নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰঃ আজি পুৱা প্ৰায় ৯.৩০ বজাত মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত বৰগোলাইত কয়লা সৰবৰাহ কৰিবলৈ অহা এখন ১৪ চকীয়া ট্ৰাকৰ খুন্দাত এজন লোকৰ মৃত্যু হয়। মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত বৰগোলাইৰ মা ৱেইট ব্ৰীজৰ সমীপত NL 01AA 4142 নম্বৰৰ কয়লা কঢ়িবলৈ অহা ট্ৰাক খন বৰগোলাই অঞ্চলৰে মন বাহাদুৰ প্ৰধান নামৰ ৬০ উদ্ধৰ ব্যক্তি গৰাকীক পাছফালৰ পৰা খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। গুৰুতৰভাৱে আহত মন বাহাদুৰক ততাতৈয়াকৈ ডিব্ৰুগড়লৈ উন্নত চিকিৎসাৰ বাবে নিয়া হৈছিল যদিও আদবাটতে প্ৰধানৰ মৃত্যু হয়। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক খন মাৰ্ঘেৰিটা আৰক্ষীয়ে জব্দ কৰি আৰক্ষী থানালৈ লৈ যায়। শেহতীয়াকৈ মাৰ্ঘেৰিটা আৰু ইয়াৰ উপকণ্ঠ অঞ্চল সমূহত বৈধ- অবৈধ কয়লা সৰবৰাহ কৰিবলৈ অহা শ শ ট্ৰাক গাড়ীক নাকী লগোৱাত মাৰ্ঘেৰিটা আৰক্ষী চূড়ান্ত ভাৱে ব্যৰ্থ হৈছে। আজিৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে চেপা উত্তেজনা বিৰাজ কৰাইছে। অন্যহাতে স্থানীয় ৰাইজে নীতি নিয়ম পালন নকৰা ট্ৰাক সমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক দাবী জনাইছে।
প্ৰেৰক মানস প্ৰতিম গগৈ