জালুকবাৰীত সুধাকণ্ঠৰ সমাধিক্ষেত্রৰ সমীপত বাহনৰ পৰা গুণ্ডাকৰ সংগ্ৰহ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ মে ‘ : জালুকবাৰীত থকা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্রৰ সমীপত গঢ় লৈ উঠা যাত্রীবাহী বাহনৰ অবৈধ আস্থানে সমগ্র পৰিৱেশ বিনষ্ট কৰাৰ গুৰুতৰ অভিযোগ উঠিছে৷
উল্লেখ্য যে ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ শেষ শয়নস্থলী জালুকবাৰীস্থিত সমাধিক্ষেত্রলৈ দৈনিক অগণন লোকৰ আগমন হয়৷ সুধাকণ্ঠৰ অনুগামী দেশ–বিদেশৰ বহু গুণমুগ্ধয়ো সমাধিক্ষেত্র দর্শনৰ বাবে আহে৷ কিন্তু সমাধিক্ষেত্রৰ দাঁতিতে গঢ় লৈ উঠা যাত্রীবাহী বাছৰ আস্থানটোৰ বাবে সমাধিক্ষেত্রৰ চৌদিশৰ পৰিৱেশ কদর্যময় হৈ পৰিছে৷
চালক–হেণ্ডিমেনৰ চিঞৰ–বাখৰ, পাণ–তামোল–গুট্খাৰ পিকে বিনষ্ট কৰি পেলাইছে সমগ্র অঞ্চলটো৷ বিশ্বৰত্ন ড০ ভূপেন হাজৰিকা সমন্বয় সত্রই সমাধিক্ষেত্রৰ চৌদিশে গছপুলি ৰোপণ কৰাৰ লগতে চাফ–চিকুণ কৰে যদিও যাত্রীবাহী বাহনৰ চালক–হেণ্ডিমেন আৰু যাত্রীসকলে দুদিনতে পুনৰ লেতেৰা কৰি পেলায়৷ অভিযোগ অনুসৰি জালুকবাৰী যান–বাহন আৰক্ষীৰে গোপন বুজাবুজি কৰি এটি যুৱকৰ দলে প্রতিখন যাত্রীবাহী বাহনৰ পৰা ১০০–১৫০ টকাকৈ সংগ্রহ কৰে৷
যাৰ বাবে অসমবাসীৰ হিয়াৰ আমঠু, বিশ্ববৰেণ্য শিল্পীগৰাকীৰ সমাধিক্ষেত্রৰ চৌদিশৰ পৰিৱেশ বিনষ্ট হোৱাৰ পাছতো আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাৰ গুৰুতৰ অভিযোগ ডঠিছে৷ জালুকবাৰী আৰক্ষীৰ দায়িত্বহীন মনোভাবৰ বাবে সমাধিক্ষেত্রৰ দাঁতিত গঢ় লৈ ডঠা যাত্রীবাহী বাহনৰ অবৈধ আস্থানটো শীঘ্রে উঠাই দিয়াৰ দাবীত বিশ্বৰত্ন ড০ ভূপেন হাজৰিকা সমন্বয় সত্রই কালি মহানগৰ আৰক্ষীৰ যান–বাহন শাখাৰ উপ–আৰক্ষী আয়ুক্তক এখন স্মাৰক–পত্র প্রদান কৰে৷ উপ–আৰক্ষী আয়ুক্তই এই সন্দর্ভত কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷