বাৰ্তা বুৰো, মৰিগাঁও ১৯ ডিচেম্বৰঃ মৰিগাঁৱত ডি ভোটাৰৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্তিৰ বাবে ধন সংগ্ৰহ কৰা দালাল তথা চৰকাৰী গাঁওবুঢ়া ইৰফান আলীক আজি অভিযোগ পোৱাৰ লগে লগে মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই নিজ কাৰ্যালয়তে আৰক্ষীক হাতত গতাই দিলে চৰকাৰী গাঁওবুঢ়াক। এইবাৰ ভোটাৰ তালিকাত জালিয়াতি কৰিবলৈ গৈ জিলা আয়ুক্তৰ হাতত ধৰা পৰিল এজন চৰকাৰী গাঁওবুঢ়া। চৰকাৰী গাঁওবুঢ়া ইৰফানে এজন এজন ডি ভোটাৰৰ গোচৰ নোহোৱা কৰি ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত প্ৰলোভন দি ২১ হাজাৰ টকা ঘোচ লোৱাৰ বিষয়ে বি এ অৰ পৰা অভিযোগ লাভৰ পিছতে আজি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই নিজ Greatly মাটি আনি আৰক্ষীক গতাই দিয়ে। ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে গাঁওবুঢ়াজনক।
প্ৰেৰক প্ৰাঞ্জল দাস