নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাহাট বাণিজ্য কেন্দ্ৰত ট্ৰাকৰ পৰা ধন সংগ্ৰহ ছিণ্ডিকেট বাহিনীৰ

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ ধুবুৰীৰ গোলকগঞ্জৰ সমীপৰ সোণাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰৰে বাংলাদেশলৈ যোৱা শিলভৰ্তি প্ৰতিখন ট্ৰাকে দিব লাগে ১০,৫০০ টকা। খোদ গোলকগঞ্জৰ বিধায়ক আব্দুল সোৱাহান সৰকাৰে আনিছে এই বিষ্ফোৰক অভিযোগ। ছিণ্ডিকেটৰ বিষয়টো লৈ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰটোত শুল্ক বিভাগৰ বিষয়াক সাক্ষাৎ কৰাৰ পিছত উপস্থিত সাংবাদিকৰ সন্মুখত এই অভিযোগ উত্থাপিত কৰে তেওঁ। সাংবাদিকৰ সন্মুখত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰটোৰে বাংলাদেশলৈ শিল পঠিওৱা ট্ৰাকৰ স্থানীয় স্বত্বাধিকাৰী সকলে তেওঁক এই অভিযোগ দিয়া বুলি জনায় স্থানীয় বিধায়ক গৰাকীয়ে। আনকি, ছিণ্ডিকেট বাহিনীয়ে বিশেষ এটা ওৱে ব্ৰিজৰ ৰচিদ প্ৰদানৰ বিনিময়ত ট্ৰাক প্ৰতি ১০,৫০০ টকাকৈ সংগ্ৰহ কৰি থকা বুলি জনোৱাৰ সমান্তৰালকৈ সেই বিশেষ ওৱে ব্ৰিজৰ ৰচিদ নহলেও বাণিজ্য কেন্দ্ৰটোৰ শুল্ক বিভাগে ক্লিয়াৰেঞ্চ নিদিয়ে বুলিও আওপকীয়াকৈ সীমা শুল্ক বিভাগৰ বিৰূদ্ধে এক গুৰুতৰ অভিযোগ কৰিছে বিধায়কগৰাকীয়ে। বিধায়ক সৰকাৰৰ দাবী বিগত কিছু মাহৰ পৰা বিশেষ এটা চক্ৰই এইদৰে সোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰটোত দৈনিক দৈনিক লাখ টকা সংগ্ৰহ কৰি আছে। আনকি ছিণ্ডিকেট বাহিনীৰ দৌৰাত্মত উপায়বিহীন হৈ অঞ্চলৰ স্থানীয় ট্ৰাকৰ মালিকে নিজৰ ট্ৰাক বিক্ৰী কৰিবলগীয়া হোৱাৰ দৰে পৰিস্থিতিৰো উদ্ভৱ হোৱা বুলি আজি সাংবাদিকৰ সন্মুখত মন্তব্য কৰে বিধায়ক গৰাকীয়ে। শীঘ্ৰে সোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰটোত সক্ৰিয় হৈ থকা ছিণ্ডিকেট বাহিনীৰ তাণ্ডব বন্ধ নহলে গণতান্ত্রিক আন্দোলন গঢ়ি তোলাৰ সমান্তৰালকৈ অসম বিধানসভাৰ মজিয়াতো বিষয়টো উত্থাপন কৰিব বুলিও সাংবাদিকৰ সন্মুখত হুংকাৰ দিছে তেওঁ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like