নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ নগাঁৱৰ ননৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ ব্যৱস্থাপনাত নৱাগত আদৰণী সভাৰ আজি সামৰণি পৰে। কালি ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰীতা শৰ্মাই পতাকা উত্তোলনৰে শুভাৰম্ভ কৰা আদৰণী সভাত মনোবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ড০ কবিতা দেৱী কুশ্ৰে আৰু ছাত্ৰ একতা সভাৰ সভাপতি কল্পজ্যোতি বৰাই ননৈ মহাবিদ্যালয় প্ৰতিষ্ঠা কালৰ কৰ্মীসকলৰ স্মৃতিত শ্ৰদ্ধা তৰ্পণ কৰে। অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ৰুণু দেৱীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ সৃজনীশীল প্ৰতিভা বিকাশৰ কঠিয়াতলী স্বৰূপ “মানস” প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰি ছাত্ৰ-ছাত্ৰীসকলৰ মহতী প্ৰচেষ্টাৰ শলাগ লয় । “ন-পুৰণি সতীৰ্থ সন্মিলন” উদ্বোধন কৰি ভূগোল বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক কল্যাণ নাথে ছাত্ৰ-ছাত্ৰীসকলক স্নেহবন্ধনৰ যোগেদি ননৈ মহাবিদ্যালয়ৰ শৈক্ষিক উন্নয়নত অগ্ৰসৰ হ’বলৈ আহ্বান জনায়। তাৰ পিছত অনুষ্ঠিত হয় মুকলি সভা। ননৈ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি পদ্মকান্ত বৰুৱাৰ পৌৰহিত্যত অনুষ্ঠিত মূল সভাত ড০ বসন্ত বৰাৰ ৰচনা আৰু পৰিচালনাৰে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে আদৰণী সংগীত পৰিৱেশন কৰে। ছাত্ৰ একতা সভাৰ সম্পাদক পংকজ জ্যোতি বৰুৱাই উদ্দেশ্য ব্যাখ্যা আৰু ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰীতা শৰ্মাই আদৰণী ভাষণ প্ৰদান কৰা সভাত পুৰণিগুদামস্থিত বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড০ অঞ্জনা গোস্বামীয়ে বিশিষ্ট অতিথি ৰূপে অংশগ্রহণ কৰি ভাৰতীয় সামাজিক পৰম্পৰা আৰু অসমৰ সাংস্কৃতিক-শৈক্ষিক প্ৰমূল্যবোধৰ বিষয়ে তথ্যগত ভাবে বক্তব্য প্ৰদান কৰি নৱাগত ছাত্ৰ-ছাত্ৰীসকলক উদ্বুদ্ধ কৰাৰ লগতে উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰি ৰাখে । ভাষণ প্ৰসংগত তেখেতে কয় – “শৈক্ষিক, ভাষিক আৰু সামাজিক উত্তৰণ অবিহনে এখন দেশক অথবা এটি জাতিক জীয়াই ৰখাটো সম্ভৱ নহয়। গতিকে এই দিশত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে সমাজৰ সৰ্বস্তৰৰ সকলো লোকেই দ্বায়বদ্ধশীল হোৱা উচিত।” এই সভাতেই ৰাজনীতি বিজ্ঞান চ’ৰাৰ উদ্যোগত ‘জ্ঞানদীপ’ শীৰ্ষক এখনি হাতে লিখা আলোচনী উন্মোচন কৰা হয় আৰু ৰাজ্যিক পৰ্যায়ৰ ডিচকাচ থ্ৰ’ আৰু শ্বুটআপ প্ৰতিযোগিতাত স্বৰ্ণ পদক আৰু ৰূপৰ পদক লাভ কৰি গৌৰৱ কঢ়িয়াই অনা মহাবিদ্যালয়ৰ কাৰ্যালয়ৰ গাণনিক ড০ জুনু দেৱীক অভিনন্দন জনোৱা হয় । সভাত নিৰ্দ্দিষ্ট বক্তা ৰূপে ধিং মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা ড০ স্নিগ্ধা মহন্তই নৱাগত ছাত্ৰ-ছাত্ৰীসকলক আনুষ্ঠানিক ভাবে আদৰণি জনোৱা লগতে পুৰাকথা আৰু সাধুকথাৰ আলমত বক্তব্য প্ৰদানৰে সকলোকে আহ্লাদিত কৰে । অনুষ্ঠানটিৰ সন্ধ্যালৈ মহাবিদ্যালয়খনৰ কৰ্মচাৰী অমৃত মুদৈৰ পৰিচালনাত বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন কৰা হয় । আনহাতে আজি ‘সাংস্কৃতিক শোভাযাত্রা’ উদ্বোধন কৰি ননৈ মহাবিদ্যালয়ৰ গুণগত মান নিৰূপক কোষৰ সমন্বয়ক ৰাতুল শইকীয়াই বিভিন্ন বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে অসমৰ জাতি-জনগোষ্ঠীৰ সামাজিক-সাংস্কৃতিক পৰিচয় দাঙি ধৰা সমান্তৰালকৈ দীপাৱলীত ফটকা ফুটাই পৰিৱেশ প্ৰদূষণ নকৰি মাটি চাকি জ্বলাই জগত পোহৰ কৰাৰ আহ্বান জনোৱা বাণীৰে জনগণক সজাগ কৰা শোভাযাত্রামূলক বাৰ্তা সময় সাপেক্ষ বুলি অভিহিত কৰে। তাৰ পিছত নৱাগত আদৰণী সভাৰ দ্বিতীয় দিনাৰ মূল সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হয় । জনপ্ৰিয় কন্ঠশিল্পী ৰূপম কাকতি, প্ৰাঞ্জু পৰাণ আৰু নীহাৰিকা হাজৰিকাই মুখ্য অতিথি শিল্পী ৰূপে অংশগ্রহণ কৰা সংগীতানুষ্ঠানৰ শুভ উদ্বোধন কৰি অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড০ বসন্ত বৰাই ভাৰতৰ পূৰ্ব দিশৰ অসমভূমিৰ বাৰেবৰণীয়া সাংস্কৃতিক সমতাৰে জকমকাই ফুলি থকা ননৈ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰুচিপূৰ্ণ সাংস্কৃতিক পৰিকাঠামো তৈয়াৰ কৰাত মহাবিদ্যালয়খনে লৈ অহা ব্যতিক্রমী পদক্ষেপক নতশিৰে স্বীকাৰ কৰি মহাবিদ্যালয়খনৰ অধ্যক্ষ, শিক্ষাগুৰুসকল,কৰ্মচাৰী বৃন্দ আৰু ছাত্ৰ একতা সভাৰ সহযোগিতাক শ্ৰদ্ধাৰে শলাগ লয় ।
প্ৰেৰক প্ৰাঞ্জল বৰদলৈ