নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাবিদ্যালয় সপ্তাহ উপলক্ষে ঢকুৱাখনা কলেজৰ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা

নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰী : জনগোষ্ঠীয় নৃত্য-গীত,অসমৰ চহকী কলা-সংস্কৃতিৰ বৰ্ণময় সমাহাৰেৰে আজি মুখৰ হৈ পৰিল ঢকুৱাখনাৰ ৰাজপথ। উত্তৰ অসমৰ ঐতিহাসিক শিক্ষানুষ্ঠান ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্বশাসিত)ৰ শিক্ষাৰ্থীসকলে ৫৮ সংখ্যক মহাবিদ্যালয় সপ্তাহ উপলক্ষে উলিওৱা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাত জীপাল হৈ পৰিল ঢকুৱাখনা নগৰ।২৭ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা মহাবিদ্যালয় সপ্তাহ উপলক্ষে বুধবাৰে তৃতীয় দিনৰ প্ৰথম কাৰ্যসূচী বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে শুভাৰম্ভ কৰা হয়। ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু মহাবিদ্যালয়খনৰ সকলো শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্রা অধ্যক্ষ ড০ যোগানন্দ সূত আৰু অধ্যাপক-অধ্যাপিকাৰ লগতে একাংশ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে নৰ্থ বেংক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক তথা সাংস্কৃতিক কৰ্মী শুভ দাসে। শোভাযাত্ৰা উদ্বোধন কৰি অধ্যাপক দাসে কয় যে সংস্কৃতি সমন্বয়ৰ সোপান৷ইয়াকে সৰোগত কৰি অসমৰ সকলো অনুুুষ্ঠান-প্ৰতিষ্ঠানে লোক-সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্ব দিলে জাতীয় সংহতি ৰক্ষা পৰিব৷তেওঁ লগতে মহাবিদ্যালয়ত আয়োজিত মহাবিদ্যালয় সপ্তাহৰ বিভিন্ন প্ৰতিযোগিতাসমূহত ছাত্ৰ-ছাত্ৰীসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি নিজৰ বৌদ্ধিক, মানসিক তথা ক্ৰীড়াক্ষেত্ৰৰ প্ৰতিভাৰ প্ৰতিফলন ঘটায় বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে। পুৱা ১০.৩০ বজাত মহাবিদ্যালয়ৰ বাকৰিৰ পৰা বৰ অসমৰ বাৰেবৰণীয়া সংস্কৃতিৰ লগতে লোককৃষ্টি, পৰম্পৰা- লোকাচাৰ আৰু ঐতিহ্য প্ৰদৰ্শনৰে উলিওৱা এই শোভাযাত্ৰাৰ বিষয়বস্তুৱে ৰাইজক আকৰ্ষণ কৰে।সাম্প্ৰতিক সময়ৰ হোৱা বহুকেইটা সমস্যা পৰিৱেশ সংৰক্ষণ, প্লাষ্টিক বৰ্জনৰ ওপৰত সজাগতা সৃষ্টিৰ উপৰিও তাঁতশাল, বিহুৰ লোকাচাৰ, অসমৰ গ্ৰামাঞ্চলৰ জীৱন ধাৰাৰ জীৱন্ত প্ৰতিচ্ছবি,অসমৰ লুপ্তপ্ৰায় সংস্কৃতিৰ পৰা বিবাহ পদ্ধতি, মাছ ধৰা, শিক্ষা ব্যৱস্থাৰ বিভিন্ন বিষয়-বস্তুৰ সুন্দৰ প্ৰতিফলন ঘটায় মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে৷ সাংস্কৃতিক শোভাযাত্ৰাত মিচিং,দেউৰী,সোণোৱাল কছাৰী আদি বিভিন্ন জাতি-জনগোষ্ঠীৰ কলা-কৃষ্টি,নৃত্য আদি উপস্থাপন তথা পৰিবেশনে শোভাযাত্ৰা কৰি তোলে আকৰ্ষণীয় তথা দৃষ্টিনন্দন।তদুপৰি সাহিত্য-সংস্কৃতিৰ পৰা বিজ্ঞানলৈ,লোকাচাৰৰ পৰা আৰম্ভ কৰি ইতিহাস-বুৰঞ্জীলৈ বিভিন্ন বিষয়ে স্থান পালে উন্মিলন শীৰ্ষক এই সাংস্কৃতিক শোভাযাত্ৰাত। ঢকুৱাখনাৰ দহ গৰাকী বৰেণ্য ব্যক্তিৰ জীৱন গাঁথাক উপস্থাপন কৰিলে ইতিহাস বিভাগে।মানৱ মূৰ্ত্তিৰে দেখা গ’ল ঢকুৱাখনাৰ সু-সন্তান কথাশিল্পী- সাংবাদিক হোমেন বৰগোহাঞি,টাবুৰাম টাইডৰ পৰা স্বাধীনতা সংগ্ৰামী ইন্দিৰা মিৰি,অকণবালা দাসলৈ।বৰ্তমানে সমাজত হৈ থকা কেতবোৰ ঘটনাৱলীও শোভাযাত্ৰাৰে মাজেৰে প্ৰতিফলিত কৰে মহাবিদ্যালয়খন একাংশ শিক্ষাৰ্থীয়ে।পৰিৱেশ সংৰক্ষণৰ ওপৰত সজাগতাৰ সৃষ্টিৰ প্ৰতীকী উপস্থাপনে বিশেষ মাত্ৰা প্ৰদান কৰে সাংস্কৃতিক শোভাযাত্ৰাত।মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দলং আৰু ইয়াৰ উপনৈসমূহৰ বিষয় হিচাপে লৈ আগবাঢ়িল মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল।দেখা গ’ল এতিয়া সততে নেদেখা পলুৱাই নিয়া বিবাহৰ পৰম্পৰা। আজিৰ এই শোভাযাত্ৰাত দেখা পোৱা দৃশ্য সমূহে প্ৰতিফলিত কৰিলে এটা এটা সময়ক। শোভাযাত্ৰাৰ দৃশ্যাৱলীয়ে প্ৰতিনিধিত্ব কৰিলে একোখন সমাজক।মহাবিদ্যালয়সমূহত আয়োজিত কৰা এই অনুষ্ঠানসমূহ যেন শিপাক নতুন প্ৰজন্মক চিনাকি কৰাই দিয়াৰ ঐকান্তিক প্ৰয়াস। সকলো আশাবাদী চলি থাকক অহৰহ।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like