নিয়মীয়া বাৰ্তা, ২২ আগষ্ট: অৱশেষত চৰ্তৰ বিনিময়ত কাছাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ সিদ্ধাৰ্থ শংকৰ নাথক দেওবাৰে নিশাৰ ভাগত জামিন মঞ্জুৰ হয়। উল্লেখ্য যে ৰাজ্য চৰকাৰৰ চতুৰ্থ শ্ৰেণীৰ পদৰ নিযুক্তি পৰীক্ষাত বিসংগতিৰ অভিযোগত আৰক্ষীয়ে কাছাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ সিদ্ধাৰ্থ শংকৰ নাথক গ্ৰেপ্তাৰ কৰিছিল।জিলা উপায়ুক্ত ৰোহন কুমাৰ ঝাৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে অধ্যক্ষ গৰাকীক গ্ৰেপ্তাৰ কৰিছিল। কাছাৰ কলেজ পৰীক্ষা কেন্দ্ৰত পৰীক্ষা পৰিচালনাৰ ক্ষেত্ৰত গুৰুতৰ অনিয়ম দেখিবলৈ পাই উপায়ুক্তই শিলচৰ সদৰ থানাত এফ আই আৰ দাখিল কৰে। জিলা উপায়ুক্তৰ পৰা গোচৰ লাভ কৰাৰ পিছতে পৰীক্ষা অনুষ্ঠিত কৰাত হোৱা বিসংগতি দেখি আৰক্ষীয়ে অধ্যক্ষ নাথক গ্ৰেপ্তাৰ কৰে। অইন পিনে অধ্যক্ষ সিদ্ধাৰ্থ শংকৰ নাথে তেওঁৰ অনুপস্থিতিত কলেজৰ এগৰাকী অধ্যাপক স্বদেশৰঞ্জন দাসক পৰীক্ষাৰ প্ৰশ্ন আনিবলৈ পঠাইছিল। তেখেত পলমকৈ প্ৰশ্নকাকত আনিবলৈ যোৱাৰ সময়ত উপায়ুক্ত ৰোহন কুমাৰ ঝায়ে অপদস্থ কৰিছে বুলি অভিযোগ উত্থাপিত হৈছিল। উপায়ুক্তই তেওঁকো গ্ৰেপ্তাৰ কৰিব বুলি হুমুকী দিছিল। এই ঘটনা পোহৰলৈ অহাৰ পিছত অৰ্থাৎ উপায়ুক্ত ৰোহন কুমাৰ ঝা’ৰ বিৰুদ্ধে কাছাৰ কলেজৰ অধ্যাপক স্বদেশ কুমাৰ দাস’ক শাৰীৰিক নিৰ্যাতনৰ অভিযোগৰ ঘটনাক কেন্দ্ৰ কৰি আজি গোটেই দিন কাছাৰ কলেজ’ত এক চেপা উত্তেজনাৰ সৃষ্টি হয়। দুপৰীয়াৰ ভাগত এই ঘটনাক কেন্দ্ৰ কৰি কলেজৰ একাংশ ছাত্ৰ ছাত্ৰী সকল উত্তেজিত হৈ পৰে। চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ প্ৰশ্ন কাকত সংগ্ৰহ কৰিবলৈ সামান্য পলমকৈ উপস্থিত হোৱাৰ ফলত অধ্যাপক স্বদেশ কুমাৰ দাস’ক পলম হোৱাৰ কাৰন সুধি কানত ধৰাই উঠা বহা কৰোৱা হৈছিল বুলি উপায়ুক্ত ৰোহন কুমাৰ ঝা’ৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে । এগৰাকী অধ্যাপকৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলোৱাৰ ঘটনাক কেন্দ্ৰ কৰি কাছাৰ কলেজত দফাই দফাই সভা অনুষ্ঠিত হৈছে । ছাত্ৰ ছাত্ৰীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাত কলেজ কতৃপক্ষই বাধ্য হৈ আৰক্ষী মোতায়েন কৰে । অৱশ্যে বিয়লি পৰ্যন্ত কলেজত কোনো ধৰণৰ অঘটন সংঘটিত হোৱা নাই। ইপিনে কালি কাছাৰ কলেজৰ অধ্যক্ষক গ্ৰেপ্তাৰৰ ঘটনা অতি দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে অসম বিশ্ববিদ্যালয় শিক্ষক সন্থাই। কাছাৰ কলেজৰ অধ্যক্ষক অনানুষ্ঠানিকভাৱে আটক কৰি ৰখাৰ লগতে একেখন মহাবিদ্যালয়ৰ এগৰাকী শিক্ষকক পৰীক্ষাৰ সামগ্ৰী সংগ্ৰহ কৰাত পলম হোৱাৰ অভিযোগত জিলা উপায়ুক্তই শাৰীৰিক নিৰ্যাতন চলোৱাক তীব্ৰ ভাষাৰে গৰিহণা দিছে অসম বিশ্ববিদ্যালয় শিক্ষক সন্থাই। সন্থাৰ মতে, উপযুক্ত তদন্ত অবিহনে শিক্ষকৰ ওপৰত নিৰ্যাতন গণতন্ত্ৰৰ বাবে অত্যন্ত ক্ষতিকাৰক। এই দিনা উক্ত ঘটনাৰ প্ৰতিবাদ জনাই বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু সন্থাৰ বিষয়ববীয়া সকলে কলা দিৱস পালন কৰিছে। ইপিনে কাছাৰত অনুষ্ঠিত হোৱা চতুৰ্থ শ্ৰেণীৰ পদৰ নিযুক্তি পৰীক্ষাৰ দিনা বৰাক উপত্যকাত তীব্ৰ জানযটৰ বাবে ৫৫২৮ গৰাকী পৰীক্ষাৰ্থী অনুপস্থিত আছিল।