰৰ সৈতেও বিশেষ বার্তালাপত মিলিত হয়৷ মুখ্যমন্ত্রী ড০ শর্মাই এইএম ছিংগাপুৰৰ চৌহদ পৰিদর্শন কৰি প্রতিষ্ঠানটোৰ বিশ্বমানৰ পৰীক্ষণ সুবিধাসমূহৰ চাক্ষুষ অভিজ্ঞতা গ্রহণ কৰে৷ জাগীৰোডত নির্মীয়মাণ টাটাৰ ছেমিকণ্ডাক্টৰ প্রকল্পৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমক এক গোলকীয় ছেমিকণ্ডাক্টৰ কেন্দ্র হিচাপে আত্মপ্রকাশ কৰোৱাৰ দিশত ৰাজ্য চৰকাৰে যাৱতীয় পৰিকল্পনা আৰু পদক্ষেপ গ্রহণ কৰিছে৷ মুখ্যমন্ত্রী ড০ শর্মাই লগতে ছিংগাপুৰ ছেমিকণ্ডাক্টৰ উদ্যোগ সংস্থা আৰু ছেমিকণ্ডাক্টৰৰ সৈতে জড়িত অন্যান্য খণ্ডৰ অংশীদাৰসকলকো সাক্ষাৎ কৰে৷ এই সাক্ষাৎকালত মুখ্যমন্ত্রী ড০ শর্মাই তেওঁলোকক ৰাজ্যখনত বিশ্বৰ অগ্রণী উদ্যোগ আৰু প্রতিষ্ঠানসমূহৰ সহযোগত এক বিশ্ব দক্ষতা কেন্দ্র স্থাপন কৰি উদ্যোগ ৪.০ৰ প্রয়োজনীয়তাসমূহ পূৰণ কৰাৰ অর্থে দক্ষ কর্মী বাহিনী সৃষ্টিৰ বাবে এক বৃহৎ পৰিসৰৰ প্রচেষ্টা গ্রহণৰ বিষয়ে অৱগত কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই এই সাক্ষাৎকালত উপস্থিত থকা এইএম হ’ল্ডিংছ, ক্লিনটেক, লেৱি ইঞ্জিনীয়াৰিং, ষ্টেটছ চিপ্পাক, এণ্টাৰপ্রাইজ এছ জিৰ নেতৃবর্গ, এক্রিবিছ ছিষ্টেমছ, পি ই টি ইন’ভেচন, এম টি আই আৰু টেমাছেক পলিটেকনিকৰ অধ্যক্ষ আৰু মুখ্য কার্যবাহী বিষয়াসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই আজি ছিলিকন খণ্ডৰ অগ্রণী প্রতিষ্ঠান ছিলিকন বক্স পৰিদর্শন কৰি প্রতিষ্ঠানটোৰ মুখ্য কার্যবাহী বিষয়া ড০ বিয়ং জুন হান তথা অন্যান্য বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হৈ উন্নত প্রযুক্তিৰ ‘চিপ’ নির্মাণ প্রক্রিয়াৰ বিভিন্ন দিশৰ বুজ লয়৷ মুখ্যমন্ত্রী ড০ শর্মাই আজি ছিংগাপুৰত বসবাস কৰা অসম তথা উত্তৰ–পূর্বাঞ্চলৰ লগতে একাংশ ভাৰতীয় লোককো সাক্ষাৎ কৰি তেওঁলোকৰ সৈতে বিভিন্ন বিষয় আলোচনা কৰে৷

You might also like