নিয়মীয়া বাৰ্তা, ৪ মে’ : ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহ অধ্যাপক আৰু সহযোগী অধ্যাপকসকলৰ সৈতে অডিঅ’ কনফাৰেঞ্চযোগে দেওবাৰে মত বিনিময় কৰে মুখ্যমন্ত্রী সোণোৱালে ৷ অসমৰ আর্থ–সামাজিক ক্ষেত্রখনলৈ ক’ভিড–১৯ৰূপী গোলকীয় মহাব্যাধিয়ে কঢ়িয়াই অনা অচলাৱস্থা দূৰীকৰণৰ বাবে সুপৰিকল্পিত কর্মআঁচনি হাতত লোৱাৰ ক্ষেত্রত বিশ্ববিদ্যালয়ৰ অধ্যাপক–অধ্যাপিকাসকলক সুচিন্তিত দিহা–পৰামর্শ কামনা কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে ৰাজ্যৰ অর্থনীতিক ন–ৰূপ প্রদানেৰে এক আত্মনির্ভৰশীল অসম গঢ়াৰ ক্ষেত্রত তেওঁলোকে আগবঢ়োৱা হ্রস্বম্যাদী, দীর্ঘম্যাদী আৰু বহনক্ষম দিহা–পৰামর্শ তথা উদ্ভাৱনীমূলক ধাৰণাসমূহ অনাগত দিনত চৰকাৰৰ পাথেয়ৰূপে পৰিগণিত হ’ব ৷ ৰাজ্যখনত প্রথম আৰু দ্বিতীয় পর্যায়ৰ লকডাউন সফল কৰি তোলাত বিশ্ববিদ্যালয়সমূহ শিক্ষক–শিক্ষয়িত্রী আৰু ছাত্র সমাজে আগবঢ়োৱা সহযোগিতাৰ বাবে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰি এই সহযোগিতা তৃতীয় পর্যায়ৰ লকডাউনৰ সময়ছোৱাতো অব্যাহত ৰাখিবলৈ মুখ্যমন্ত্রী সোণোৱালে আহ্বান জনায় ৷
সমাজত অধ্যাপক–অধ্যাপিকাসকলৰ এক বিশেষ স্থান আছে বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে সমাজে তেওঁলোকৰ কথা সদায়ে বিশেষ গুৰুত্বসহকাৰে লয় ৷ ক’ভিড–১৯ৰ বিৰুদ্ধে এই যুঁজখনত জনসাধাৰণক স্বাস্থ্য বিষয়ক নীতি–নির্দেশনাসমূহ বিষয়ে সজাগ আৰু সচেতন কৰাৰ ক্ষেত্রতো সেয়েহে তেওঁলোকে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰে ৷ জনসাধাৰণৰ মাজত সামাজিক দূৰত্ব ৰক্ষা, পৰিষ্কাৰ–পৰিচ্ছন্ন আৰু অনাময়ৰ গুৰুত্ব তথা স্বাস্থ্য সজাগতাৰ বাবে পদক্ষেপ গ্রহণ কৰিবলৈও তেওঁ অধ্যাপকসকলৰ প্রতি আহ্বান জনায় ৷ মুখ্যমন্ত্রী সোণোৱালে কয় যে এই অভাৱনীয় পৰিস্থিতিত আমাৰ ছাত্র–ছাত্রীসকলৰ শিক্ষাগ্রহণ প্রক্রিয়াও বৃহৎভাৱে ক্ষতিগ্রস্ত হৈছে ৷ এনে পৰিস্থিতিত শিক্ষাগুৰুসকলৰ সন্মুখত গধুৰ দায়িত্ব আহি পৰিছে ৷ শিক্ষাদান প্রক্রিয়া বাধাপ্রাপ্ত নোহোৱাকৈ প্রযুক্তিৰ ব্যৱহাৰেৰে পাঠদানৰ বিকল্প ব্যৱস্থাসমূহৰ ব্যাপকভাৱে সহায় ল’ব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে বহু শিক্ষানুষ্ঠানে ইতিমধ্যে ডিজিটেল বা ভার্ছুৱেল ক্লাছৰুমৰ ব্যৱস্থা প্রৱর্তন কৰিছে যদিও আমাৰ গ্রামাঞ্চলৰ বহু এলেকাত এতিয়াও ইণ্টাৰনেটৰ সংযোগ উপলব্ধ নহয় ৷ সেইদৰে দুখীয়া পৰিয়ালৰ বহুসংখ্যক ছাত্র–ছাত্রী বা অভিভাৱকৰ হাতত ডিজিটেল ব্যৱস্থাৰ সহায় ল’ব পৰাকৈ এটা স্মার্টফোনো নাই ৷ এইসকল ছাত্র–ছাত্রীৰ কথা মনত ৰাখি, সামাজিক দূৰত্বৰ চর্ত উলংঘা নকৰাকৈ শ্রেণীসমূহৰ পাঠদান কেনেকৈ আৰম্ভ কৰিব পৰা যায়, তাৰ বাবে এক উপযুক্ত ব্যৱস্থা উদ্ভাৱনৰ ক্ষেত্রত আগভাগ ল’বলৈ তেওঁ বিশ্ববিদ্যালয়ৰ অধ্যাপকসকলৰ প্রতি আহ্বান জনায় ৷
বর্তমানৰ প্রতিকূল সময়তো অসমৰ শৈক্ষিক দিশটো যাতে থমকি নৰয়, তাৰ বাবে ভৱিষ্যতৰ ৰূপৰেখা প্রস্তুতৰ ক্ষেত্রত বিশ্ববিদ্যালয়ৰ অধ্যাপকসকলৰ পৰা মুখ্যমন্ত্রী সোণোৱালে বিভিন্ন দিহা–পৰামর্শ গ্রহণ কৰে ৷ এই বিষয়ে অধিক ক’ব লগা থাকিলে সেয়া লিখিত ৰূপত ই–মেইলৰ জৰিয়তে প্রেৰণ কৰিবলৈও তেওঁ অধ্যাপকসকলক আহ্বান জনায় ৷ লকডাউনৰ মাজতো ছাত্র–ছাত্রীসকলে কিদৰে অনলাইন মাধ্যমৰ জৰিয়তে অধ্যয়ন অব্যাহত ৰাখিছে, সেই বিষয়ে অধ্যাপকসকলে মুখ্যমন্ত্রী সোণোৱালক অৱগত কৰে ৷ উল্লেখ্য যে দেওবাৰৰ অডিঅ’ কনফাৰেঞ্চত ৰাজ্যৰ ১১খন বিশ্ববিদ্যালয়ৰ ২৬৪৫গৰাকীকৈ অধ্যাপক আৰু সহযোগী অধ্যাপকে অংশগ্রহণ কৰে ৷