🔹 অসম কৃষি বিশ্ববিদ্যালয়ৰ ৩১সংখ্যক আন্ত:মহাবিদ্যালয় সমাৰোহ
বিশেষ বাৰ্তা, ২৮ মাৰ্চ : পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, খানাপাৰাই শেহতীয়াকৈ সমাপ্ত হোৱা অসম কৃষি বিশ্ববিদ্যালয়ৰ ৩১সংখ্যক আন্ত:মহাবিদ্যালয় সমাৰোহত শ্ৰেষ্ঠ মহাবিদ্যালয়ৰ বঁটা লাভ কৰে। অসমৰ ভিন্ন প্ৰান্তত থকা বিশ্ববিদ্যালয়ৰ অধীনৰ ৯খন মহাবিদ্যালয়ৰ পৰা ৬ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে এই সমাৰোহৰ বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। বিভিন্ন খেলৰ উপৰি তৰ্ক, কুইজ, আকস্মিক, শৰীৰচৰ্চা, গীত, নৃত্য, নাট ইত্যাদিকে ধৰি প্ৰায় ৫৩টা শিতানত প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হৈছিল। বিভিন্ন শিতানত উৎকৃষ্ট প্ৰদৰ্শনেৰে পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, খানাপাৰাক প্ৰতিনিধিত্ব কৰা ছাত্ৰ-ছাত্ৰীসকল উজলি উঠে। উল্লেখযোগ্য যে সমাৰোহত মহাবিদ্যালয়ৰ ত্ৰিদিশা দাসে শ্ৰেষ্ঠ গায়িকা, আৰিন মুন্না গগৈ শ্ৰেষ্ঠ অভিনেতা, অভিনৱ গৌতমে শ্ৰেষ্ঠ পাঞ্জা খেলুৱৈ, ভূমিকা বসুমতাৰী দ্ৰুততম নাৰী, ডা: নয়নদ্বীপ কলিতা শ্ৰেষ্ঠ তাৰ্কিক ৰূপে বিবেচিত হয়। আজি খানাপাৰাস্থিত মহাবিদ্যালয় চৌহদত উপস্থিত হোৱা প্ৰতিযোগী ছাত্ৰ-ছাত্ৰীক উষ্ম আদৰণি জনোৱা হয়। মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাৰ উপস্থিতিত অনুষ্ঠিত এক সভাত বিজ্ঞানগুৰু ড০ বিবেকানন্দ শইকীয়াই প্ৰতিযোগিতাত অংশ লৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰি এই ধাৰা অটুট ৰাখিবলৈ আহ্বান জনায়। তেওঁ লগতে তত্ত্বাৱধায়ক অধ্যাপক-অধ্যাপিকাসকলৰো শলাগ লয়।