নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাড়কঁপোৱা ফেব্ৰুৱাৰীঃ প্ৰচণ্ড জাৰৰ মাজতে বাগদেৱীৰ আৰাধনা

বিশেষ বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ জাৰৰ প্ৰকোপত তত্ নোপোৱা হৈছে দেশৰ উত্তৰ পূব আৰু উত্তৰ পশ্চিম অংশ। এফালে শীতে বিদায় লোৱাৰ সময় সমাগত যদিও যোৱা কিছুদিন ধৰি হাড় কঁপোৱা জাৰে জনজীৱন স্থৱিৰ কৰি তুলিছে। প্ৰায় এসপ্তাহে ডাৱৰীয়া বতৰ আৰু বৃষ্টিৰ প্ৰৱল সম্ভাৱনাই যন্ত্ৰণা অধিক বঢ়াইছে। পাৰাস্তম্ভৰ মান খুব বেছি নমা নাই যদিও জাৰে ভয়ংকৰ যাতনা দিছে। একুৰা জুঁইৰ উম বিচাৰি মানুহে জুম বান্ধিছে। আজি পুৱাৰে পৰা বৃষ্টিপাত হৈছে ঠায়ে ঠায়ে। ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীত আজি পুৱাৰ ভাগত বৃষ্টিপাত হোৱাৰ লগতে পাৰাস্তম্ভৰ মান আছিল ১৮ ডিগ্ৰী চেলছিয়াছ। বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি কাইলৈও বৃষ্টিপাত হব পাৰে। ইপিনে, এনে শীতৰ মাজতো বাগদেৱী সৰস্বতী পূজাৰ আয়োজন ধূমধামেৰে চলিছে। আনহাতে, দেশৰ ৰাজধানী চহৰ দিল্লীত যোৱা ১৯ বছৰৰ ভিতৰত আটাইতকৈ ঠাণ্ডা ফেব্ৰুৱাৰী হিচাপে চিহ্নিত হৈছে এইবাৰ।

You might also like