নিয়মীয়া বাৰ্তা, ১৪ জুনঃ দিহিং পাটকাই অভয়াৰণ্যৰ আশে–পাশে কয়লা খনন একপ্রকাৰ নিষিদ্ধ কৰিলে উচ্চতম ন্যায়ালয়ে৷ ইয়াৰ পৰিৱর্তে কয়লা খননৰ বাবে বিকল্প স্থানৰ সন্ধান কৰিবলৈ মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ ব’বডে নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে শনিবাৰে কেন্দ্রীয় চৰকাৰক নির্দেশ দিয়ে৷
উল্লেখ্য যে দিহিং পাটকাই অভায়ণ্যৰ সমীপত থকা চেলেকি সংৰক্ষিত বনাঞ্চলত কয়লা খননৰ বাবে কেন্দ্রীয় চৰকাৰে অলপতে প্রদান কৰা নির্দেশনাক প্রত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ৰাজ্যৰ অধিবক্তা আবিৰ ফুকনে৷ ফুকনে জনোৱা লেখ আবেদনৰ শুনানি গ্রহণ কৰি সর্বোচ্চ ন্যায়ালয়ে শনিবাৰে অতি তাৎপর্যপূর্ণ এই নির্দেশ দিয়ে৷ মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ ব’বডে, ন্যায়াধীশ এ এছ বোপান্না আৰু ন্যায়াধীশ হূষীকেশ ৰয়ৰে গঠিত খণ্ড বিচাৰপীঠে কেন্দ্রীয় চৰকাৰক আনকি তিনি সপ্তাহৰ ভিতৰত দিহিং পাটকাই অভয়াৰণ্যৰ পৰিৱর্তে কয়লা খননৰ বিকল্প স্থানৰ সন্ধান কৰিবলৈ নির্দেশ দিয়ে৷
শুনানি কালত অসম সন্তান ন্যায়াধীশ হূষীকেশ ৰয়ৰ তাৎপর্যপূর্ণ মন্তব্য আছিল– ‘আমি জানো, পৰিৱেশ সংৰক্ষণক লৈ সময়ে সময়ে আমি প্রদান কৰি অহা নির্দেশসমূহে অর্থনৈতিক দৃষ্টিকোণৰ পৰা ক্ষতি কৰে৷ সেয়েহ আমি বিচাৰোঁ পৰিৱেশ সংৰক্ষণ আৰু অর্থনৈতিক উন্নয়নৰ মাজত এটা সামঞ্জস্য থাকক৷’ শুনানি কালত কেন্দ্রীয় চৰকাৰক প্রতিনিধিত্ব কৰা অতিৰিক্ত ছলিচিটৰ জেনেৰেল বিক্রম বেনার্জীক ন্যায়ালয়ৰ স্পষ্ট নির্দেশ– তিনি সপ্তাহৰ ভিতৰত বিকল্প খনন স্থানৰ সন্ধান কৰি ন্যায়ালয়ক শপতনামাযোগে অৱগত কৰক৷
উল্লেখ্য যে ক’ল ইণ্ডিয়া লিমিটেডৰ অধীনস্থ অধীনস্থ নর্থ–ইষ্টার্ন ক’ল ফিল্ডছক দিহিং পাটকাই অভয়াৰণ্যৰ সমীপত থকা চেলেকি সংৰক্ষিত বনাঞ্চলত অলপতে কয়লা খননৰ অনুমতি প্রদান কৰা হৈছিল৷