নিয়মীয়া বাৰ্তা, ৯ মেঃ আহোম ৰাজ শাসনৰ অন্যতম আকৰ্ষণীয় সম্পদ তথা বিশ্ব পৰ্য্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ঐতিহাসিক শিৱসাগৰ বৰপুখুৰীলৈ নামি আহিছে তীব্ৰ ভাবুকি ৷ আৰক্ষী – পৰিবহণ বিভাগৰ কটকটীয়া নিৰাপত্তাৰ মাজতেই এই ভাবুকি নমাই আনিছে শিৱসাগৰৰ মাজেদি পাৰ হৈ যোৱা একাংশ বৃহত বৃহত কয়লা- শিল পৰিবাহী ট্ৰাকে ৷প্ৰতি নিশাই চৰকাৰী পক্ষৰ অগোচৰে সংঘটিত হৈ থকা এই ভয়ংকৰ ঘটনাক লৈ শিৱসাগৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷বিশেষকৈ ৪০ টনতকৈ অধিক ওজনৰ কয়লা – শিল পৰিবাহী ট্ৰাক- ডাম্পাৰে প্ৰতি নিশাই পথ বিভ্ৰান্ত আৰু আৰু আন একাংশই নিৰাপত্তাৰক্ষীৰ চকুত ধুলি দিবৰ বাবেই বৰপুখুৰীৰ পাৰত উঠাৰ ঘটনাক লৈয়েই সৃষ্টি হৈছে এই প্ৰতিক্ৰিয়াৰ ৷যাৰ বাবে ঐতিহাসিক বৰপুখুৰীৰ পাৰ এনে অতিৰিক্ত বোজাইবাহী ট্ৰাক সমুহে ব্যাপক ক্ষতি সাধন কৰাৰ সম্ভাৱনা ঘৰ্ণীভূৰ্ত হৈ পৰিছে ৷ প্ৰাপ্ত বাতৰি মতে শিৱসাগৰ চহৰ খনৰ সবাটোতকৈ ব্যস্ততম বাণিজ্যিক অঞ্চল হৈছে ষ্টেচন ছাৰিআলি ৷ পুৰণি অসম ট্ৰাংক ৰোডৰ এই ছাৰিআলিটোৰ পশ্ছিমেদি নাজিৰা আলি হৈ বিহুবৰ, নাজিৰা মহকুমা, চৰাইদেউ জিলা, গেলেকী, নগালেণ্ড আৰু অৰুণাচল জিলাক স্পৰ্শ কৰিছে ৷ইয়াৰোপৰি পশ্ছিম দিশৰ ষ্টেচন ছাৰিআলি সংযোগী এই নাজিৰা আলিটোৱেদি অএন জিচিৰ উত্তৰ- পুৰ্বৰ মুখ্য কাৰ্য্যালয় আৰু লাকুৱা, গেলেকী তৈল ক্ষেত্ৰলৈ নিগমৰ গধুৰ যান বাহণৰ চলাচল ঘটে ৷ আনহাতে ষ্টেচন ছাৰিআলিৰ পৰা উত্তৰ দিশে পোনে পোনে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মাত্ৰ দুই কিলোমিটাৰ অতিক্ৰম কৰিলেই উঠিবগৈ পাৰে আৰু দক্ষিণ দিশে চহৰৰ মাজ হৈ পুৰণি অসম ট্ৰাংক ৰোডেদি জয়সাগৰৰ দিশে যাব পাৰে ৷ ইয়াৰ বিপৰীতে ষ্টেচন ছাৰিআলিৰ পশ্ছিম দিশে দৈনিক বজাৰ আৰু ষ্টেচন ছাৰিআলিৰ জুম্মা মছজিদৰ সন্মুখেদি পোনে পোনে ইতিহাস প্ৰসিদ্ধ ৰজাদিনীয়া শিৱসাগৰ বৰপুখুৰীৰ পাৰত উঠিবগৈ পাৰে ৷ষ্টেচন ছাৰিআলিৰ তিনিওটা পথতেই ভিন্ন অঞ্চলৰ সংযোগ ঘটিছে যদিও দৈনিক বজাৰ আৰু জুম্মা মচজিদৰ সন্মুখৰ পথটোৱেদি কেৱল বৰপুখুৰীৰ পাৰ,শিৱদৌল আৰু শিৱসাগৰ চহৰৰ সংযোগ ঘটিছে ৷ এই পথটোৱেদি শিৱসাগৰ চহৰলৈ সৰু বৰ যান- বাহণৰ চলাচলৰ বাদে আন বাণিজ্যিক গধুৰ যান বাহণৰ চলাচল নঘটে ৷ৰজাদিনীয়া বৰপুখুৰীৰ আৰু তাৰ পাৰত থকা তিনিটাকৈ দলৰ আয়ুস ৰেখা স্বৰূপ যমুনাৰ বুকুত অএন জিচিয়ে নিৰ্মাণ কৰা লঘু যান বাহণৰ বহণ ক্ষমতা সহিব পৰা এখন সৰু দলঙেদি উক্ত অঞ্চলটোৰ সংযোগ ঘটিছে ৷ আনহাতে প্ৰতি নিশাই অসমৰ চুবুৰীয়া ৰাজ্য নগালেণ্ড- অৰুণাচলৰ পৰা অহা বৃহত কয়লা বোজাইবাহী ট্ৰাক আৰু বিহুবৰৰ পৰা অহা শিল পৰিবাহী ট্ৰাক- ডাম্পাৰ সমুহে নাজিৰা আলি পথেদি ষ্টেচন ছাৰিআলিৰ উত্তৰ দিশে ৰাষ্ট্ৰীয় ঘাই পথত উঠি উজনি-নামনিলৈ চলাচল কৰি আহিছে ৷কিন্তু একাংশ অনভিজ্ঞ্য নতুন চালকে নিশাৰ ভাগত ষ্টেচন ছাৰিআলিত পথ বিভ্ৰান্ত কৰি উত্তৰ দিশে দৰিকাপাৰ অভিমুখে ৰাষ্ট্ৰীয় পথত উঠাৰ পৰিৱৰ্তে পোনে পোনে দৈনিক বজাৰ আৰু জুম্মা মচজিদৰ সন্মুখৰ পথটোৱেদি বৰপুখুৰীৰ পাৰত উঠেগৈ ৷ পৰৱৰ্তী সময়ত পথ বিভ্ৰান্ত ঘটা বুলি জানিব পাৰি পুখুৰীৰ পাৰৰ বিপদজনক স্থানত বোজাইবাহী ট্ৰাক ঘুৰোৱাৰ চেষ্টা চলোৱাৰ লগতে একাংশই আকৌ তীব্ৰ বেগত পুখুৰীৰ পাৰে দি পানী টেংকী হৈ শিৱদলৰ সন্মুখেদি দল মুখ ছাৰিআলিত উঠি পুণৰ পুৰণি এ টি ৰোডত উঠেগৈ ৷ আনহাতে একাংশ অৱৈধ কয়লা- শিল পৰিবাহী ট্ৰাকে আৰক্ষী – পৰিবহণ বিভাগৰ চকুত ধুলি দিবৰ বাবেই ষ্টেচন ছাৰিআলিৰ পৰা উত্তৰ দিশে দৰিকাপাৰ হৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত উঠাৰ পৰিৱৰ্তে এটা নতুন পথ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে ৷দুচকীয়া- চাৰিচকীয়া বাহণৰ বাবে ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা গাহৰিকটা তিনিআলি হৈ শিৱসাগৰ চহৰত প্ৰৱেশ কৰিব পৰা প্ৰায় পাঁচশ মিটাৰ দৈঘৰ যমুনাৰ পাৰৰ উপপথটোও হৈ পৰিছে সম্প্ৰতি অৱৈধ কয়লা-শিল পৰিবাহী ট্ৰাক ডাম্পাৰ চলাচলৰ বিকল্প পথ ৷ অভিযোগ অনুসৰি ষ্টেচন ছাৰিআলিৰ পৰা উত্তৰ দিশে দৰিকাপাৰ হৈ ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথত উঠা বোজাইবাহী ট্ৰাকসমুহে কোনো ধৰণৰ নৈশ তালাচী নথকা এই যমুনা পাৰ হৈ ৰাষ্ট্ৰীয় ঘাই পথত উঠিলে একোখন ট্ৰাক, ডাম্পাৰৰ নূন্যতম এশ টকাৰ ডিজেল, সময় ৰাহি হোৱাৰ লগতে তালাচীৰ পৰা বাছিব পাৰি৷ যাৰ বাবে অৱৈধ শিল-কয়লা পৰিবাহী ট্ৰাক-ডাম্পাৰৰ বাবে সবাটোতকৈ সুৰক্ষিত পথ হিচাবে চিন্হিত হোৱা পাঁচশ মিটাৰ দৈঘ্যৰ যমুনা পাৰৰ উপ-পথটোৰ ব্যাপক ক্ষতি সাধন হৈছে ৷প্ৰায় ৬০ লাখ টকা ব্যয় সাপেক্ষে কিছুদিন পুৰ্বে নিৰ্মাণ কৰা পথটোৱেদি নিশাৰ ভাগত একাংশ চোৰাং কয়লা-শিল অতিৰিক্ত বোজাইবাহী বাহন চলাচল কৰাৰ ঘটনাই পথটোৰ অস্তিত্ব টুটি আনিছে ৷যাৰ বাবে একাংশ উদণ্ড কয়লা- শিল বোজাইবাহী ট্ৰাক- ডাম্পাৰ চালকৰ অতপালিৰ বাবেই ইতিহাস প্ৰসিদ্ধ বৰপুখুৰীৰ পাৰৰ ব্যাপক ক্ষতি সাধন আৰু যমুনাৰ ওপৰত থকা আইৰন ব্ৰিজ খনৰ ক্ষতি সাধন হোৱাতো নিশ্ছিত হৈ পৰিছে ৷বিগত বহু দিন ধৰি সংঘটিত হৈ অহা এই ভয়ানক ঘটনাৰ পিছতো ষ্টেচন ছাৰিআলি জুম্মা মচজিদ আৰু দৈনিক বজাৰৰ সন্মুখৰ একমাত্ৰ নগৰ সংযোগী পথটোৰ সন্মুখত কিয় লোক নিৰ্মাণ বিভাগে স্থায়ী বেৰিয়াৰ স্থাপন কৰা নাই তাক লৈ ৰাইজৰ চকু ক’পালত উঠিছে ৷কিয়নো ষ্টেচন ছাৰিআলিৰ দৈনিক বজাৰ আৰু জুম্মা মচজিদৰ সন্মুখৰ পথটোৱেদি চহৰমুখী লঘু যান- বাহণৰ বাদে আন কোনো ধৰণৰ গধুৰ যান – বাহণৰ চলাচল নহয় ৷সচেতন ৰাইজে ইতিহাস প্ৰসিদ্ধ বৰপুখুৰীৰ পাৰৰ লগতে যমুনাৰ ওপৰত থকা আইৰন ব্ৰিজখনৰ সুৰক্ষাৰ স্বাৰ্থতেই লোক নিৰ্মাণ বিভাগক ষ্টেচন ছাৰিআলিৰ দৈনিক বজাৰৰ সন্মুখত স্থায়ী বেৰিয়াৰ স্থাপনেৰে পুখুৰীৰ সুৰক্ষা নিশ্ছিত কৰিবলৈ জিলা প্ৰশাসন- চৰকাৰৰ ওচৰত দাবী জনাইছে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান