নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত বোলবম ভক্ত কঢ়িওৱা বাহনৰ পৰা ধন সংগ্ৰহ

নিয়মীয়া বাৰ্তা, ২৮ আগষ্টঃ শিৱসাগৰৰ শিৱদললৈ বলবম ভক্ত কঢ়িয়াই অনা বাহনৰ পৰা নগৰৰ মাজমজিয়াৰ দলমুখ চাৰিআলিত এটা দুষ্ট চক্ৰই পৌৰসভাৰ নাম লৈ নিশা বলপূৰ্বক ধন সংগ্ৰহ কৰাক লৈ নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ পৌৰসভাৰ ভেণ্ডৰ জনৈক বিতোপন নামৰ যুৱকজনৰ দ্বাৰা স্বাক্ষৰিত এখন উৱলি যোৱা পত্ৰ লৈ নিশা বোলবম ভক্ত কঢ়িয়াই অনা বাহনসমুহৰ পৰা ভয় ভাবুকিৰে ধন সংগ্ৰহ কৰাক লৈয়েই সৃষ্টি হয় এই চাঞ্চল্যৰ ৷ ক্ষুদ্ধ ভক্ত আৰু ভক্তসকলক কঢ়িয়াই অনা বাহনৰ চালক সকলে বলপুৰ্বক ধন সংগ্ৰহকাৰী যুৱক জনক ঘটনাস্থলীতেই আৱদ্ধ কৰি ৰাখিছিল যদিও ভক্তৰ ভিৰৰ সুযোগ লৈ পলায়ন কৰিবলৈ সক্ষম হয়৷ প্ৰাপ্ত বাতৰি মতে কালি নিশা প্ৰায় ১০ মান বজাত এটা চাৰিজনীয়া দলক নেতৃত্ব প্ৰদান কৰা ধ্ৰুৱজ্যোতি বৰা নামৰ যুৱকজনে অশ্লীল শব্দৰে বাহন সমুহক ভাবুকি প্ৰদাণ কৰি ধন সংগ্ৰহ কৰি আহিছিল ৷নগৰৰ বাবুপট্টী পথ, হস্পিতেল ৰোডকে ধৰি শিৱদললৈ অহা ভক্ত সকলে গাড়ী সমুহ ৰখোৱা স্থানতেই এই চক্ৰটোৱে সংগ্ৰহ কৰে ধন ৷কোনো ধৰণৰ ৰছিদ প্ৰদাণ নকৰাকৈ গাইপতি দেৰশৰ পৰা দুশ টকাকৈ সংগ্ৰহ কৰা এই চক্ৰটোৱে পহিলা শাওনৰ পৰাই এই ধন সংগ্ৰহ কাৰ্য্য অব্যাহক ৰাখিছিল ৷যোৱা নিশা যোৰহাটৰ মৰিয়নীৰ পৰা ভক্ত কঢ়িয়াই অনা এখন চাৰিচকীয়া বাহনক ধন দাবী কৰাৰ পিছতেই সৃষ্টি হয় এই অপ্ৰীতিকৰ পৰিস্থিতিৰ ৷সচেতন ৰাইজে শিৱদললৈ আৰাধনাৰ বাবে অহা ভক্ত সকলৰ বাহনক এনেদৰে ধন সংগ্ৰহ কৰা কাৰ্য্যৰ লগত জড়িত চক্ৰটোক শীঘ্ৰে আটক কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like