নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টিককত ক’ল ইণ্ডিয়াৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

নিয়মীয়া বাৰ্তা,  ২২ মে’ : মাৰ্ঘেৰিটাৰ টিককত উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আজি অনুষ্ঠিত হয়। উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত আয়োজন কৰা হয় এই শিবিৰ। চিকিৎসা শিবিৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বি শোভা ৰেড্ডীয়ে। ক’ল ইণ্ডিয়াৰ কাৰিকৰী সঞ্চালক ড০ বি ভি ৰেড্ডী আৰু বি শোভা ৰেড্ডীয়ে একোটিকৈ গছপুলি ৰোপণ কৰে কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে। টিকক ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত শিবিৰত উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ কেন্দ্ৰীয় চিকিৎসালয়ৰ ডাঃ সঞ্জীৱ সোণোৱালৰ নেতৃত্বত ছয়গৰাকী চিকিৎসকে এই স্বাস্থ্য শিবিৰত সেৱা আগবঢ়ায়। শতাধিক ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়া ঔষধ বিতৰণ কৰে। উল্লেখযোগ্য যে ভাৰত চৰকাৰৰ যক্ষ্মা ৰোগ নিৰ্মূল আঁচনিৰ অংশ হিচাপে উত্তৰ-পূব কয়লা ক্ষেত্ৰই এই ৰোগত আক্ৰান্ত ৰোগীসকলৰ বাবে বিশেষ আঁচনি গ্ৰহণ কৰিছে বুলি ডাঃ ভৃংগেশ্বৰ শৰ্মাই জানিবলৈ দিয়ে।

প্ৰেৰক মানস প্ৰতিম গগৈ

You might also like