নিয়মীয়া বাৰ্তা, ২৪ আগষ্ট : বড়ো গল্প সাহিত্যৰ বাবে সাহিত্য অকাডেমীৰ যুৱ বঁটা লাভ কৰিছে বাক্সা জিলাৰ ওদালগুৰি গাঁও নিৱাসী তথা ষ্টেট বেংক অব ইণ্ডিয়াৰ শিমলা শাখাৰ অস্থায়ী কৰ্মচাৰী অলংবাৰ মুছাহাৰীয়ে। ৰাভা মুছাহাৰী আৰু ললিতা মুছাহাৰীৰ সন্তান অলংবাৰ মুছাহাৰীয়ে এইবেলি তেঁওৰ ২০১৮ চনত প্ৰকাশিত গল্প সংকলন “গাং ফুজানায় মাছে দাউ” নামৰ গল্প সংকলনৰ বাবে সাহিত্য অকাডেমীৰ যুৱ বঁটা লাভ কৰিছে। তেওঁ ইতিমধ্যে কবিতা পুথি দৌংসে লামা (২০১৪), গল্প সংকলন ক্ৰমে সৌৰমিলাংনায় গাংসে বিলাই (২০১৭), আদ্ৰা জীউনি বিসম্বি (২০১৮), অডালগুৰি গামি সুংদ’ জাৰিমিন (২০১৮) আৰু গল্প সংকলন ” দায়নি সাজা” (২০২১) প্ৰকাশ কৰিছে।
প্ৰেৰক দিগন্ত দাস